বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস পালনঃ নাজিৰাত “মা-ধৰ্ম বঁটা” প্ৰদান

বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস পালনঃ নাজিৰাত “মা-ধৰ্ম বঁটা” প্ৰদান

যদুমণি হাজৰিকা, নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসৰ কাৰ্য্যসূচীত দেওবাৰে নাজিৰা শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ আলোচনা গৃহত জ্যেষ্ঠ নাগৰিক দিৱসৰ গুৰুত্ব, সামাজিক প্ৰমূল্যৰ ভিত্তিত জ্যেষ্ঠ নাগৰিকলৈ সন্মান আৰু জ্যেষ্ঠ নাগৰিকৰ দ্বাৰা মাৰ্গ দৰ্শন আদি বিষয়ত বক্তাসকলে নিজ বক্তব্য দাঙি ধৰে । জ্যেষ্ঠ নাগৰিক সকল দৰাচলতে কোনো সামাজিক সমস্যাৰ বিপৰীতে এক উপযুক্ত মাৰ্গ প্ৰদৰ্শকহে বুলি বক্তা সকলে উল্লেখ কৰে । জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নাজিৰা শাখাৰ সভাপতি প্ৰভাত বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত জ্যেষ্ঠ নাগৰিক সকল ক্ৰমে জিতেন ফুকন, নুৰুল ইছলামে ভাষণ দাঙি ধৰাৰ লগতে কবি ৰবীন বৰঠাকুৰে কথাৰ মাজতে কবিতা আবৃত্তি আগবঢ়ায়। শিল্পী দিলীপ দাসে এটিকৈ বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে । আনহাতে স্বাধীনতা যুঁজাৰু তথা অগ্ৰণী নাৰী প্ৰয়াত মাকণ বৰাৰ পৰিয়াল বৰ্গই প্ৰয়াত নেত্ৰী গৰাকীৰ সোঁৱৰণত প্ৰদান কৰি অহা “মা-ধৰ্ম বঁটা” এইবাৰ প্ৰদান কৰা হয় অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আজীৱন সদস্য প্ৰাক্তন শিক্ষক তথা অ’এনজিচিৰ অৱসৰ প্ৰাপ্ত বিষয়া যতীন চন্দ্ৰ বৰগোহাঁইক । বঁটা প্ৰদান অনুষ্ঠানত প্ৰয়াত মাকন বৰাৰ পৰিয়াল বৰ্গৰ হৈ অধ্যাপিকা সৰোজিনী দত্ত, অজয় বৰা উপস্থিত থকাৰ লগতে জ্যেষ্ঠ নাগৰিক সন্মিলন নাজিৰা শাখাৰ সম্পাদক ড’ অজয় লাল বৰুৱাই বঁটাৰ সম্বৰ্দ্ধনা পত্ৰ পাঠ কৰে । কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে শিল্পী প্ৰণীতা লাচিতে পৰিৱেশন কৰা মহাপুৰুষ মাধৱদেৱ ৰচিত এটি বৰগীতেৰে । সভাত অধ্যাপক উমা কোঁৱৰ, অৰুণ কোঁৱৰ উপস্থিত থকাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ।