বিহাৰত পূৱ মণ্ডল এথলেটিকছ প্ৰতিযোগিতাত অসমৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত

ৰঙিলী বাৰ্ত্তাসেৱা- বিহাৰৰ পাটনাৰ পাটলিপুত্ৰ ক্ৰীড়া প্ৰকল্পত চলি থকা পূৱ মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত অসমৰ দলে দ্বিতীয় দিনাও সুন্দৰ প্ৰদৰ্শন কৰে। দ্বিতীয় দিনা অসমে ৩ টা সোণ, ১ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদক সহিতে সৰ্বমুঠ ২৬ টা পদক লাভ কৰিছে। ইপিনে, পদক বিজয়ী খেলুৱৈসকল ক্ৰমে সোণৰ পদক অপ্সৰা সোনাৰ (৩০০০মিটাৰ ৰেচ ৱাক), কপিল লাহন (ডিচকাছ), ধৃতিমা উজীৰ (৬০০মিটাৰ), ৰূপৰ পদক ; ৰিমঝিম শইকীয়া (৩০০মিটাৰ দৌৰ) আৰু ব্ৰঞ্জৰ পদক আস্থাজিত কোঁৱৰ ( ১১০মিটাৰ হাৰ্ডলছ), ডেনিম বৰুৱা(হাইজাম্প), জেকী কবিৰ (৬০০মিটাৰ দৌৰ), মুন্না কুমাৰ ব্ৰহ্ম (৪০০মিটাৰ দৌৰ)। মহিলাৰ ২০ বছৰ অনুৰ্ধ্ব শাখাত ৪×১০০মিটাৰ ৰীলে দৌৰত অসমৰ দলে ব্ৰঞ্জৰ পদক লাভ কৰিছে।