বিশ্বজিত বৰাৰ ‘বেলকনিত ভগৱান’ৰ পোষ্টাৰ মুকলি

বিশ্বজিত বৰাৰ ‘বেলকনিত ভগৱান’ৰ পোষ্টাৰ মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা-  এই বছৰৰ বহু চৰ্চিত তথা সমগ্ৰ বিশ্বৰে বহু কেইটা উল্লেখযোগ্য মহোৎসৱত অংশগ্ৰহণ কৰি পুৰস্কৃত হৈ চৰ্চিত হোৱা ‘বেলকনিত ভগৱান’ অসমীয়া চলচ্চিত্ৰৰ ‘অফিচিয়েল পোষ্টাৰ’ গুৱাহাটী প্ৰেছ ক্লাবত মুকলি কৰা হয়৷পোষ্টাৰ মুকলি কৰি জনপ্ৰিয় অভিনেতা যতীন বৰাই কয়-বিশ্বজিত বৰাই সূক্ষ্ম সূক্ষ্ম চৰিত্ৰৰ ওপৰত গুৰুত্ব দিয়ে৷তেওঁ এজন প্ৰতিভাৱান ব্যক্তি৷ছবিৰ পৰা কি লাভ হৈছে সেইটো নাজানো,কিন্তু নুৰুল চুলতানে ছবি প্ৰযোজনা কৰি আহিছে৷অসমীয়া ছবি সপ্তাহে সপ্তাহে মুকলি হোৱাটো শুভ লক্ষণ নহয়৷বৰ্তমান প্ৰযোজকৰ মাজত সামঞ্জস্যৰ অভাৱ হোৱা যেন লাগিছে৷ছবি ভাল হ’লে দৰ্শকে নিশ্চয় আঁকোৱালি লব৷অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ সমালোচক শিৱাণু বৰাই কয়-বছৰত যদি ৬০ খল ছবি বনাই,ক’ত দিব৷কিছুমাণ ছবি গমেই নাপাওঁ৷মুকলি হোৱাৰ পাছতহে গম পোৱা যায়৷প্ৰচাৰ মাধ্যমত বেছি গুৰুত্ব দিব লাগিব তেতিয়াহে ছবি চলিব৷বিশিষ্ট চলচ্চিত্ৰ সমালোচক বিদ্যুৎ কুমাৰ ভূঞাই কয়- বৰ্তমান অসমীয়া ছবি তথাগত সলনি হৈছে৷অসমীয়া ছবিৰ পৰিৱৰ্তন আহিছে৷ছবিৰ ক্ষেত্ৰত বিভন্ন পৰীক্ষা নিৰীক্ষা আহিছে৷ছবি দৰ্শকৰ মাজত এৰি দিব লাগিব৷অসমীয়া ছবিক উদগণি দিয়ক৷পৃথিৱীত ছবি হৈছে আটাইতকৈ শক্তিশালী মিডিয়া৷প্ৰযোজক নুৰুল চুলতানে নিজৰ অনুভৱ ব্যক্ৰ কৰা অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ সমালোচক বিতোপন বৰবৰা,জনপ্ৰিয় অভিনেতা দীনেশ দাস,দ্য আসাম পোষ্টৰ স্বত্বাধিকাৰ ড° সীমা বৰা,সাংস্কৃতিক কৰ্মী অনুপম হাজৰিকাই ছবিৰ ওপৰত আলোকপাত কৰে৷অনুষ্ঠানত ’আমাৰ অসম’ৰ জ্যেষ্ঠ সাংবাদিক সৌৰভ কুমাৰ বৰা,মন্টু শইকীয়া,বিশিষ্ট চলচ্চিত্ৰ সমালোচক উৎপল মেনা,সৌৰভ দত্ত আদি কেইবাজনো সাংস্কৃতিক কৰ্মী উপস্থিত থাকে৷উল্লেখ্য,৬ অক্টোবৰত বেলতলাৰ মেট্ৰিচত দিনৰ ১২ বজাৰ পৰা প্ৰিমিয়াৰ শ্ব হ’ব৷৭ অক্টোবৰত সমগ্ৰ অসমত মুক্তি লাভ কৰিব৷মাইনা প্ৰডাকচনৰ হৈ চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে প্ৰযোজক,সাহিত্যিক নুৰুল চুলতানে৷ভাৰতৰ অন্যতম উল্লেখযোগ্য আৰু বৃহত্তম চলচ্চিত্ৰ মহোৎসৱ ২৬ সংখ্যক কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ ’নেশ্বনেল কম্পিটিচন অন ইন্দিয়ান লেংগুৱেজ’ শাখাৰ বাবে নিৰ্বাচিত হৈ ’গল্ডেন ৰৱেল বেংগল’ বঁটাৰে ’শ্ৰেষ্ঠ পৰিচালকৰ বঁটা পোৱাৰ পাছৰে পৰা চৰ্চা লৈ অহা ’বেলকনিত ভগৱান’ অসমীয়া চলচ্চিত্ৰখনে লাভ কৰিছে বিশ্বৰ বহু মহোৎসৱত ভাগ লৈ লাভ কৰিছে এটাৰ পাছত এটাকৈ সন্মান৷তাৰ পাছতেই শেহতীয়াকৈ ’বেলকনিত ভগৱানে’ ১৩ সংখ্যক বেংগালুৰ ইন্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল ২০২২ ত এছিয়ান চিনেমা কম্পিটিশ্বন শাখাত ’শ্ৰেষ্ট এছিয়ান কথাছবি’ ৰূপে সন্মানিত হৈ দেশলৈ গৌৰৱ কঢ়িয়াই আনে৷চলচ্চিত্ৰখনত হাৰিশ খান্না,প্ৰণামী ভাৰথী,পৰিনান্ধি জিমা চুলতানা,অৰুণ হাজৰিকা,ৰাজীৱ ক্ৰ,শোণিত বৰা,ইভা মহন্ত,পবিত্ৰ বৰুৱা,গৌৰী শংকৰ ভূঞা,যতীন খনিকৰ,বিনোদ লাল দাস,অজয় ভৰালী,আলোক বৰুৱা,জ্যোতিষ্মান কাশ্যপ আদিৰ লগতে জ্যেষ্ঠ অভিনেতা দীনেশ দাস,জ্যেষ্ঠ অধিবক্তা বিজন মহাজন আৰু সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাই অভিনয় কৰিছে৷ছবিখনত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাইও এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে৷