বিধায়ক ভৱেশ কলিতাৰ ৰঙিয়া জিলা ক্রীড়া সন্থাৰ খেলপথাৰ পৰিদৰ্শন

বাৰ্ত্তাসেৱা – ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই অলপতে ৰঙিয়া জিলা ক্রীড়া সন্থাৰ খেলপথাৰ পৰিদৰ্শন কৰে। তেওঁ আনটাইড আঁচনিৰ পৰা অনুমোদিত বিছ লাখ টকা ব্যয়েৰে নির্মীয়মাণ পকীবেৰৰ কামৰ অগ্ৰগতিৰ বুজ লয়৷ পৰিদৰ্শনৰ অন্তত বিধায়ক কলিতাই ৰঙিয়া জিলা ক্রীড়া সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক মুকুটানন্দ ভট্টাচার্যসহ জিলা ক্রীড়া সন্থাৰ কেইবাগৰাকী বিষয়ববীয়াৰ উপস্থিতিত খেলপথাৰখনৰ আন্তঃগাঁথনিৰ উন্নয়ন সম্পর্কে আলোচনাত মিলিত হয়। আলোচনা কালত জিলা ক্রীড়া সন্থাৰ সাধাৰণ সম্পাদক ভট্টাচার্যই বিধায়ক কলিতাক খেলপথাৰখনৰ উত্তৰ দিশৰ বৰলীয়া নৈৰ খহনীয়া প্ৰতিৰোধ, পূব দিশৰ অবৈধ দখল মুক্ত কৰা, খেলপথাৰখনৰ মান উন্নতকৰণ, পেভিলিয়ন, ইণ্ডোৰ গেমছৰ ভৱন, দৰ্শকৰ বাবে গেলাৰী আৰু ছুইমিং পুলৰ নিৰ্মাণৰ বাবে সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ বিধায়ক গৰাকীক অনুৰোধ জনায়৷ কলিতাই তেওঁৰ এই কাৰ্যকালৰ ভিতৰত সমস্যাসমূহ আলোচনা মর্মে সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।