বেংকৰ পৰা নগদ ধন উলিওৱাৰ ক্ষেত্ৰত কোনো জিএছটি নাই: বিত্ত মন্ত্ৰী সীতাৰমণ
ৰঙিলী বাৰ্ত্তাসেৱা- বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে বেংকৰ পৰা নগদ ধন উলিওৱাৰ ক্ষেত্ৰত কোনো জিএছটি নাই। তেওঁ লগতে কয় যে এটিএমৰ পৰা ১০ টা লেনদেন সম্পূৰ্ণ বিনামূলীয়া, যাৰ ভিতৰত আছে মূল বেংকৰ পৰা পাঁচটা আৰু আন বেংকৰ এটিএমৰ পৰা পাঁচটা। তেওঁ লগতে কৈছিল যে বেংকবোৰৰ ওপৰত জিএছটি আৰোপ কৰা হয় কিয়নো তেওঁলোকে প্ৰিণ্টাৰৰ পৰা চেক বহী ক্ৰয় কৰে আৰু গ্ৰাহকৰ চেকৰ ওপৰত কোনো কৰ নাই।ৃ