বেকথ্ৰু চাইন্স ছ’চাইটিৰ আলোচনা চক্ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী আই আই টিত অহা মে’ত অনুষ্ঠিত হবলগীয়া আধুনিক জনজীৱন আৰু চিকিৎসা বিজ্ঞানত গো-বিজ্ঞান বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ বিৰুদ্ধে গুৱাহাটীৰ মুক্তিযুঁজাৰু ভৱনত ব্ৰেকথ্ৰু চাইন্স ছ’ছাইটিৰ , অসম চাপ্টাৰৰ উদ্যোগত এখনি আলোচনা চক্ৰ আয়োজন কৰা হয়। আলোচনা চক্ৰত সভাপতিত্ব কৰে অৱসৰ প্ৰাপ্ত শিক্ষক ইদ্ৰিজ আলি আৰু উদ্দেশ্য ব্যাখ্য আগবঢ়াই ব্ৰেকথ্ৰু চাইন্স ছ’ছাইটিৰ অসম চাপ্টাৰৰ আহ্বায়ক পিন্টু দেবনাথে। আলোচনা চক্ৰত ভাষন প্ৰদান কৰে প্ৰখ্যাত বিজ্ঞানী ,ভাটনগৰ বঁটা বিজয়ী তথা ব্ৰেকথ্ৰু চাইন্স ছ’ছাইটি, অল ইণ্ডিয়া কমিটীৰ সাধাৰণ সম্পাদক অধ্যাপক সৌমিত্ৰ বেনাৰ্জীয়ে। ভাষণত অধ্যাপক বেনাৰ্জীয়ে কয় যে জাতীয় শিক্ষা নীতি ২০২০ ৰূপায়ন আৰম্ভ হোৱাৰ পৰাই ভাৰতীয় জ্ঞান ব্যৱস্থাৰ নামত এক কল্পনা প্ৰসূত অধ্যয়ণৰ ক্ষেত্ৰখনক প্ৰসাৰিত কৰাত অহৰহ মনোনিবেশ কৰি আহিছে। বহু প্ৰতিষ্ঠান আৰু সংস্থানত উদাৰ চৰকাৰী আৰ্থিক সহায়ত ভাৰতীয় জ্ঞান ব্যৱস্থাৰ ওপৰত অধ্যয়নৰ বাবে নতুন কেন্দ্ৰ সৃষ্টি কৰা হৈছে। এই কেন্দ্ৰসমূহৰ কাৰ্যকলাপে স্পষ্ট কৰি দিয়ে নীতি নিৰ্ধাৰকসকলৰ মতে ভাৰতীয় জ্ঞান ব্যৱস্থা কি উদ্দেশ্যে গঠিত। তেওঁ কয় যে আই আই টি খড়্গপুৰৰ চেন্টাৰ অৱ এক্সেলেন্স অন ইণ্ডিয়ান নোলেজ চিষ্টেমে একেৰাহে তিনি বছৰ ধৰি কেলেণ্ডাৰ প্ৰকাশ কৰি আহিছে যিয়ে বিভিন্ন ভুৱা বৈজ্ঞানিক ধাৰণাৰ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছে। সেই অনুসৰি এতিয়া আই আই টি গুৱাহাটীৰ চেন্টাৰ ফৰ ইণ্ডিয়ান নোলেজ চিষ্টেমে ২০ -২১ মে’২০২৩ ত গৌ- বিজ্ঞান ( গৰু বিজ্ঞান) বিষয়ক এখন সন্মিলনৰ আয়োজন কৰিছে। লগতে তেওঁ দাবী কৰি কয় যে যদি কোনো পশু চিকিৎসা বিশ্ববিদ্যালয় বা পশু পালনৰ সৈতে জড়িত বিশ্ববিদ্যালয়ে গো বিজ্ঞানৰ ওপৰত বৈজ্ঞানিক সন্মিলনৰ আয়োজন কৰিলেহেতেন, তেন্তে সেয়া এটা অৰ্থত বুজিব পৰা গ’লহেতেন । কিন্তু এই বিষয়ত এখন অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ চেন্টাৰ ফৰ আই কে এছ ৰ দ্বাৰা সন্মিলন আয়োজন কৰাৰ ক্ষেত্ৰত ভিন্ন উদ্দেশ্যৰ উমান পোৱা যায়, বিশেষকৈ শেহতীয়াকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু চৰকাৰী বিষয়ববীয়াই কৰা কেইবাটাও দাবীৰ পটভূমি পৰিলক্ষিত হয়। ইতিমধ্যে বিজেপিৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটে দাবী কৰিছে গৰুৱেই একমাত্ৰ প্ৰাণী যিয়ে উশাহ-নিশাহত অক্সিজেন এৰি দিয়ে। এই প্ৰক্ষাপটত গৌ বিজ্ঞান সম্পৰ্কীয় এই সন্মিলনত বক্তাসকলে এই অবৈজ্ঞানিক দাবীসমূহক সমৰ্থন কৰিবলৈ চেষ্টা কৰিব বুলি বাস্তৱিক আশংকা প্ৰকাশ পাইছে। আমি ব্ৰেকথ্ৰু চাইন্স ছ’ছাইটিয়ে এনেধৰণৰ অবৈজ্ঞানিক ব্যক্তিগত বিশ্বাসক বিজ্ঞানৰ ৰূপ দিয়াৰ প্ৰচেষ্টাসমূহক বিৰোধিতা কৰো আৰু সকলো সচেতন ৰাইজক ইয়াৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনাওঁ।