বিসদৃশ-ৰশ্মি ৰেখা বৰা হাজৰিকা

p.c.OShi Print

বিসদৃশ

সত্তৰোৰ্ধৰ বৃদ্ধাগৰাকীৰ কথা শুনি সুপ্ৰিয়াৰ চকু কপালত উঠিল ।
“কি কথা কয় ? আৰু সেইজন মানুহৰ লগতে আপুনি সাতটা সন্তানৰ মাতৃ। মই একো বুজি পোৱা নাই ।”
“বুইছা, নিজৰ মতে জীৱনটো জীবলৈ নাপালোঁৱেই। আই-বোপাইৰ ঘৰত থাকোতে সব বোপাইৰ আদেশমতে। বিয়া হৈ আহিলোঁ , শহুৰ শাহু জীয়াই থকালৈকে তেখেত সকলৰ কথামতে। তেখেত সকলৰ যোৱাৰ পাছত জহনীলগা বুঢ়াটোৰ মতে চলিব লাগে। নামঘৰত ভাওনা এখন চাই নাপাওঁ,  গাঁৱৰ ফিল্ডলৈ থিয়েটাৰ আহে, পেট্ৰোন টিকেট লয় ঘৰত, বোৱাৰী ছোৱালী নপঠিয়াই চাবলৈ। টকী চোৱাটো দূৰৰ কথা। বৰ ভাল পাওঁ টকী চায়। ‘আজলী নবৌ’, ‘ঘৰ সংসাৰ’ চাবলৈ গাঁৱৰ গোটেইখন বাছ ধৰি ধৰি গ’ল, মইহে নাপালোঁ । বুঢ়াটো মৰিলেহে শান্তি পাম। সদায় টকী চাম তেতিয়া ।” নিতান্তই সৰলভাৱে কোৱা বৃদ্ধাৰ কথাখিনিয়ে সুপ্ৰিয়াৰ বুকুখন খুন্দিয়াই থাকিল । কি জীৱন এয়া। বৃদ্ধাই মৃত্যু কামনা কৰা মানুহজন তেওঁৰ নিজ স্বামী, তেওঁৰ সাতটা সন্তানৰ পিতৃ । কেনেকুৱা দাম্পত্য এয়া  য’ত ইজনে সিজনৰ মনৰ হেঁপাহবোৰ বুজি নাপায় ।
“ইমানবোৰ ল’ৰা-ছোৱালী জন্ম দিলে, তেখেতক এবাৰ মুখ খুলি মনৰ কথাবোৰ নজনালেনো কেলেই ?”
বৃদ্ধাই সোলা মুখেৰেই ফেলফেলকৈ হাঁহিবলৈ ধৰিলে ।
“আমাৰ দিনত আজিকালিৰ নিচিনাকৈ লাজ-মান কাটি কৰি সমাজৰ আগত পৈয়েকৰ লগত কথা নাপাতে নহয় ।”
“কেলেই ৰাতি নিজৰ ৰুমত পাতিব পাৰিলেহেঁতেন দেখোন।”
“ভাল কৈছা। কেঁচা ঘৰ। শাহুবুঢ়ীয়ে দিনটো উকটোৱাৰ কথা পিতেকক লগাওঁ বুলি কাণ উনায়েই থাকে।”
“হ’লেও কিবা বুদ্ধি কৰি অকলে লগ কৰি কথাবোৰ পাতিব লাগিছিল ।”
“ঘৰত ওৰণি-বাৰণি লোৱা জাঁ-জোৱালী পাঁচজনী। মুখখন দেখাই নাপায় । ৰাতি ৰুমতো শাহুৱে চাকিটো জ্বলাই থ’বলৈ নিদিয়ে। সেইদিনত কেৰাছিন তেলো আটকীয়া ।”
সুপ্ৰিয়াৰ হাঁহিমনে কান্দিম লাগিল। পৃথিৱীত এনেকুৱা মানুহো আছেনে ?
“উৰাজাহাজত উঠিবলৈও বৰ মন বুইছা । ডাঙৰ ল’ৰা দিল্লীত থাকিবলৈ লোৱাৰ পৰা কেইবাবাৰো চিপিয়ালোঁ। বোলো তাজমহলো চাই আহিম। মান্ধাতাযুগীয়া বুঢ়াটো নাযায়। তেখেতক অকলে এৰি নো যাওঁ কেনেকৈ?”
কৃষি বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ ফিল্ড ষ্টাডীৰ কাৰণে সিহঁত আঠজন ছাত্ৰ ছাত্ৰী ভিতৰুৱা গাঁও এখনৰ গাঁও বুঢ়াৰ ঘৰত আছেহি। গাঁও বুঢ়াৰ পত্নীয়ে সিহঁতক খুব মৰম কৰিছে। সুপ্ৰিয়াৰ লগত তেওঁৰ আত্মীয়তাই গঢ়ি উঠিছে। তেওঁৰ লগত কথা পাতি এতিয়া সুপ্ৰিয়াই উদ্ধাৰ কৰিছে অন্তৰৰ ভিতৰত গাপ দি ৰখা কথা কিছুমান । গাঁওবুঢ়াৰ প্ৰতি অন্যায় বুলি জানিও তাই মনে-প্ৰাণে বিচাৰিছে, বৃদ্ধা গৰাকীৰ মনৰ আশা পূৰণ হওঁক ।জীৱনৰ এই বিয়লি বেলাত তেখেতে হেঁপাহ কৰাৰ দৰেই জীৱনটো এবাৰ জীয়াই থাকিবলৈ পাওঁক।
সেই যে এৰি আহিল গাঁওখন, শিক্ষা সমাপ্ত কৰি বিয়া, সন্তান ইত্যাদিৰ মাজত কাচিৎহে তাইৰ সেই বৃদ্ধালৈ মনত পৰিছিল। এতিয়া চাকৰিত প্ৰমোশ্যনৰ বদলিত তাই যিটো ব্লকত জইন কৰিলে সেইখন গাঁৱ সেই ব্লকৰে অধীন। কাজেই ফিল্ড ডিউটীত পুৰণি চিনাকি ঘৰখনত উপস্থিত হ’লগৈ তাই। গাঁওবুঢ়া তেতিয়া অশীতিপৰ। আলঝেইমাৰৰ লগতে জড়াজনিত নানানটা ব্যাধিৰে আক্ৰান্ত হৈ শয্যাগতপ্ৰায় । ড্ৰয়িংৰুমত হাঁহি থকা মুখেৰে বৃদ্ধাৰ ফটোত এডাল প্লাষ্টিকৰ মালা ওলমি আছিল । ক’ব নোৱাৰাকৈয়ে সুপ্ৰিয়াৰ হুমুনিয়াহ এটা সৰি পৰিল । বৃদ্ধা গৰাকীৰ অপূৰ্ণ আশা আৰু ফটোখনৰ ধুনীয়া হাঁহিটো বিসদৃশ যেন লাগিল।

 

ৰশ্মি ৰেখা বৰা হাজৰিকা
যোৰহাট