ব্যৰ্থ প্ৰেমিকৰ ফাগুন – নাছিৰ আহমেদ

 ব্যৰ্থ প্ৰেমিকৰ ফাগুন

নাছিৰ আহমেদ, শিমলাবাৰী ,গোৱালপাৰা
কেতিয়াবা কেতিয়াবা চিনাকি সুৰ
অচিন পখী হৈ দিগন্তলৈ হেৰাই যায় ;
যেনেকৈ চিনাকি অতি মৰমৰ মুখখন
ক’লা ডাৱৰৰ আঁৰত লুকায়
ধুমুহাৰ আগ জাননী পালেই!
   বহুতৰে গালে -মুখে ফাগুনে সানি দিয়ে
ৰূপ-ৰস-সৌন্দৰ্য্যৰ নানা ৰং
    ব্যৰ্থ প্ৰেমিকে পায় মাথোঁ হোলাহল
প্ৰেমৰ সাগৰ মন্থন কৰি।
চিনাকি সুৰ হেৰাই গল,
হেৰাই গল চিনাকি মুখ
টিলিঙা বজাই বজাই
আহি থকা গৰু গাড়ীখনত
 হেজাৰ দিনৰ আকুল অপেক্ষাৰ অন্তত
ফাগুনে ৰং সানি দিয়া
ব্যৰ্থ প্ৰেমিকৰ চিনাকি সুৰ আৰু মুখ
 আহি পালেহি নে ?
নে, এয়াও মৰুভূমিৰ মৰীচিকা মাথোঁ ??
    ( এই কবিতাৰ দেশী ভাষাত অনুবাদ )
কোনো কোনো সময়
চেনা পাখী হাৰে যায় দিগন্তত;
যেমন কৰি  আদৰেৰ চেনা মুখ খান
কালা মেঘেৰ আউন্দালত লুকায়
হুৰকা বাতাস আইসবেৰ ধৰলে।
কাৰো কাৰো গালে -মুখে
মনেৰ হাউসত ফাগুনে মাখি দেয়
ৰূপ -ৰস সৌন্দৰ্য্যেৰ নানা ৰং
ব্যৰ্থ প্ৰেমিকেৰ ভাগ্যত  হলাহল ;
প্ৰেমেৰ সাগৰ সিঁচি সিঁচি!
হাৰে গেইল চিনা সুৰ,
হাৰে গেইল চেনা মুখ
টিলিং টিলিং কৰি আসি থাকা গৰু গাড়ীত
ফাগুনে মনেৰ সাধে ৰং মাখা
ব্যৰ্থ প্ৰেমিকেৰ চেনা সুৰ আৰ চেনা মুখ
হাজাৰ দিনেৰ আকুল অপেক্ষাৰ অন্তত
ঘূৰি আসিল না কি ?
 না এইটাও মৰূভূমিৰ মৰীচিকা মাত্ৰ??