ব্ৰহ্মপুত্ৰৰ তলিয়েদি নির্মাণ হবলগীয়া প্ৰস্তাৱিত সুৰংগ পথটোৰ বাবে ৰাজ্য চৰকাৰে অনুমোদন জনাই ৬ হাজাৰ ৫৫০ কোটি টকা

pc News Move

ব্ৰহ্মপুত্ৰৰ তলিয়েদি নির্মাণ হবলগীয়া প্ৰস্তাৱিত সুৰংগ পথটোৰ বাবে ৰাজ্য চৰকাৰে অনুমোদন জনাই ৬ হাজাৰ ৫৫০ কোটি টকা

অনলাইন বাৰ্ত্তাসেৱা – ব্ৰহ্মপুত্ৰৰ তলিয়েদি নির্মাণ হবলগীয়া প্ৰস্তাৱিত সুৰংগ পথ সম্পৰ্কত সীমান্ত পথ সংস্থাৰ অতিৰিক্ত সঞ্চালক প্রধান পি. কে. এইচ. সিঙে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আগত নক্সা প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে সুৰংগ পথটোৰ বাবে ৰাজ্য চৰকাৰে ৬ হাজাৰ ৫৫০ কোটি টকা অনুমোদন জনাইছে। এই সুৰংগ পথটোৱে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ জামুগুৰিহাট আৰু দক্ষিণ পাৰৰ শিলঘাটত সংযোগ কৰিব। এই সুৰংগ পথটোৱে অসমৰ যোগাযোগৰ দৃশ্যপট সলনি কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ শর্মাই কালি প্রস্তাৱিত সুৰংগ পথটোৰ সন্দৰ্ভত অতিৰিক্ত সঞ্চালকপ্ৰধানগৰাকীয়ে আগবঢ়োৱা উপস্থাপনত সন্তুষ্টি প্রকাশ কৰে।