বিভাগীয় উদাসীনতাক প্ৰত্যাহ্বান জনাব শিক্ষক সমাজে

বিভাগীয় উদাসীনতাক প্ৰত্যাহ্বান জনাব শিক্ষক সমাজে, ২৫ অক্টোবৰত সকলো শিক্ষকে আনইনষ্টল কৰিব ৰিমচ এপ ব্যক্তিগত মোবাইল, ক্ৰয় কৰা দাতাৰে দিয়া নহব শিক্ষক-ছাত্র-ছাত্ৰীৰ উপস্থিতিৰ খতিয়ান

ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম শিক্ষক মঞ্চৰ সভাত ৰাজ্যৰ প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ থকা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আৰু পঞ্জীয়নভূক্ত শিক্ষক সংগঠনে ৰিমচ্ এপচ্ ৰ জৰিয়তে শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষা মিচনে একত্ৰিতভাৱে প্ৰতিক্ৰয়া প্ৰকাশ কৰি ৫ অক্টোবৰত ৰাজ্যৰ শিক্ষামন্ত্রী, প্রধান সচিব শিক্ষাবিভাগ আৰু বিশেষ আয়ুক্ত ও সচিব শিক্ষাবিভাগলৈ ৰিমচ্ এপচ্ ব্যৱহাৰ সম্পর্কত ব্যক্ত কৰা গোপনীয়তা ভংগৰ সন্দেহ দূৰ কৰাৰ বাবে স্মাৰক যোগে জনোৱাৰ পাছতো চৰকাৰীভাৱে কোনো আনুষ্ঠানিকতা ৰক্ষা নকৰাত তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে ৰাজ্যৰ শিক্ষক সমাজ।  প্রেৰণ কৰা সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ অন্তর্গত শিক্ষক সংগঠন সমূহে এক প্রেছ বাৰ্তাত মঞ্চৰ সভাপতি মণ্ডলী আৰু সম্পাদক মণ্ডলীয়ে সম্পাদক ২৫ অক্টোবৰৰ ভিতৰত সকলো শিক্ষককে নিজৰ ভ্ৰাম্যভাষৰ পৰা ৰিমচ এপ আনইনষ্টল কৰাৰ আহ্বান জনাইছে। শিক্ষক সংগঠন সমূহৰ সভাপতি মণ্ডলী আৰু সম্পাদক মণ্ডলীয়ে স্পষ্ট কৰি দিয়ে যে ব্যক্তিগত খণ্ডৰ কোম্পানীৰ ওচৰত শিক্ষকৰ আধাৰ কাৰ্ড সহ তথ্য জমা দি বিদ্যালয়ৰ উপস্থিতি প্ৰদানৰ ব্যৱস্থা কেতিয়াও শুদ্ধ হব নোৱাৰে। ৰিমচ্ এপচ্ ব্যৱস্থাত নিজৰ ভ্ৰাম্যভাষৰ সকলো তথ্য চোৱাৰ অনুমতি প্ৰদান কৰিব লাগে৷সেয়েহে এনে ব্যৱস্থাত নিজৰ ভ্ৰাম্যভাষ ব্যৱহাৰ কৰিব দিয়াটো অযুক্তিকৰ। ব্যক্তিগত খণ্ডত তথ্য জমা ৰাখি লটি ঘটি হোৱাৰহে আংশকা । ইপিনে শিক্ষক সংগঠন সমূহে পূর্বতে ছাত্ৰ-ছাত্ৰীৰ তথ্য সংগ্ৰহ কৰা ব্রহ্মপুত্র নামৰ ব্যক্তিগত কোম্পানীয়ে সংগ্রহ কৰা তথ্য ভাণ্ডাৰ ওপৰত প্রশ্নৰ অৱতাৰণা কৰি কয় যে সেই তথ্য কি কামত ব্যৱহাৰ কৰিলে তাক ৰাজহুৱা কৰাৰ বাবে সর্বশিক্ষা অভিযান মিচনক দাবী জনায়। কি কাৰণত ব্ৰহ্মপুত্ৰ নামৰ কোম্পানীটোৱে ছাত্ৰ-ছাত্ৰী তথ্য সংগ্রহ কৰি জব্দ কৰি ৰাখিছে তাক লৈ মঞ্চৰ অন্তৰ্গত শিক্ষক সংগঠন সমুহে উদ্বেগ প্রকাশ কৰিছে৷ শিক্ষক-মঞ্চখনৰ অন্তর্গত নিম্ন উল্লিখিত শিক্ষক সংগঠন যথাক্রমে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি-আনোৱাৰ হুছেইন, প্রধান সম্পাদক-ৰাতুল চন্দ্র গোস্বামী, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সভাপতি-ৰঞ্জিত বৰা, প্রধান সম্পাদক- দ্বিপেন শর্মা, সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ সভাপতি-ৰঞ্জিত বৰঠাকুৰ, সম্পাদক প্রধান-লক্ষ্য জ্যোতি শইজকীয়া, সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থাৰ সভাপতি-ৰত্নাকৰ নাথ, সাধাৰণ সম্পাদক- নৰেশ হাজৰিকা, সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কর্মচাৰী সন্থাৰ সভাপতি-হিমাদ্রী জ্যোতি দত্ত, সাধাৰণ চৈয়দ আনিচুৰ ৰহমান, অসম কনিষ্ঠ মহাবিদ্যালয় শিক্ষক-কর্মচাৰী সন্থাৰ সভাপতি- নগেন্দ্র নাথ শর্মা, সাধাৰণ সম্পাদক- উৎপল চক্রৱর্তী , নিখিল বড়ো প্রাথমিক শিক্ষক সন্থাৰ সভাপতি- চবিন স্বর্গয়াৰী, সাধাৰণ সম্পাদক-কামেনী বসুমতাৰী, অসম হাইস্কুল শিক্ষক সন্থাৰ সভাপতি- খনিন্দ্ৰ কুমাৰ গোস্বামী, ৰাজ্যিক সম্পাদক-আনোৱাৰ হুছেইন, অসম প্রাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি-ত্ৰৈলোক্য ডেকা, সাধাৰণ সম্পাদক-মিৰাজুল ৰচিদ, সদৌ অসম ষ্টেট পুল শিক্ষক সন্থাৰ সভাপতি-উদয় কুমাৰ ৰাভা, সম্পাদক-অনিল পাৱে আৰু ভোকেচনেল শিক্ষক সন্থাৰ সভানেত্ৰী- ইন্দ্ৰানী পটংগীয়া, সম্পাদীকা-ৰিণিকী দাসে নিজ নিজ নিজ নিজ সংগঠনৰ সদস্য সকলক এই আহ্বান কাৰ্যকৰী কৰিবলৈ সদস্য সকলৰ প্ৰতি এই প্রেছ বার্তাৰ জৰিয়তে নিৰ্দেশ প্ৰদান কৰিছে। আনহাতে শিক্ষকৰ ৰিমচ্ এপচ্ ৰ জৰিয়তে শিক্ষক সকলৰ মোবাইলত আবদ্ধ ব্যক্তিগত তথ্য আৰু গতিবিধি নিৰীক্ষণ সম্পর্কত উত্থাপন কৰা সন্দেহ সমূহ বিভাগীয় স্তৰৰ পৰা দূৰ নকৰাকৈ কোনো চক্ৰই শিক্ষকক ৰিমচ্ ব্যৱহাৰৰ হেঁচা প্ৰয়োগ কৰিলে আইনৰ আশ্ৰয় লোৱাৰো হংকাৰ প্ৰদান কৰিছে প্রতিটো শিক্ষক সংগঠনে৷ উল্লেখ্য যে শিক্ষক মঞ্চৰ মূখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত শিক্ষক সংগঠন সমূহে এই সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে।