বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত ভাৰত 

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত ভাৰত 

ৰঙিলী বাৰ্ত্তাসেৱা-  ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত ভাৰতীয় ক্রিকেট দলে অষ্ট্ৰেলিয়াক ২৯৫ ৰানত পৰাস্ত কৰে। এই চমকপ্রদ বিজয়ৰ পাছতে টীম ইণ্ডিয়াই পুনৰ এবাৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইন্ট তালিকাত শীর্ষস্থান দখল কৰে। বিগত সময়ত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ৩খন মেচৰ ঘৰুৱা টেষ্ট শৃংখলাত পৰাজয়বৰণ কৰাৰ পিছত পইন্ট তালিকাৰ শীৰ্ষস্থান হেৰুৱাই দ্বিতীয় স্থানত উপনীত হৈছিল ভাৰত। সেই সময়ত ভাৰতক অতিক্রম কৰি অষ্ট্ৰেলিয়াই তালিকাৰ শীৰ্ষস্থান দখল কৰিছিল। কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাৰ্থৰ অ’প্টাছ ষ্টেডিয়ামত খেলা প্রথমখন টেষ্টত জয়লাভ কৰাৰ পিছতে ডব্লিউটিচি পইন্ট তালিকাৰ শীর্ষস্থান পুনৰুদ্ধাৰ কৰে ভাৰতে। বৰ্তমান ভাৰতীয় ক্রিকেট দলৰ ১৫খন খেলত আছে মুঠ ১১০ পইন্ট। দলটোৱে খেলা মেচসমূহৰ ভিতৰৰ ৯খনত জয়লাভ কৰাৰ বিপৰীতে ৫খনত পৰাজয়বৰণ কৰিছে। তদুপৰি, এখন খেল অমীমাংসিতভাৱে সামৰণি পৰিছে। টীম ইণ্ডিয়াৰ পিচিটি হৈছে ৬১.১১, যাৰ বাবে ভাৰতীয় দলটো শীর্ষস্থানত উপনীত হ’বলৈ সক্ষম হয়। আনহাতে, অষ্ট্ৰেলিয়াৰ দলটোৱে ১৩খন খেলৰ ৮খনত জয়, ৪খনত পৰাজয় আৰু এখন অমীমাংসিতভাৱে সামৰণি পৰা মেচৰ সৈতে অৰ্জন কৰিছে ৯০ পইন্ট। কেংগাৰু বাহিনীৰ বৰ্তমানৰ পিচিটি হৈছে ৫৭.৬৯, যাৰ বাবে তেওঁলোক আছে তালিকাৰ দ্বিতীয় স্থানত। শ্রীলংকাৰ ক্রিকেট দলটো ৬০ পইন্ট আৰু পিচিটি ৫৫.৫৬ৰ সৈতে তালিকাৰ তৃতীয় স্থানত থকাৰ বিপৰীতে নিউজিলেণ্ড ৭২ পইন্ট আৰু ৫৪.৫৫ পিচিটিৰ সৈতে চতুর্থ স্থানত আছে। দক্ষিণ আফ্রিকা আছে তালিকাৰ ৫ নম্বৰত। দলটোৰ আছে ৫২ পইন্ট আৰু পিচিটি হৈছে ৫৪.১৭। তদুপৰি, ইংলেণ্ড ষষ্ঠ আৰু পাকিস্তান তালিকাৰ সপ্তম স্থানত আছে।