বিহুনামত ব্ৰহ্মপুত্ৰৰ নাম-বৰ্ণনা- মুনিন্দ্ৰ বৈশ্য

Pc Guwahati

বিহুনামত ব্ৰহ্মপুত্ৰৰ নাম-বৰ্ণনা

মুনিন্দ্ৰ বৈশ্য, ওদালগুৰি

পানীয়েই প্ৰাণীৰ প্ৰাণ। অকল প্ৰাণীৰেই নহয়, সৃষ্টিৰ বাবে অপৰিহাৰ্য তিনিটা প্ৰধান উৎস বায়ু, পানী আৰু মাটিৰ ভিতৰত পানী অন্যতম। মানুহৰ বাবেতো পানী আৰু বেছি প্ৰয়োজন। আনকি মানুহৰ দেহত তেজতকৈও পানীৰ পৰিমাণ অধিক। সেইবাবেই হয়তো মানৱ সভ্যতাৰ পুলিটোইও গজালি মেলিছিল নদীৰ পাৰতেই।

আদিম মানৱক আধুনিক ৰূপ দিয়াত নদীসমূহৰ প্ৰভাৱেই আটাইতকৈ বেছি। মানৱ ইতিহাসত যিকেইটা সভ্যতাই মানুহৰ আলোকময় যাত্রাক চিৰজ্যোতিষ্মান কৰি তুলিছে, সেই আটাইকেইটা সভ্যতাৰে সবল বুনিয়াদ ৰচনা হৈছিল নদীৰ পাৰত। গতিকে নদী-মানুহৰ সম্পৰ্ক চিৰন্তন; নদীক বাদ দি মানুহৰ জীৱন অসম্পূৰ্ণ।

বেবিলনীয় সভ্যতা গঢ় লৈছিল টাইগ্ৰীছ আৰু ইউফ্ৰেটিছ নদীক কেন্দ্ৰ কৰি। সেইদৰে নীল নদীক কেন্দ্ৰ কৰি মিছৰীয় সভ্যতা, সিন্ধু নদীক কেন্দ্ৰ কৰি সিন্ধু বা হিন্দু সভ্যতা, হোৱাংহো আৰু ইয়াং চিকিয়াং নদীৰ পাৰত চীনা সভ্যতাই লহপহকৈ ঠন ধৰি উঠিছিল।

একেদৰে পৃথিৱীৰ আটাইতকৈ চহকী আৰু বিখ্যাত মহানগৰসমূহৰ জন্ম নদীৰ পাৰত; য’ত এই চহৰসমূহে মানৱ সভ্যতাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সৰ্বোৎকৃষ্ট চানেকি বহন কৰি আছে। মানুহৰ আকাশলংঘী সফলতাৰ উজ্জ্বল স্বাক্ষৰ বহন কৰা সেই চহৰসমূহ হৈছে― ইৰাকৰ টাইগ্ৰীছ নদীৰ পাৰৰ বাগদাদ চহৰ, ইংলেণ্ডৰ টেমছ নদীৰ পাৰৰ লণ্ডন, ফ্ৰান্সৰ ছিয়েন নদীৰ পাৰৰ পেৰিছ, জাৰ্মানীৰ স্প্ৰী নদীৰ পাৰৰ বাৰ্লিন, আমেৰিকাৰ হাডছন নদীৰ পাৰৰ নিউয়ৰ্ক আৰু থাইলেণ্ডৰ মেনাম নদীৰ পাৰৰ বেংকক চহৰ পৃথিৱী বিখ্যাত। একেদৰে গঙ্গা, যমুনা, সৰস্বতী, গোদাবৰী, কাবেৰী, নৰ্মাদা, শতদ্রু, কাবেৰী, ইৰাৱতী, ব্ৰহ্মপুত্ৰ আদি নদীসমূহে ভাৰতীয় সভ্যতাৰ অগ্ৰগামী যাত্ৰাত কিমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। হিমালয়ৰ বুকুত জন্ম লোৱা মহাবহু ব্ৰহ্মপুত্ৰ অসমৰ মাজেৰে নিৰৱছিন্নভাৱে বৈ আছে যুগ যুগান্তৰ ধৰি। ব্ৰহ্মপুত্ৰ কেৱল এখন নদীয়েই নহয়, ই অসমীয়া মানুহৰ স্বাভিমান, অসমীয়া মানুহৰ গৌৰৱ। ব্ৰহ্মপুত্ৰই কেৱল পানীয়েই দিয়া নাই, দিছে অসমীয়া মানুহক প্ৰাণ আৰু দিছে চিনাকি। এই ভৰা ব্ৰহ্মপুত্ৰৰ বুকুতেই অসীম বীৰত্বৰে যুঁজি মহানায়ক লাচিত বৰফুকনে মোগলক পৰাস্ত কৰি জাতিটোৰ অস্তিত্ব চিৰস্থায়ী কৰিছিল। ব্ৰহ্মপুত্ৰক সাক্ষী কৰিয়েই ইয়াৰ দুয়োপাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ সমন্বয়ত গজি উঠিছে বৃহত্তৰ অসমীয়া সমাজখন। অসমীয়া সমাজ গঠন, উত্তৰণ আৰু গ্রগতিত মহাবহু ব্ৰহ্মপুত্ৰই পালন কৰিছে যুগান্তকাৰী ভূমিকা। ব্ৰহ্মপুত্ৰৰ বুকুয়েদি বৈ যোৱা প্ৰতিটোপাল পানীয়ে দেখি গৈছে অসমীয়া জাতিৰ উত্তৰণ, দেখি গৈছে বাৰেৰহনীয়া অসমীয়া সাহিত্য-সংস্কৃতিৰ অপৰূপ ৰূপ-লাৱণ্য ব্ৰহ্মপুত্ৰৰ বুকুৰে কেৱল পানীয়েই বৈ যোৱা নাই, অসমীয়া সাহিত্য-সংস্কৃতিৰ বাৰ্তাও কঢ়িয়াই লৈ গৈছে। অসমৰ বুকুত ৰচিত প্ৰতিটো গান, প্ৰতিখন গ্ৰন্থৰ নীৰৱ সাক্ষী হৈ আছে ব্ৰহ্মপুত্ৰ। অসমীয়া সাহিত্য-সংস্কৃতিৰ সুৰুযমুখী যাত্ৰাত ব্ৰহ্মপুত্ৰই সদায় প্ৰেৰণা যোগাই আহিছে। প্ৰকৃতিৰ বুকুলৈ বসন্ত নামি অহাৰ বাতৰিও ব্ৰহ্মপুত্ৰয়ে দিয়ে। সেইবাবেই ভূপেন হাজৰিকাই কৈছিল― “স্বকীয় ৰূপ লৈ বহাগ আহে ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰলৈ।” যিখন ব্ৰহ্মপুত্ৰৰ সাৰুৱা পৰিৱেশত বিহুনাম গাই গাই চহা কৃষকসকলে অসমভূমি শস্য-শ্যামলা কৰি তুলিছিল, সেইখন ব্ৰহ্মপুত্ৰৰ নাম ল’বলৈ বাৰু তেওঁলোকে কৃপণালী কৰিবনে? অৱশ্যেই নকৰে।

তথাপিও কিন্তু বিহুনামত ‘ব্ৰহ্মপুত্ৰ’ নামটো সিমান চহকী নহয় বুলিলেই হয়। ডঃ লীলা গগৈয়ে ‘বিহু এটি সমীক্ষা’ গ্ৰন্থত (চতুৰ্থ সংস্কৰণ, ২০১০ চন) উল্লেখ কৰামতে বিহুনামত ‘ব্ৰহ্মপুত্ৰ’ নামটো মাত্ৰ তিনিবাৰহে ব্যৱহাৰ হৈছে। তাৰে এটাত ব্ৰহ্মপুত্ৰক দেৱতা হিচাপে তুতি জনাই এইদৰে গাইছে―

ব্ৰহ্মপুত্ৰৰ পাৰৰে বৰ্হমথুৰি এজুপি
আমিনো খৰি লুৰা ঠাই ;
ব্ৰহ্মপুত্ৰ দেৱতা উটুৱাই নিনিবা
তামোল দি মাতোটো নাই।

আন এটি গীতত ব্ৰহ্মপুত্ৰৰ বিশালতাৰ স্বীকৃতি আছে এইদৰে―

লৰুৱা বিলখন জাপ মাৰি ডেই যাম
ব্ৰহ্মপুত্ৰ কেনেকৈ ডেম;
সিপাৰৰেপৰা বান্ধৈ হাত মেলিবা
মকৰা-জোৰা দি যাম।

বিভিন্ন কাৰণত ব্ৰহ্মপুত্ৰৰ বুকুত জাঁপ দি আত্মহনন কৰা ঘটনাই প্ৰায়ে অসমৰ বাতৰি কাকতসমূহৰ শিৰোনাম দখল কৰে। তাৰে ভিতৰত প্ৰেমজনিত ঘটনাও থাকে। কিন্তু প্ৰণয়ৰ শপত নিস্ফল হ’লে ব্ৰহ্মপুত্ৰত জাঁপ দি মৰাৰ কাহিনী নতুন নহয়; ভাবুকি সৌ তাহানিৰ দিনতো আছিল৷ ডঃ গগৈয়ে ব্ৰহ্মপুত্ৰৰ নাম সন্নিৱিষ্ট তৃতীয় বিহুনামটোৰ কথা উল্লেখ কৰি পূৰ্বোক্ত গ্ৰন্থত এইদৰে লিখিছে― “আন এটি গীতত কোনোবা প্ৰণয়িনীক ‘নেপাব লাগিলে দি যাম ব্ৰহ্মপুত্ৰত জাপ’।” কিন্তু, যিহেতো ব্ৰহ্মপুত্ৰক লুইত, বৰলুইত, চিৰিলুইত, লৌহিত্য আদি নামেৰেও জনা যায়, গতিকে এইকেইটা নাম আকৌ বিহুনামত যথেষ্ট চহকী।

আমি পূৰ্বতে যদিও উল্লেখ কৰিছোঁ যে ব্ৰহ্মপুত্ৰ আমাৰ প্ৰাণ, কিন্তু বহুসময়ত ই আমাৰ প্ৰাণৰ শত্ৰু হৈও পৰে। কেতিয়াবা ৰুষ্ট হৈ ভৰা বানৰ সৃষ্টি কৰি খেতি-বাতি খাষ্টাং কৰি বহুতৰে সপোন ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰি পেলায়। তেনে এক পৰিস্থিতিতেই চহা বিহুৱাই প্ৰেমিকাক লৈ দেখি থকা ৰঙীন সপোন ভাঙি যোৱাত দুখ প্ৰকাশ কৰি গাই এইবুলি―

লুইতে আনিলে বান ঐ লাহৰী
পথাৰ মোৰ পৰিলে ছন
এইবাৰ লাহৰী তোকে আনিবলৈ
কৰিব নোৱাৰোঁ পণ।
সেইদৰে বিহুৱাই গাইছে―
চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলা
চিৰিলুইতলৈ চায়,
চিৰি লুইতে কিৰিলি মাৰিলে
ধনে নাও মেলি যায়৷

যৌৱনৰ প্ৰেমে ডেকা গাভৰুৰ দেহলৈ ৰূপ-লাৱণ্যৰ নিৰ্মল নিজৰা বোৱাই আনে, মনলৈ আনন্দ-ধেমালিৰ লহৰ কঢ়িয়াই আনে। কিন্তু সেই প্ৰেমত যদিহে দুখ আহে, আহে বাধা, তেন্তে তাৰ পৰিণাম কিমান ভয়ানক হয় সেই কথা কল্পনা কৰাও টান। প্রেমিকাই হওক কিম্বা প্ৰেমিক, কোনেও এই দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ যত্ন নকৰে; বৰঞ্চ তিলতিলকৈ নিজকে অধিক যান্ত্ৰণাৰ মাজলৈহে নিক্ষেপ কৰে। খোৱা-লোৱা এৰি দেহ-মনৰ ওপৰত অত্যাচাৰ চলাবলৈ ধৰে, যাৰ ফলত খৰালি মাহত ব্ৰহ্মপুত্ৰ শুকাই যোৱাৰ দৰে তেওঁলোকৰ দেহাও শুকাই যায়। এনে বিষাদ কালৰ বৰ্ণনা কৰি বিহুনামত গাইছে―

ৰঙা নৈ শুকাইছে মাছৰে বেজাৰত
লুইতখন শুকাইছে কিয়?
মই চেনাই চুকাইছোঁ তোমাৰে বেজাৰত
তুমি চেনাই শুকাইছা কিয়?

লুইতৰ কঁহুৱা মানেই মন পৰশা, অন্তৰ পৰশা এক বিশ্ব-বিমোহন দৃশ্য। এনে নান্দনিক দৃশ্যই বাৰু কাক আকর্ষণ নকৰাকৈ থাকিব পাৰে? যেন ধৰাতেই শুকুলা মেঘে মেলা পাতে। এনে মোহনীয় দৃশ্যই জানো কাৰোবাৰ অন্তৰত আবেগৰ লহৰ নোতোলাকৈ থাকিব পাৰে? সেয়ে গাইছে―

এডালি কাটিলে আহে চাৰিডালি
লুইতৰ খাগৰি খৰি
মোৰে ধনে মাতিলে আহে চাৰিজনী
ডিঙিত ধৰাধৰি কৰে।

নদীৰ গৰা আৰু মনৰ গৰাৰ চৰিত্ৰ একেই, খহিব লাগিলে ৰক্ষা নাই। ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ কথা আৰু নতুনকৈ উল্লেখৰ নিষ্প্ৰয়োজন। কতজনৰ প্ৰাণ হৰিছে, কতজনৰ ভেটি খান্দিছে তাৰ হিচাপ লোৱা টান। কিন্তু মনৰ গৰাওতো কম নহয়, কেতিয়া খহে কোনে জানে! খহিলে কি হ’ব পাৰে সেয়াও ধৰা টান। সেইবাবেই বিহুনামত গাইছে―

দেহা হ’ল অলিয়া দেহা হ’ল বলিয়া
দেহা হ’ল লুইতৰ গৰা
তোমাৰে লগতে হ’লোঁ মই বলিয়া
চিনাকী হ’বৰে পৰা।

কাষত কলচি লৈ নৈৰ ঘাটলৈ প্ৰেমিকা অকলশৰে যাব পানী আনিবলৈ। তাত দেখা পাব মনৰ মানুহজনক; তেতিয়া প্ৰেমিকাৰ দেহ-মনত কামনাৰ ভাব নাজাগিব? হ’বই নোৱাৰে। এক অজান শিহৰণে প্ৰেমিকাৰ দেহ-মনত জুই জ্বলাই দিব। সেই জুইৰ যন্ত্ৰণাত কাতৰ হৈ প্ৰেমিকাই গাইছে এইদৰে―

লুইতৰে বালি বগী চকেচকী
কাছই কণী পাৰে লেখি;
গাত জুই জ্বলিছে সৰিয়হ ফুটিছে
ধনক পানীঘাটত দেখি।

ডিজিটেল যুগৰ বিহুনাম ৰচয়িতাসকলেও ব্ৰহ্মপুত্ৰক উপেক্ষা কৰিব পৰা নাই। অনুপম শইকীয়াৰ কণ্ঠত ৰচয়িতাই গোৱাইছে এইবুলি―

ব্ৰহ্মপুত্ৰৰ সিপাৰে সোণোৱালী গাঁৱতে
সোণালী তোমাক পোৱা মনত আছে।

সেইদৰে জুবিন গাৰ্গৰ সুমধুৰ কণ্ঠতো ব্ৰহ্মপুত্ৰৰ নাম নিগৰাইছে এইবুলি―

ব্ৰহ্মপুত্ৰ যদি জান ঐ বৈ থাকিব চিৰদিনে
তোমালৈও মোৰ মৰম ৰৈ থাকিব অতদিনে।

অসমীয়া জাতি থাকে মানে ব্ৰহ্মপুত্ৰ-বন্দনা চলিয়ে থাকিব। অসমীয়া মানুহ যিমানেই আধুনিকতাৰ দিশে ধাৱমান নহওক কিয়, বিহুনামক আধুনিকতাৰ ৰহণে যিমানেই বিকৃত নকৰক কিয়, ব্ৰহ্মপুত্ৰৰ নাম ল’বই ল’ব। কিয়নো ব্ৰহ্মপুত্ৰক বাদ দি অসমীয়া মানুহৰ চিনাকীয়েই অসম্পূৰ্ণ।