বিশ্বনাথত অনুষ্ঠিত বিজেপিৰ মহাজনসম্পৰ্ক অভিযানৰ জনসভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বনাথৰ আৱৰ্ত্ত ভৱন ক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ মহাজনসম্পৰ্ক অভিযানৰ জনসভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বিশ্বনাথত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰে ৰাজ্যৰ ১২৬ সমষ্টিৰ ভিতৰত ১০২ সমষ্টিত খিলঞ্জীয়াৰ আধিপত্য প্রতিষ্ঠা হোৱা বুলি দ্ব্যর্থহীনভাৱে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ এখন জনাকীর্ণ সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, অসম আন্দোলন, অসম চুক্তি আদিৰ লগতে এন আৰ চিৰ নামত গোচৰ আদিয়ে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰিলেও সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই এইবাৰ নিশ্চিত কৰিলে খিলঞ্জীয়াৰ সুৰক্ষা । এই ব্যৱস্থাৰ দ্বাৰা আগন্তুক ৫০বছৰলৈ সুৰক্ষিত হ’ব খিলঞ্জীয়াৰ ভৱিষ্যৎ৷ ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই নাওবৈচা সমষ্টিৰ কথা উল্লেখ কৰি ড০ ভূপেন হাজৰিকাৰ পিছত কোনো অসমীয়া লোকে এই সমন্বিত প্রতিনিধিত্বৰ সুযোগ পোৱা নাই বুলিও দোহাৰে । প্ৰকাশিত খচৰাৰ পিছত নাওবৈচাত অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত হোৱা বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে এই সমন্বিত বিজেপি অথবা কংগ্ৰেছ কিম্বা এজিপিৰ জাতি-মাটি আৰু ভেটিৰ ব্যক্তি জিকিব বুলি প্ৰকাশ কৰে । ৰাজ্যৰ দৰিদ্ৰ, মহিলা, যুৱ প্ৰজন্মৰ উন্নয়ন আৰু সুৰক্ষিত ভবিষ্যতৰ বাবে ৰাজনীতি কৰা বুলি দাবী কৰি এই ব্যৱস্থাৰ ফলত আজমলৰ সেনানী কিম্বা চামচাও দিছপুৰৰ অন্তেষপুৰত প্ৰৱেশ কৰিব নোৱাৰিব বুলি তাৎপর্যপূর্ণ বক্তব্য প্রকাশ কৰে । বিশ্বনাথৰ বিজেপিৰ মহাজনসম্পর্ক অভিযানৰ মুকলি সভাতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ২ লাখ যুৱক-যুৱতীক বেংক অবিহনেই ২ লাখ টকাৰ সাহায্যৰ বিষয়ে বৃহৎ ঘোষণা কৰে । চাকৰিৰ পৰিৱৰ্তে এই সাহায্যত সফল হোৱা যুৱক-যুৱতীক ২০ লাখ টকা পৰ্যন্ত ব্যৱসায়ৰ সুবিধা বেংকৰ জৰিয়তে কৰাৰ কথাও প্ৰকাশ কৰে । ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ৩ লাখ ৮৭ হাজাৰ আত্মসহায়ক গোটৰ ৪০ লাখ সদস্যক স্বাৱলম্বী কৰাৰ স্বাৰ্থত ইচ্ছানুসৰি কৰিব খোজা ব্যৱসায়ৰ বাবে প্ৰত্যেকৰে একাউণ্টত ১০ হাজাৰকৈ ধন আবণ্টন দিব বুলি উল্লেখ কৰে । এই ধন লাভ কৰা সফল মহিলাৰ বেংকৰ সুত ৰাজ্য চৰকাৰে আদায় দিব বুলিও অৱগত । ৰাজ্যৰ মহিলা আত্মসহায়ক গোটক প্ৰশংসা কৰি ৰাজনৈতিকভাৱে মহিলাসকল সচেতন বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৯ বছৰীয়া শাসন কালৰ উন্নয়নৰ কথা দোহাৰি মুখ্যমন্ত্ৰীয়ে ধলা-শদিয়া, বগীবিল, মাজুলী- যোৰহাট, মিছন চাৰিআলি ফ্লাই অভাৰ, চকীঘাট দলং আদিৰ কথা উল্লেখ কৰে । মুখ্যমন্ত্ৰীয়ে কয়, সূৰ্যৰ পৰা পোহৰ নাপালে চন্দ্ৰই পোহৰ দিব নোৱাৰে, ঠিক তেনেদৰে ময়ো নৰেন্দ্ৰ মোদীৰ পৰা পোহৰ পাই আছোঁ বাবেহ ৰাজ্যত নিৰৱচ্ছিন্ন উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ শক্তি অৰ্জন কৰিছোঁ । সভাতে উন্নয়নৰ সপোন দিঠকত পৰিণত কৰি গহপুৰ আৰু নুমলীগড় কমাৰগাঁও সংযোগী ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গাড়ী আৰু ৰে’ল চলাচল কৰিব পৰা এটা সুৰংগৰ কাম আৰম্ভ হ’ব বুলি মন্তব্য কৰাৰ লগতে এই সন্দৰ্ভত চলিত মাহৰ ৪ তাৰিখে ডি পি আৰু প্ৰস্তুতৰ কাৰণে চৰকাৰে আহ্বান জনোৱা নিবিদা খুলিব বুলি উল্লেখ কৰে আৰু অতি কম সময়ৰ ভিতৰতে নির্মাণকার্য আগবাঢ়ি যাব বুলি আশা প্রকাশ কৰে । আনহাতে, গহপুৰত কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ কথাও ভাষণত উল্লেখ কৰি বিধায়কসকলক ভাল কামৰ কথা ভাবি ভাল কাম কৰিব লাগে বুলিও পৰামৰ্শ দিয়ে। ইফালে, নিৰ্বাচনৰ পূৰ্বে ১ লাখ চাকৰি দিম বুলি ঘোষণা কৰি সফল কৰাত সন্দিহান হৈও এই লক্ষ্য পূৰণত সফল হোৱাৰ পিছত বছৰি ২০/২৫ হাজাৰ চাকৰি দিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ।বিশ্বনাথৰ আৱৰ্ত ভৱন ক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ মহাজনসম্পর্ক অভিযানৰ জনসভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত উপস্থিত থাকে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, মন্ত্রী অশোক সিংহল, প্রাক্তন মন্ত্রী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, গহপুৰৰ বিধায়ক উৎপল বৰা, ৰঙাপৰাৰ বিধায়ক কৃষকমল তাঁতী, বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞা, বৰচলাৰ বিধায়ক গণেশ লিম্বু, পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ জিলা সভাপতি পংকজ বৰা আদি বিজেপি নেতৃবৃন্দ।