বৰপেটা চহৰত শ্ৰী শ্ৰী মহাবীৰ হনুমান মন্দিৰৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন

বৰপেটা চহৰত শ্ৰী শ্ৰী মহাবীৰ হনুমান মন্দিৰৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰপেটা চহৰত ড. বি. কে.কে পথত থকা শতিকা গঢ়কা হনুমান মন্দিৰৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰা হয়। ৰাতিপুৱাৰ পৰাই মন্দিৰৰ চৌহদত অগণন ভক্তৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। মহাবীৰ হনুমানৰ শ্ৰীচৰণত সেৱা জনোৱাৰ উদ্দেশ্যে বহু দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ আগমন হয়। উল্লেখযোগ্য যে এসময়ত বিহাৰৰ পৰা অহা এজন ব্যবসায়ী চণ্ডী প্ৰসাদ দেৱে এই মন্দিৰৰ স্হাপন কৰিছিল।