বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ ফাইনেলত ভাৰত
ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে। ছেমি ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতে। ৭০ ৰানত নিউজিলেণ্ডৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে ভাৰতে। বিৰাট কোহলী আৰু শ্ৰেয়স আয়াৰৰ বেটিং আৰু মহম্মদ ছামীৰ বলিঙৰ মেজিকেৰে ফাইনেলত ভাৰত। টছত জিকিৰ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় অধিনায়ক ৰোহিত শৰ্মাই। প্ৰথমে বেটিং কৰি নিউজিলেণ্ডৰ সন্মুখত টীম ইণ্ডিয়াই ৩৯৮ ৰানৰ লক্ষ্য বান্ধি দিয়ে। ৫০ অভাৰত টীম ইণ্ডিয়াই সংগ্ৰহ কৰে ৩৯৭ ৰান। প্ৰত্যুত্তৰত নিউজিলেণ্ডে ৪৮.৫ অভাৰত ৩২৭ ৰান সংগ্ৰহ কৰে। এই খেলখনতে বিৰাট কোহলীয়ে গঢ়িলে অনন্য অভিলেখ। শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিলে বিৰাটে। এদিনীয়া ক্ৰিকেটত ৫০টা শতৰান অৰ্জন কৰি বিৰাটে ভংগ কৰে শচীন তেণ্ডুলকাৰৰ অভিলেখ। এদিনীয়াত ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ আছিল ৪৯টা শতৰান।