বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰিয়ালটোৱে কেনেকৈ ৰাভা উপাধি পালে – ৰশ্মি ৰেখা দুৱৰা

বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰিয়ালটোৱে কেনেকৈ ৰাভা উপাধি পালে 
    ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়
বহুমুখী প্ৰতিভাৰ গৰাকী বিষ্ণুপ্ৰসাদ ৰাভা আছিল একেধাৰে শিল্পী, নাট্যকাৰ, চিত্ৰকৰ, সাহিত্যিক, খেলুৱৈ, নৃত্য বিশাৰদ,সুৰকাৰ, চিত্ৰশিল্পী,কবি,সমাজসেৱক,দেশপ্ৰেমিক,গায়ক, চিত্ৰ পৰিচালক,অভিনেতা,ইতিহাসবিদ আৰু এজন সংগ্ৰামী শিল্পী।তেখেতৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীৰ ঢাকা চহৰত।পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গেথীবালা ৰাভা।বিষ্ণুপ্ৰসাদ ৰাভা বড়ো সম্প্ৰদায়ৰ লোক আছিল।তেখেতৰ ককাদেউতাক আছিল শনিৰাম কছাৰী।তেওঁ কামৰূপ জিলাৰ ৰানী অঞ্চলৰ লোক আছিল।বিষ্ণুপ্ৰসাদ ৰাভাৰ ককাদেউতাক শনিৰাম কছাৰীয়ে ইংৰাজৰ সামৰিক বাহিনীত সৈনিক হিচাপে কৰ্ম কৰিছিল।আৰু পিতৃ গোপাল ৰাভায়ো সামৰিক বিভাগত চাকৰি কৰিছিল।বিষ্ণুপ্ৰসাদ ৰাভাৰ ৮ বছৰ বয়সতেই পিতৃ আৰু ১৭ বছৰ বয়সতেই মাতৃৰ মৃত্যু হয়।তেওঁ অসমীয়া সাহিত্য-সংস্কৃতিৰ সাধক।বিষ্ণুপ্ৰসাদ ৰাভাৰ দেউতাক গোপাল কছাৰী অৰ্থাৎ গোপাল চন্দ্ৰ ৰাভাৰ মাক সৰুতে ঢুকাইছিল।গোপাল কছাৰীক চোৱা-চিতা কৰিবৰ বাবে দেউতাক শনিৰাম কছাৰীয়ে চান্দবৰ ৰাভা নামৰ  এজন আত্মীয়ৰ ওচৰত ডাঙৰ-দীঘল কৰাৰ দায়িত্ব অৰ্পণ কৰে।চান্দবৰ ৰাভা তামোলপুৰ অঞ্চলৰ হয় যদিও সেইসময়ত তেওঁ পুলিচ ইন্সপেক্টৰ হৈ তেজপুৰত আছিল।চান্দবৰ ৰাভাই ডাঙৰ-দীঘল কৰাৰ বাবেই গোপাল কছাৰীয়ে ‘কছাৰী’ উপাধি ত্যাগ কৰি ৰভা উপাধি গ্ৰহণ কৰে।সেই সূত্ৰেই গোপাল ৰাভাৰ সন্তানে পৰৱৰ্তী সময়ত ‘ৰাভা’ উপাধি লিখিবলৈ লয়।পোনপ্ৰথমে বিষ্ণুপ্ৰসাদ ৰাভাৰ পূৰ্বপুৰুষ সকলে ‘কছাৰী’ উপাধিহে লিখিছিল।১৯৬৯ চনৰ ২০ জুনত জীৱনৰ নাট সামৰা বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া সাহিত্য-সংস্কৃতিলৈ বহু অৱদান আগবঢ়াই থৈ গৈছে।তেখেতে নিজেই এটা অনুষ্ঠান ৰূপে সকলোবোৰ কাম নিস্বাৰ্থভাৱে কৰি গৈছিল।সেইবাবে তেখেতৰ মৃত্যু তিথি ২০ জুনত বিষ্ণুৰাভা দিৱস পালন কৰা হয়।তেখেত কায়িকভাৱে মৃত্যু হৈছে যদিও তেখেতৰ কৰ্মৰাজি মানৱলোকত সদায় অমৰ হৈ থাকিব।