বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনুষ্ঠিত কৰা অনলাইন ছবি প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুস্থান আয়োজিত

 বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনুষ্ঠিত কৰা অনলাইন ছবি প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুস্থান আয়োজিত

ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ৮ জুলাই, ২০২৩ তাৰিখে অসমীয়া যুৱ জাগৰণ সমিতিৰ তৰফৰ পৰা আয়োজিত বঁটা বিতৰণী অনুস্থানত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অনুষ্ঠিত কৰা অনলাইন ছবি প্ৰতিযোগিতাৰ বিজয়ী সকল ক্ৰমে আহনাফ হুছেইন, পলাশ বৰুৱা, হৃদী হৰ্শী কলিতা, গণেশ খাৰ্গাক পুৰস্কৃত কৰাৰ লগতে বিষ্ণু ৰাভা দিৱস উপলক্ষে অনুষ্ঠিত কৰা অনলাইন সঙ্গীত প্ৰতিযোগিতাৰ বিজয়ী তৃষ্ণা ডেকাক পুৰস্কৃত কৰা হয় । নৱ প্ৰজন্মক তেওঁলোকৰ প্ৰতিভা প্ৰকাশৰ এটি সুযোগ দিয়া আৰু আগন্তুক জীৱনত এনে প্ৰতিভাৰ সুন্দৰ প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰা অসমীয়া যুৱ জাগৰণ সমিতিৰ এক প্ৰধান উদ্দেশ্য । এই উদ্দেশ্য বাস্তৱায়িত কৰাৰ স্বাৰ্থত অসমীয়া যুৱ জাগৰণ সমিতিয়ে এনেদৰে সময়ে সময়ে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে ।কালি হৈ যোৱা সভাখনত উপস্থিত আছিল ক্ৰমে অসমীয়া যুৱ জাগৰণ সমিতিৰ প্ৰতিষ্ঠাপক শ্ৰী মণিমুগ্ধ মেধি, সভাপতি দেৱাশিস তালিকাৰ, উপ- সভাপতি কৌশিক নাথ, সাধাৰণ সম্পাদিকা তথা যুটীয়া সাহিত্য সচিব তৃষ্ণা দেৱী, যুটীয়া সম্পাদক তথা সাহিত্য সচিব নিকুঞ্জ শৰ্মা, তথ্য প্ৰযুক্তিৰ ভাৰপ্ৰাপ্ত সচিব জিন্টু চৌধুৰী আৰু লগতে এই গোটৰ আন সদস্য ক্ৰমে মৃগাক্ষী এল ডেকা ৰজা, দিশা ডেকা, স্বর্ণালী দেবনাথ, দীপাংকৰ শৰ্মা, অশ্বিনি কুমাৰ ডেকা আৰু পংকজ ৰাভা ।এওঁলোকৰ লগতে উপস্থিত থাকে ক্ৰমে পলাশ বৰুৱা আৰু তেওঁৰ পিতৃ, তৃষ্ণা ডেকা আৰু তেওঁৰ পিতৃ, গণেশ খৰ্গা আৰু তেওঁৰ মাতৃ, হৃদী হর্শি কলিতা আৰু তেওঁৰ পিতৃ, আহ্নাফ হুছেইনৰ পিতৃ আৰু তেখেতৰ সহকৰ্মী ।