‘বিষ্ণুপ্রিয়া মণিপুৰী কবিতা সংগ্রহ’ উন্মোচন

‘বিষ্ণুপ্রিয়া মণিপুৰী কবিতা সংগ্রহ’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান  ‘পৰাগজ্যোতি প্ৰকাশন’ৰ উদ্যোগত দিছপুৰ প্ৰেছ ক্লাবত বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি, সাহিত্যিক পেঞ্চনাৰ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ সম্পাদিত বিষ্ণুপ্রিয়া মণিপুৰী ভাষাৰ পৰা অসমীয়ালৈ অনুদিত কৰা ৩৮ জন কবিৰ কবিতা সংকলন “বিষ্ণুপ্রিয়া মণিপুৰী কবিতা সংগ্রহ’ নামৰ গ্ৰন্থখনি আজি উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰি বিশিষ্ট বুদ্ধিজীৱি, চিন্তাবিদ, শিক্ষাবিদ ড০ দয়ানন্দ পাঠকে কয়- ‘বৰ্তমান সময়ত মূল্যবোধৰ ভীষণ পৰিবৰ্তন ঘটিছে। সম্প্ৰতি সুষ্ঠ – গভীৰ চিন্তা-চেতনাৰ সাংঘাতিক ধৰণেৰে অভাৱ ঘটিছে।সৎ পথত থাকিলে আজিকালি উন্নতিত বাধা আহে। বৰ্তমান সৰ্বদিশতে সততাক বেছি গুৰুত্ব নিদিয়া হৈছে। জনা ভাল যে ইংৰাজী সাহিত্যতকৈও অসমীয়া সাহিত্য কোনো গুণে কম নহয়। প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা সভাত অসমৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত  আৰক্ষী সঞ্চালক প্ৰধান ফটিকদত্ত গোস্বামীয়ে ভাষণ দিয়ে৷ কবি-লেখিকা ড০ গীতা দত্ত চহৰীয়াই বন্তি প্ৰজ্বলন কৰা সভাত শ্যমলীমা বৰঠাকুৰৰ কামৰূপী লোকগীত পৰিৱেশনেৰে আৰম্ভ কৰা সভাখনিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁৱৰ পঞ্জীয়ক ড০ মৃণাল কুমাৰ বৰা, ত্ৰিপুৰা কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক ‘সাহিত্য কোঁৱৰ’ কমল কলিতা, দেউৰী সাহিত্য সভাৰ উপ -সভাপতি ড০ ষড়ানন দেউৰী, কবি-লেখক দুৰ্গাপ্ৰসাদ শৰ্মাই বিশিষ্ট অতিথিৰ ভাষণত বিষ্ণুপ্রিয়া মণিপুৰীসকলে সাহিত্য জগতৰ প্ৰতি যোগোৱা অৱদান অন্যান্য বুলি একেমুখে মতপোষণ কৰে। সভাত মমা গুপ্তাই বাংলা গীত, আশুতোষ সিংহই বিষ্ণুপ্রিয়া মণিপুৰী গীত, ডোৰা-কঁহৰা হাইস্কুলৰ শিক্ষয়িত্ৰী দুৰ্গামণি বৰগোহাঁই আধুনিক গীত পৰিৱেশন কৰি সৌষ্ঠব বৰ্দ্ধন কৰা সভাত গোৱালপাৰাৰ কবি দীপালি বসুমতাৰী, কান্ত সিনহা, এঞ্জেলিনা দাস, ৰেজিনা চুলটানা, ডা° বিজুজ চাহান চালেহা বেগমে কবিতা পাঠ কৰে। সভাত গুৱাহাটী আঞ্চলিক বিষ্ণুপ্রিয়া মণিপুৰী মহাসভাৰ কাৰ্যকৰী সভাপতি শংখ সিংহ, মিজোৰামৰ ৰুলছম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্র সিনহা, চিত্ৰশিল্পী শ্ৰীকান্ত সিনহা, অজয় সিনহা, বিষ্ণুপ্রিয়া মণিপুৰীৰ অভিধান প্ৰণেতা অনিতা সিনহা, কেপ্টেইন অশ্বিনী সিনহা, মীনাক্ষী সিনহাই সন্মানিত অতিথি হিচাপে অংশগ্রহণ কৰি সৰল ব্যক্তিত্বৰ অধিকাৰী দিলস্ লক্ষ্মীন্দ্ৰ সিংহই যোগোৱা অৱদানক প্ৰশংসা কৰে।