বিশেষভাৱে সক্ষম শিশু অভিভাৱক আৰু কিছু কথা
সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ
প্রকৃতি প্রদত্ত সকলো সম্পদেই আপুৰুগীয়া। কোনো এটা বস্তুকেই হেয় জ্ঞান কৰিব নোৱাৰি । ক্ষুদ্রাতি ক্ষুদ্র অনু-পৰমাণুৰ পৰা আদি কৰি বিশালাকাৰ বস্তু কোনো এটাৰেই প্রয়োজনীয়তা উলাই কৰিব নোৱাৰি। মানৱ সম্পদো প্রকৃতিৰ দান। সাতজনমৰ পিছত মানৱী জীৱন, ই যে এক মহাদান ! পৰজনমৰ সুকৰ্মৰ ফলত কঠোৰ তপস্যাৰ অন্তত লাভ কৰা এক প্ৰাপ্তি ; এই বিশ্বাসো আমাৰ সমাজত প্ৰচলিত। জন্মান্তৰবাদত বিশ্বাসী ভাৰতীয় আদৰ্শ ।সেয়ে যেন এই সার্থক জনমটো এনেই অতিবাহিত নকৰি জীৱ শ্ৰেষ্ঠত্বৰ পৰিচয় দিবলৈ আমি আমাৰ কৰণীয়খিনি সূচাৰূপে কৰি গ’লেই জীয়াই থাকিব আমাৰ অস্তিত্ব চিৰকাল। জৈৱিক দেহাটোৰ বিয়োজকে বিয়ো
যি কি নহওঁক, প্রথমতে আমি সকলোৱেই মানুহ হিচাপে জন্ম গ্রহণ কৰো। সময়ৰ তাগিদাত জীৱন উপভোগ কৰাৰ সময়ত দৃষ্টিগোচৰ হয় আমাৰ অপূৰ্ণতাৰ মোনাখন আৰু তেতিয়াই আমি নৱ নাম লাভ কৰো , বাধাগ্ৰস্ততা। তেতিয়াৰ পৰাই নৈৰ দৰে চিৰ প্ৰৱাহমান জীৱনৰ মোহনাত অশ্বখুড়া হ্ৰদৰ সৃষ্টি হয়। যি হ্ৰদৰ পানী দোপতদোপে শুকাই যায়, অনাকাংক্ষিত খৰাংৰ আগমন হয়। চকুৰ মণিস্বৰূপ শিশু হৈ পৰে পিতৃ-মাতৃৰ চকুৰ কুটা দাঁতৰ শাল, কালকূটৰ দৰে। অহৈতুক প্রেম, ভালপোৱাৰ স্থান দখল কৰে অৱহেলা অৱজ্ঞাই ।
মাহীমাকৰ দৰে ব্যৱহাৰ নকৰি, অৱজ্ঞা নকৰি অলপ ওচৰ চাপি চাবচোন একান্তে তেওঁলোকৰ ভিতৰত বিমূৰ্ত সুপ্ত প্রতিভাবোৰ ত্ৰিনয়নে চাবলৈ চেষ্টা কৰিবছোন। চাব তেতিয়া ঘন কুঁৱলীৰ ওৰণিখন গুচি যাব স্বতঃস্ফূর্তভাৱে । আন্তৰিকতাৰ ফুলপাহৰ পাপৰিৰ সুবাসে মুখৰিত কৰিব বিশ্ব-ব্রহ্মাণ্ড। সকলো মানুহেই নিজস্ব গুণ-গৰিমাৰে মহিমামণ্ডিত, বিশাল প্রতিভাৰে মহীয়ান কিন্তু সেয়া হৃদয়ংগম কৰিবলৈ লাগিব এক ইচ্ছাশক্তি , নিৰ্ভেজাল অন্তৰৰ । অৱহেলাৰ বাণে সক্ষমজনৰ মনত এনেকৈ কষ্টৰ শেলাই হৈ আগুৰি বহিব , য’ত উশাহ লব’লৈয়ো কঠিন হৈ পৰিব । এক দুৰ্গন্ধময় বাতাবৰণৰ সৃষ্টি হ’ব । মায়া-মমতাৰ বিশাল কাৰেং ঘৰ এই পৃথিৱীখন, ভুৱা পথাৰলৈ পৰিণত হ’ব । এলাগীৰ দুখে ছিৰাছিৰ কৰি দিয়ে ফুল কোমলীয়া হৃদয়খন, য’ত এছাটি মৃদু পৱনে কোমলাব পৰা শক্তি থাকে, সেই শক্তিত ঘুণে ধৰিছে। মানুহ কেতিয়াও সর্বত্রে পূর্নাংগ নহয়, সকলোৰে বিশেষ কিছু ক্ষেত্রত দক্ষতা থাকে আৰু কিছু ক্ষেত্রত দুর্বলতা। পৰস্পৰৰ সম্পূৰ্ণ-অসম্পূৰ্ণৰ দোমোজাত সহৃদয়তাৰ এনাজৰীডাল ছিঙি নোযোৱাকৈ উপঙি আছে বাবে বৰ্তি আছে সমাজখন। বিশাল উৰাজাহাজ এটাৰো সফলতাৰ কোমল বাটত আনৰ সহায়ৰ প্রয়োজন হয়, নিজত থকা সম্ভৱনাখিনি আনৰ মৰমৰ বা সহায়ৰ হাতখন আগবঢ়াই দিয়াৰ পিছতেই আকাশৰ বুকুত নিশ্চিতে বিচৰণ কৰিব পাৰে।
গতিকে, সকলোৰে সফলতাৰ আঁৰত থকা পথ প্রশস্ত কৰাৰ বাবে , কষ্টবোৰ ধুই পখালি ল’ব পৰাকৈ, বিফলতাৰ ফুটটো কপালৰ পৰা মুচি দিব পৰাকৈ উদাৰতাৰ হাত এখন আগবঢ়াই দিবলৈ এজন মানুহ লাগে, মৰমেৰে জিনিব নোৱাৰা , উৎসাহে আগুৱাব নোৱাৰা, অভাৱত আৱিষ্কাৰ কৰিব নোৱাৰা কোনো বস্তুৱেই নাই; সঁহাৰি পালে কঠোৰ শিলাখণ্ডও লাহি, কোমল হ’ব পাৰে।
বহু ক্ষেত্রত আৰ্থিকভাৱে স্বচ্ছল পৰিয়ালৰ বিশেষভাৱে সক্ষম শিশুক পিতৃ-মাতৃয়ে আন সুস্থ সন্তানৰ দৰে আপদাল কৰিবলৈ ইচ্ছা নকৰে, তেনে শিশু বা সন্তান অভিভাৱকসকলৰ বাবে মূৰৰ বোজাস্বৰূপ হৈ পৰে। হীন চকুৰে চায়। কিন্তু তেওঁৰ মাজত সুপ্ত সম্ভাৱনাক আওকাণ কৰে, বোকাত থকা পদুম ফুলপাহৰ সৌন্দৰ্য উপভোগ কৰিব নোৱাৰে, গুৰুত্বৰ ঘ্ৰাণ চিনি নাপায়। কোনো ধৰণৰ সুযোগ সুবিধাই দিব নিছিাৰে । কিছু ক্ষেত্রত নিজ সন্তান হিচাপে পৰিচয়টো দিবলৈয়ো সংকোচবোধ কৰে , লাজ লাগে ।
আনহাতে , দৰিদ্ৰতাই কোঙা কৰা জীৱনৰ ঘৰৰ সক্ষম সন্তানৰ জীৱন পানীত হাঁহ নচৰাৰ দৰে । মনটো থাকিলেও যেন ধনৰ অভাৱত অস্তিত্বহীন হৈ যায় ডেউকা মেলা সপোনৰ সোপান। এমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিব লগা হয় , যমৰ যাতনা ভুগ কৰিবলগীয়াত পৰে। জীৱনটো কষ্টৰ বিশাল মহাসমুদ্ৰত ডুব যোৱাৰ উপক্রম হয়। কিছু ক্ষেত্ৰত পৰিয়ালৰ মুখত এমুঠি অন্ন তুলি দিবলৈ ভিক্ষাবৃত্তিৰ পথ অৱলম্বন কৰা দেখা যায় । আৰু তেনে পৰিস্থিতিতেই দুৰ্বলতাৰ সুযোগ লৈ লেতেৰা অভিসন্ধিৰ এচাম মধ্যভোগীৰ ক’লা দৃষ্টিত পৰে এই নিৰীহৰ প্ৰাণ। পেটৰ তাড়নাত দুপইচাৰ প্ৰলুব্ধতাত ভোল গৈ প্ৰখৰ ৰ’দত , নতুবা হাড় কঁপোৱা শীতত ঘন কুঁৱলীৰ বুকু ফালি জৰাজীৰ্ণ দেহাৰে পদপথত জীয়াই থাকিবলৈ ভিক্ষাৰ হাতখন আগবঢ়াই দিয়ে। দিনৰ শেষত চেনিৰ লাভ যেন ক’লা পৰুৱাৰ দলে খাই দিয়ে ! এনেকৈ খমখমীয়া নোটৰ লোভত দৌৰা এচামলোকে অমানবীয়তাৰ বেহাখন চলাই থাকে এইবোৰলোক সমাজৰ বিষাক্ত কীটৰ দৰে, জৈৱিক সাৰৰ বিপৰীতে ৰাসায়নিক কীটনাশক ছটিয়াই নিদিয়ালৈ এইবোৰৰ ওৰ নপৰে।
দেশত প্ৰায় ছয়কোটিৰো অধিক লোক কোনো নহয় কোনো ধৰণৰ শাৰিৰীক সক্ষমতাৰ সৈতে বাস কৰি আছে। তেওঁলোকৰ সমস্যাবোৰৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে একাধিক ব্যৱস্থা গ্ৰহণ কৰা স্বত্বেও, জৰুৰী অৱস্থাত তেওঁলোকক প্ৰায়ে উপেক্ষা কৰা হয়। তেওঁলোকৰ বাবে অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি যেনে অসম ‘ দীন দয়াল দিব্যাংগঞ্জ সাহাৰ্য আঁচনি ‘, অন্যান্য সা-সুবিধাৰ ব্যৱস্থা হাতত লৈছে যদিও চৰম সফলতা লাভ কৰিব পৰা নাই। সমাজত এতিয়াও কিছু কিছু ঠাইত উদাৰতাৰ গছজোপা শিপাই আছে। কিছু সহৃদয় লোকৰ প্ৰচেষ্টাত NGO বোৰে অনেক লোকৰ দায়িত্বভাৰ গ্রহণ কৰিছে। ঘোৰ আঁউসীৰ বুকুখন ভেদি পোহৰ বিলাবলৈ জোনৰো এখন আকাশৰ প্ৰয়োজন হয়। তদ্রূপ, সেই সক্ষম লোকৰ মূৰৰ আকাশ হৈ NGO বোৰে তেওঁলোকৰ ভৱিষ্যত পোহৰৰ আলোকেৰে জ্যোতিষ্মান কৰিবলৈ চেষ্টা কৰিছে। মৃতপ্রায় জীৱনৰ প্ৰাণৰ নিজৰা বোৱাবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে।
গতিকে আমি ক’ব পাৰো যে, বিশেষভাবে সক্ষম লোকসকল পৃথিৱীৰ বোজা নহয় বৰঞ্চ পৃথিৱীৰ বোজা পাতল কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা সুদূৰপ্রসাৰী। শাৰীৰিক অসক্ষতা বা বাধাগ্ৰস্ততাই কৃতকার্যতাৰ পথত হেঙাৰস্বৰূপ হ’ব নোৱাৰে তাৰ উদাহৰণ আমি ইতিহাস বা বাস্তৱৰ পৃষ্ঠা লুটিয়ালেই দেখিবলৈ পাওঁ। উদাহৰণস্বৰূপে — হেলেন কেলাৰ , এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি হৈয়ো কিদৰে একাগ্রতা আৰু প্রখৰ বুদ্ধিৰ দ্বাৰা নিজৰ সহস্র বাধা অতিক্রম কৰি মানৱ সেৱাত ব্ৰতী হৈছিল, সেয়া আমি সকলোৱে জানো। স্পৰ্শৰ দ্বাৰা মনৰ উমান পোৱাৰ প্রতিভা চিৰনমস্য।
ঠিক তেনেদৰে, ষ্টিফেন হকিং — তেখেত বিশ্বৰ আটাইতকৈ বিখ্যাত বিজ্ঞানীসকলৰ মাজৰ এজন আছিল। অধ্যাপক হকিং কম্পিউটাৰৰ সৈতে লগোৱা এখন বিশেষ হুইলচেয়াৰত আৱদ্ধ আছিল যিয়ে তেওঁৰ হৈ কথা পাতিছিল। এএলএছৰ কাৰণে তেওঁ ভাষণ হেৰুৱাইছিল। অধ্যাপক হকিং এজন বিশিষ্ট তাত্ত্বিক পদাৰ্থবিজ্ঞানী আছিল যিয়ে বিশ্বব্ৰহ্মাণ্ডৰ কাৰ্যপ্ৰণালীৰ বিষয়ে গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছিল। হকিং বিকিৰণৰ আৱিষ্কাৰ তেওঁৰ কেইবাটাও গুৰুত্বপূৰ্ণ বৈজ্ঞানিক অৱদানৰ ভিতৰত অন্যতম।
ন ডি ৰুজভেল্ট , যাক এফডিআৰ বুলি জনা যায়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ 32 তম ৰাষ্ট্ৰপতি আছিল। ১৯২১ চনত ৰুজভেল্ট পলিঅ’ত আক্ৰান্ত হয় আৰু তেওঁৰ ভৰি স্থায়ীভাৱে পক্ষাঘাতগ্ৰস্ত হৈ পৰে। তথাপিও তেওঁ ১৯৩৩ চনৰ পৰা ১৯৪৫ চনত তেওঁৰ মৃত্যুলৈকে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এফডিআৰে আমেৰিকাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল কিয়নো তেওঁ মহাহতাশা আৰু দ্বিতীয় বিশ্বযুদ্ধৰ জৰিয়তে দেশখনক সফলতাৰে নেতৃত্ব দিছিল। 1938 চনত, ৰুজভেল্টে নেচনেল ফাউণ্ডেচন ফৰ ইনফাণ্টিল পেৰালাইচিছ প্ৰতিষ্ঠা কৰে, যাৰ ফলত পলিঅ’ ভেকছিন বিকশিত হয়। এই ফাউণ্ডেচনটো পিছত মাৰ্চ অফ ডাইমছ হিচাপে পুনৰ নামাকৰণ কৰা হৈছিল।এফডিআৰে হুইলচেয়াৰ ব্যৱহাৰ কৰিছিল কিন্তু ৰাজহুৱাভাৱে হুইলচেয়াৰ ব্যৱহাৰ কৰা দেখা পোৱাটো এৰাই চলিছিল। জৰ্জ ৱাশ্বিংটন আৰু আব্ৰাহাম লিংকনৰ সৈতে, এফডিআৰক আমেৰিকাৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰপতিসকলৰ ভিতৰত গণ্য কৰা হয়।
এণ্ড্ৰিয়া বোচেলি , ১৯৫৮ চনৰ ২২ ছেপ্টেম্বৰত ইটালীত জন্ম গ্ৰহণ কৰা এণ্ড্ৰিয়া বোচেলিৰ ৫ মাহ বয়সত জন্মগত গ্লুকোমা ধৰা পৰিছিল। তেওঁ ১২ বছৰ বয়সত সম্পূৰ্ণৰূপে অন্ধ হৈ পৰিছিল। বোচেলীয়ে এজন যুৱ লৰা হিচাপে সংগীতৰ প্ৰতি এক ডাঙৰ আগ্ৰহ দেখুৱাইছিল। তেওঁ সংগীত শিকিছিল আৰু এজন বিশ্ব বিখ্যাত গায়ক (টেনৰ), গীতিকাৰ, আৰু পিয়ানো, বাঁহী আৰু ফিডল বাদক হৈ পৰিছিল।
ফ্ৰিডা কাহলো, এগৰাকী মেক্সিকান চিত্ৰশিল্পী আছিল। তাই ছয় বছৰ বয়সত পলিঅ’ত আক্ৰান্ত হৈছিল। ৰোগটোৱে তাইৰ সোঁ ভৰিখন বাওঁফালতকৈ চুটি আৰু পাতল কৰি তুলিছিল। 1925 চনত, কাহলো এক দুৰ্ঘটনাত পতিত হয় যাৰ ফলত তাইৰ অক্ষমতা অধিক বৃদ্ধি হয়। তাই তাইৰ জীৱনৰ বেছিভাগ সময় বিচনাত তীব্ৰ বিষত অতিবাহিত কৰিছিল। তথাপিও, কাহলো এজন বিখ্যাত চিত্ৰশিল্পী আৰু সাংস্কৃতিক আইকন হিচাপে পৰিগণিত হৈছিল।
ফ্ৰিডা কাহলোৰ কেইটামান বিখ্যাত ৰচনা হৈছে হেনৰী ফৰ্ড হস্পিটেল (1932), মাই বাৰ্থ (1932), মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত বৰ্ডাৰলাইনত আত্ম-প্ৰতিকৃতি (1932), মেমৰি, দ্য হাৰ্ট (1937), হোৱাট দা ৱাটাৰ গেভ মি (1938), দ্য টু ফ্ৰিডাছ (1939), চেল্ফ-পোট্ৰেইট উইথ থৰ্ণ এণ্ড হামিং নেকলেস (194)।
ত্ৰিচা ,তেওঁ এতিয়ালৈকে আটাইতকৈ সুসজ্জিত পেৰালিম্পিক খেলুৱৈ। আমেৰিকাৰ পেৰালিম্পিক সাঁতোৰবিদ ত্ৰিচায়ে পেৰালিম্পিক খেলত 41 টা স্বৰ্ণসহ 55 টা পদক জিকিছে। এতিয়ালৈকে আটাইতকৈ সফল পাৰালিম্পিয়ান হোৱাৰ উপৰিও ত্ৰিচায়ে তাইৰ বিকলাঙ্গতা শ্ৰেণীত বহুতো বিশ্ব অভিলেখ গঢ়ে। তাই এনিৰিডিয়া নামৰ এক বিৰল অৱস্থাৰ সৈতে জন্মগ্ৰহণ কৰিছিল যাৰ বিশেষত্ব হৈছে আইৰিছৰ অস্বাভাৱিক বিকাশ। ত্ৰিচা তাইৰ বিৰল অৱস্থাৰ বাবে জন্মৰ পৰাই আইনীভাৱে অন্ধ হৈ আছে। তাইক ২০১২ চনত পেৰালিম্পিক হল অফ ফেমত অন্তৰ্ভুক্ত কৰা হৈছিল। আৰু, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিকলাঙ্গ সাঁতোৰবিদসকলক তেওঁৰ নামত এটা বঁটা প্ৰদান কৰা হয় – ত্ৰিচা এল জৰ্ন বঁটা।
ড. সুৰেশ এইচ. আদৱানী এজন প্ৰতিষ্ঠিত অংকলজিষ্ট যাক ভাৰতত হেমাটোপইটিক ষ্টেম চেল সংৰোপণৰ পথপ্ৰদৰ্শক হিচাপে কৃতিত্ব দিয়া হয়। পদ্মভূষণ বঁটা বিজয়ী ড০ আদৱানী আঠ বছৰ বয়সত পলিঅ’ত আক্ৰান্ত হৈছিল। তেওঁ মুম্বাইৰ গ্ৰাণ্ট মেডিকেল কলেজত পঢ়িবলৈ গৈছিল য’ত তেওঁ এমবিবিএছ আৰু এমডি ডিগ্ৰী অৰ্জন কৰিছিল।
জ্যোতি আমগে বিশ্বৰ আটাইতকৈ সৰু জীৱিত মহিলা হোৱাৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড আছে। তাই বহুতো টিভি অনুষ্ঠানত দেখা গৈছে। তাইৰ সীমিত উচ্চতা একণ্ড্ৰোপ্লাছিয়া নামৰ আনুবংশিক বিকাৰৰ বাবে। বামনত্ব হৈয়ো দৃঢ় মনোবলৰ অধিকাৰী হৈ সমাজত নিজকে সমাযোজন কৰি জীয়াই আছে।
অক্ষমতাই এজন ব্যক্তিৰ জীৱন সাধাৰণতে হোৱাতকৈ অধিক কঠিন কৰি তোলে। কিন্তু তথাপিও এনে কিছুমান লোক আছে যিয়ে তেওঁলোকৰ অক্ষম পৰিস্থিতিক তেওঁলোকৰ জীৱনত বাধা হ’বলৈ নিদিয়ে। এই বিকলাঙ্গ লোকসকলৰ তেওঁলোকৰ আটাইতকৈ ডাঙৰ শক্তি হিচাপে আত্মবিশ্বাস আছে আৰু তেওঁলোকৰ সাহসে সফলতা আৰু খ্যাতি প্ৰদান কৰে।উপৰোক্ত বিশেষভাৱে সক্ষম লোকসকলে জীৱনৰ তিক্ত অভিজ্ঞতাবোৰ আওকাণ কৰি নিজৰ অক্লান্ত চেষ্টা , ধৈৰ্য আৰু মনোবলৰ ফলত নিজৰ আদৰ্শ ৰাখি থৈ যাব পাৰিছে, এক বিশ্ব অভিলেখ গঢ়ি তুলিব পাৰিছে। সেয়েহে তেনে লোকক অৱহেলা নকৰি অসম্পূর্ণতাৰ বোজাটো বুকুত কঢ়িয়াই লৈ সম্ভাৱনাবোৰ শিল হৈ যোৱাৰ আগতেই স্নেহৰ আখৰাৰে শুষ্ক মৰুভূমিৰ বুকুখন এজাক সতেজ, বৰষুণেৰে চিৰসেউজ কৰি ৰাখিবলৈ ভৰসাৰ হাতখন খামুচি,বিশ্বাসৰ কান্ধ খন পাতি আগুৱাই লৈ যোৱাৰ পথ প্রশস্ত কৰিব নোৱাৰোনে? অনুকমম্পা হৈ আন্তৰিকতাৰ হাতখন মূৰত বুলাই দি জীৱনত সূচল পথৰ গৰাকী হ’বলৈ আমি অভিভাৱকসকল পৰিয়ালৰ লগতে আমি বসবাস কৰা সমাজখনে অনুপ্রাণিত কৰি আগুৱাই লৈ যাব নোৱাৰোনে? নিজৰ মাজত থকা অসম্পূর্ণতাৰ দুৰ্গটো মৰমেৰে জিনি কস্তুৰীৰ সুগন্ধিৰে চৌপাশ মুখৰিত কৰিব নোৱাৰোনে ? যিটো দুৰ্গৰ পাৰ হৈ কোনোৱেই তেওঁলোকৰ হৃদয়ত বিদ্রূপৰ কুঠাৰাঘাতটো দূৰৰ কথা স্পর্শৰ হাতখনো যেন আগবঢ়াই নিব নোৱাৰে।