বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ প্ৰয়াস 

বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ প্ৰয়াস 

ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২০ ছেপ্টেম্বৰত ২০২৩ ত অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগ, জিলা নিয়োগ বিনিয়োগ কেন্দ্ৰ, মঙ্গলদৈয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত এখন সজাগতা সভা অনুস্থিত কৰে মঙ্গলদৈ জিলা কম্পিউটাৰ প্ৰতিষ্ঠানত। উক্ত অনুষ্ঠানত জিলা নিয়োগ বিনিয়োগ বিভাগৰ মুৰব্বী শ্ৰীযুত অজিতাভ বৰ্মনে উপস্থিত ছাত্ৰ ছাত্ৰীসকলৰ মাজত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত এক সজাগতা অনাৰ চেষ্টা কৰাৰ লগতে ভাৰত চৰকাৰৰ শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ৰ শ্ৰীমতী সংগীতা বৰুৱাই নেচনেল কেৰিয়াৰ চাৰ্ভিচৰ ওপৰত চমুকৈ সজাগতা বৃদ্ধিৰ চেষ্টা কৰে। উক্ত সভাত প্ৰায় ত্ৰিশ জন মান ছাত্ৰ ছাত্ৰীয়ে সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰে আৰু সকলোৰে সহযোগত সভাখনৰ সফল ভাৱে সামৰণি পৰে।