পৃথিৱীত যেন এক বিভীষিকা
নাই যাৰ কোনো যৱনিকা ॥
যিয়ে পাইছে তাৰ অভিজ্ঞতা
সিয়ে জানে তাৰ ত্ৰাসৰ তিক্ততা ॥
জীৱন ও যেন এক স্তব্ধ যন্ত্ৰ ।
ডাক্তৰ, পুলিচ যেন এক চালিত যন্ত্ৰ ॥
নাই কোনো শব্দ, নাই কোনো প্ৰদূষণ
নাই কোনো গল্প, নাই কোনো কৰ্ম ॥
আছে কেৱল ত্ৰাসৰ বিভীষিকা ।
মানৱ জীৱনত নেদেখা এক নতুন বিভীষিকা ॥