ব্যক্তিত্ব – সংযুক্তা দত্ত

ব্যক্তিত্ব

 সংযুক্তা দত্ত

ব্যক্তি বিশেষে ব্যক্তিত্ব বেলেগ বেলেগ হয়। ব্যক্তিত্ব হৈছে মানুহৰ এনে এক গুণ ই যিকোনো সময়ত যিকোনো মানুহক সহজতে আকৰ্ষণ কৰিব পাৰে । মানুহে ব্যক্তিত্ব কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰে । এজন ব্যক্তিৰ লগত কথা পাতিলেই বুজিব পাৰি তেখেতৰ ব্যক্তিত্বৰ কথা। আমি যে কওঁ মানুজন/মানুহগৰাকীৰ লগত কথা পাতি ভাল লাগিল বুলি । আচলতে কথা পাতি ভাল লাগিল নে তেখেতৰ ব্যক্তিত্বটো ভাল লাগিল ?
প্ৰকৃততে ব্যক্তিত্বটো হে ভাল লাগে কথা পাতি নহয়। নহ’লেটো কথা পতাৰ পাছত মানুহে এনেকৈ নকয় মানুহজন বৰ কামোৰ আছিল । ব্যক্তিত্ব হৈছে এপাহ ফুলৰ দৰে যি আঁতৰৰ পৰাই দৃষ্টি নিক্ষেপ কৰে। কিন্তু ওচৰলৈ গ’লেহে তাৰ সুগন্ধি পোৱা যায়। আমি এজনে আনজনৰ ব্যক্তিত্ব কেতিয়াও ল’ব নোৱাৰোঁ। সেইকাৰণেটো কোৱা হয় – ব্যক্তি বিশেষে ব্যক্তিত্ব বেলেগ বেলেগ ।