পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি বিভাগৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

pc Wikipedia

পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি বিভাগৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা – মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি বিভাগৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্রী ড০ শৰ্মাই ৰাজ্যৰ পেঞ্চনাৰসকলক সর্বোৎকৃষ্ট সেৱা প্ৰদানৰ বাবে এটা সংহত পদ্ধতি অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। অৱসৰৰ পাছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক পেঞ্চন প্ৰদানৰ দিশত যুগান্তকাৰী পৰিৱৰ্তন অনাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে বিভাগটোক এই নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে এই বৈঠকত পেঞ্চন সম্পৰ্কীয় সকলো নথি কৃতজ্ঞতা পোর্টেলৰ জৰিয়তে অনলাইন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ বাবে সকলো জিলাৰ চৰকাৰী বিভাগত সেৱা কেন্দ্ৰ স্থাপন কৰা হ’ব, যাতে শিক্ষা বিভাগকে ধৰি সকলো বিভাগে পেঞ্চন সম্পৰ্কীয় নথি অনলাইনযোগে দাখিল কৰিব পাৰে। তদুপৰি পেঞ্চন সংক্রান্তীয় বিষয়সমূহৰ বিভিন্ন প্রয়োজন পূৰণ কৰিবলৈ পেঞ্চন সঞ্চালকে ডিজিটেল স্বাক্ষৰ ব্যৱহাৰ কৰিব বুলিও বৈঠকত কোৱা হয়। কোনো চৰকাৰী কৰ্মচাৰীৰ ৩ লাখ টকালৈকে অতিৰিক্ত আদায় থাকিলে বিষয়টোৰ গুৰুত্ব অনুসৰি পেঞ্চন সঞ্চালকক ৰেহাই সম্পৰ্কীয় সিদ্ধান্ত প্ৰদানৰ কৰ্তৃত্ব দিয়া হ’ব। চৰকাৰী কৰ্মচাৰীগৰাকীৰ অৱসৰ গ্ৰহণৰ দিনটোৰ এবছৰ পূৰ্বৰে পৰা পেঞ্চনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তদুপৰি, এতিয়াৰে পৰা পেঞ্চনাৰসকলে তেওঁলোকৰ জীৱিতৰ প্ৰমাণ-পত্ৰ বা লাইফ চার্টিফিকেট জীৱন প্ৰমাণ নামৰ বায়’মেট্ৰিকছ সেৱাৰ জৰিয়তে সংশ্লিষ্ট বেংকৰ শাখাসমূহত দাখিল কৰিব পাৰিব। ৰাজ্য চৰকাৰে এই সম্পৰ্কত প্ৰয়োজনীয় জাননী জাৰি কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।