বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিৰ বৃহৎ জয়

বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিৰ বৃহৎ জয়

ৰঙিলী বাৰ্ত্তাসেৱা- বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতাসভাৰ সাধাৰণ নিৰ্বাচন আজি অনুষ্ঠিত হয়৷আজিৰ ছাত্ৰ একতাসভাৰ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৃহৎ বিজয় লাভ কৰিবলৈ সক্ষম হয়। সভাপতি পদৰ দিকচন বসুমতাৰী জয়ী হোৱাৰ বিপৰীতে ধীৰুকল্প বৰকটকীয়ে উপ-সভাপতি পদত আৰু হিমাংশু মল্লবুজবৰুৱাই সাধাৰণ সম্পাদক পদত জয়ী হয়। ইয়াৰ ওপৰিও আলোচনী সম্পাদক পদত আকাংক্ষা অলম্ম্যান, ছাত্ৰ জিৰণি কোঠাৰ সম্পাদক ঋষিৰাজ বৰ্মন, তৰ্ক অধ্যয়ন চক্ৰৰ সম্পাদক পদত প্ৰাচুৰ্য ৰাজ ডেকা, ক্ৰিকেট সম্পাদক পদত টুটুমণি মেধি, জিম সম্পাদক পদত হৃষিকেশ মল্লিক, গুৰু ক্ৰীড়া বিভাগত দেৱজিৎ ৰাজবংশী , ফুটবল সম্পাদক পদত স্পন্দন নাথে বিজয় সাব্যস্ত কৰে৷ আনহাতে, আছু গোটৰ পৰা সাংস্কৃতিক সম্পাদক পদত মনমা দাস,ছাত্ৰী জিৰণি কোঠা পদত দীপশিখা দাস,এছ এফ আইৰ ফালৰ পৰা সহকাৰী সম্পাদক পদত আলক নৰহ,সংগীত আৰু ফাইন আৰ্ট সম্পাদক পদত টনভি ডেকা,নিৰ্দলীয় হিচাপে লঘু ক্ৰীড়া সম্পাদক পদত ফলানচিং বসুমতাৰীয়ে বিজয় সাব্যস্ত কৰে৷ আনহাতে,আছু গোটৰ পৰা সাধাৰণ সম্পাদক পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৰিতুপন দাসে বিজয় সাব্যস্ত কৰা এবিভিপিৰ ছাত্ৰ সংগঠনে আগবঢ়োৱা সাধাৰণ সম্পাদক পদৰ হিমাংশু মল্ল বুজৰবৰুৱাৰ বিৰুদ্ধে পুনৰ ভোট গ্ৰহণৰ বাবে আবেদন জনায়৷আবেদনৰ ভিত্তিত ৰিটাৰ্ণিং অফিচাৰ নিপেন্দ্ৰ ৰাম কলিতাই জানিবলৈ দিয়ে যে সোমবাৰে এই ব্যৱস্হা গ্ৰহণ কৰা হ’ব৷