বেয়া সময়বোৰে এজন শক্তিশালী মানুহৰ নিৰ্মাণ কৰে – চন্দ্ৰ শেখৰ পৰাজুলী

বেয়া সময়বোৰে এজন শক্তিশালী মানুহৰ নিৰ্মাণ কৰে

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আচলতে আমি শুনিবলৈ শুৱলা নহয় যদিও গভীৰভাৱে বিশ্লেষণ কৰি চালে গম পাওঁ যে, এজন ব্যক্তিৰ ব্যক্তিগত জীৱনবোৰত জীৱন যিমানেই জটিলতাৰে আবৰি থাকে সিমানেই সেই সমূহ মানুহে আৰু অধিক শক্তিশালী ৰূপত ঠিয় দিবলৈ সক্ষম হোৱা পৰিলক্ষিত হয়। কাৰণ বেয়া সময়বোৰে এজন শক্তিশালী মানুহৰ নিৰ্মাণ কৰে । আনহাতে এজন মানুহৰ ভাল সময়বোৰে এজন দূৰ্বল মানুহৰ সৃষ্টি কৰা দেখা যায়।এদিন আমাৰ দৰে সাধাৰণ মানুহ এজনে আৰবৰ বহু ধনী মানুহ এজনক প্ৰশ্ন কৰিলে ? আগতে আপোনালোকৰ লগত যাতায়তৰ সাধনৰ বাবে কেবল উট এটাৰ বাহিৰে আন একোৱেই নাছিল। কিন্তু আজিকালি আপোনালোকৰ হাতত টকায়ে টকা। বহুত ধুনীয়া ধুনীয়া গাড়ী আৰু‌ লগতে বহুত দামী দামী উন্নত মানৰ উৎপাদন সমূহে আপোনালোকৰ ব্যক্তিত্বৰ সু্ন্দৰতৰা আগতকৈ আৰু অধিক ৰূপত বৃদ্ধি কৰিছে। এতিয়া মোৰ প্ৰশ্নটো হ’ল ? আপোনালোৰ হাততেই যদি বিশ্বৰ ভিতৰতে উন্নত মানৰ সকলোধৰণৰ উৎপাদন উপলব্ধ আছে তেন্তে আপোনালোকৰ নাতি, পুতেকহতৰ হাতত আৰু কি কি যে নাথাকিব ? এই প্ৰশ্নটোৰ উত্তৰৰ সেই আৰবৰ ধনী মানুহ গৰাকীয়ে তৎকালীন ভাবে কৈছিল যে,সিহঁতে এসময়ত গৈ গৈ আকৌ উট এটাৰ পৰায়ে আৰম্ভণি কৰিব লাগিব। কাৰণ আমাৰ হাতত এতিয়া যিবিলাক উন্নত মানৰ সামগ্ৰী  সমূহ দেখিছে এই সকলোবোৰ আমি বহু কষ্টৰ বিনিময়ত সংগ্ৰহ কৰা। কিন্তু আমাৰ উত্তৰাধিকাৰী সকলে যেতিয়া এইবোৰ সামগ্ৰীবোৰ পাবলৈ কোনো কষ্ট কৰিবলগীয়া নহয় তেতিয়া তেওঁলোকে এই সামগ্ৰীসমূহৰ উচিত মুল্য বুজি নাপাব আৰু লাহে লাহে তেওঁলোকৰ হাতৰ পৰা সকলোবোৰ সামগ্ৰী হেৰাই পেলাব।সাঁচকৈ এজন শক্তিশালী মানুহ হিচাপে গঢ় লবলৈ হ’লে বহু পৰিশ্ৰম,বহু সংঘৰ্ষ বহু জটিলতাবোৰ পৰা কৰি যাবই লাগিব। গতিকে আপোনাৰ জীৱনত যদি সমস্যা মাজত সমস্যা উদ্ভাৱন হৈ আহিছে তেন্তে আপুনি ভগৱানক দোষাৰোপ কৰাতকৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰক। কাৰণ আপুনি জীৱনত পোৱা জটিলতা সমূহে এদিন শক্তিশালী মানুহ ৰূপত নিজকে গঢ়ি তুলিবলৈ সক্ষম হবগৈ।