ব্রহ্মপুত্র ৰিভাফ্ৰণ্টৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে

ব্রহ্মপুত্র ৰিভাফ্ৰণ্টৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্রীয় গৃহ পৰিক্ৰমা আৰু সমবায় মন্ত্রী অমিত শ্বাহে ব্রহ্মপুত্র ৰিভাফ্ৰণ্টৰ শুভ উদ্বোধন কৰে।প্রথম পর্যায়ত ৩৬ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰি উলিওৱা গুৱাহাটীৰ নৈপৰীয়া নৈসর্গিক শোভাবর্ধনৰ বাবে ব্রহ্মপুত্র ৰিভাৰফ্রন্ট প্ৰকল্পৰ দ্বিতীয় পর্যায়ত ৩৫.৮৫ কোটি টকা ব্যয় কৰা হ’ব। কেন্দ্রীয় গৃহমন্ত্রীয়ে প্রকল্পটোত থকা ঐতিহাসিক পদুমপুখুৰীত আলংকৰিক মাছ এৰি দিয়াৰ লগতে ৰিভাৰফ্রণ্টৰ সৌন্দৰ্যও উপভোগ কৰে। প্রণিধানযোগ্য যে আটকধুনীয়া গ্রেনাইটৰ কাৰুকাৰ্য, মনোৰম সৌন্দর্য, সেউজ মুকলি ঠাই, খোজকঢ়া আৰু জ’গিং ট্রেক, সংকেতযুক্ত ফলক আৰু পোহৰৰ সু-ব্যবস্থা, পূর্ণ নিৰীক্ষিত এলেকা, নৈ দৰ্শনৰ স্থান, মহাবাহু ব্রহ্মপুত্র নদ ঐতিহ্য কেন্দ্রৰ সৈতে একত্রীকৰণ, নৈৰ পাৰৰ মাটিৰ স্থিৰতা আৰু চৌহদ বাতান্বিতকৰণকে ধৰি পদুমপুখুৰীৰ পুনঃনির্মাণ এই প্রকল্পৰ অন্যতম বৈশিষ্ট্য। উক্ত এই অনুষ্ঠানত গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্রী অশোক সিংহল, সাংসদ কুইন ওজা আৰু প্ৰদান বৰুৱাকে ধৰি কেইবাগৰাকী বিধায়কৰ লগতে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ অধ্যক্ষ নাৰায়ণ ডেকা, কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লা, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড° ৰবি কোটা, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব সমীৰ কুমাৰ সিনহা, আৰক্ষী সঞ্চালকপ্রধান জি পি সিং প্রমুখ্যে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।