সামাজিক মাধ্যম: সমাজৰ বাবে আশীৰ্বাদ নে অভিশাপ? – দর্শনা দত্ত 

Pc Hallam

সামাজিক মাধ্যম: সমাজৰ বাবে আশীৰ্বাদ নে অভিশাপ?

দর্শনা দত্ত 
দেৰগাঁও,গোলাঘাট 

বৰ্তমানৰ যুগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। এই বিজ্ঞান আৰু প্ৰযুক্তিৰে এক আশ্চৰ্যজনক আৱিষ্কাৰ হ’ল সামাজিক মাধ্যম বা ছ’চিয়েল মিডিয়া। বৰ্তমান সময়ত ৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম, এক্স (টুইটাৰ), ইউটিউব আদি মানুহৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। ই সমগ্ৰ বিশ্বৰ দূৰত্ব নাইকীয়া কৰি এখন গোলকীয় গাঁৱলৈ (গ্ল’বেল ভিলেজ) ৰূপান্তৰিত কৰিছে। মানুহৰ যোগাযোগ আৰু ভাৱ-বিনিময়ৰ পৰম্পৰাগত ধাৰাটো ই সম্পূৰ্ণ সলনি কৰি পেলাইছে। কিন্তু প্ৰতিটো মুদ্ৰাৰে ইপিঠি-সিপিঠি থকাৰ দৰে সামাজিক মাধ্যমৰো কিছুমান ভাল তথা ইতিবাচক দিশ থকাৰ বিপৰীতে কিছুমান ভয়ংকৰ নেতিবাচক দিশো আছে। ভাল দিশবোৰ যেনেকৈ আমাৰ বাবে আশীৰ্বাদ, ঠিক তেনেকৈ ইয়াৰ ভয়ংকৰ নেতিবাচক দিশবোৰ সমাজৰ বাবে এক ডাঙৰ অভিশাপ।

সামাজিক মাধ্যমৰ আটাইতকৈ উল্লেখনীয় আৰু প্ৰভাৱশালী ইতিবাচক দিশটো হ’ল ইয়াৰ জৰিয়তে গঢ়ি উঠা এক অতি সহজ, সুলভ আৰু ক্ষিপ্ৰ গোলকীয় যোগাযোগ ব্যৱস্থা। বৰ্তমান যুগৰ এই মাধ্যমসমূহে ভৌগোলিক দূৰত্ব নাইকীয়া কৰি পৃথিৱীৰ যিকোনো প্ৰান্তত থকা বন্ধু-বান্ধৱ, আপোনজন,পেচাদাৰী ব্যক্তি আদিৰ সৈতে মুহূৰ্তৰ ভিতৰতে বাৰ্তা প্ৰেৰণ কৰা, অডিঅ’-ভিডিঅ’ কল কৰা বা অফিচ ফাইল আদি আদান-প্ৰদান কৰাটো এতিয়া অতি সহজ কৰি তুলিছে। শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন তথা আধুনিকীকৰণৰ ক্ষেত্ৰতো ই এক বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু জ্ঞানান্বেষী লোকসকলৰ বাবে সামাজিক মাধ্যম এক আৰ্শীবাদস্বৰূপ হৈ পৰিছে। ফেচবুক বা এক্সৰ বিশেষজ্ঞ পেনেল, ইউটিউবৰ দৰে প্লেটফৰ্মৰ ভিডিঅ’ টিউটৰিয়েল আৰু অনলাইন ডকুমেণ্টৰ সহায় লৈ শিক্ষাৰ্থীসকলে ঘৰত বহিয়েই বিভিন্ন গ্ৰন্থ, কাকত -আলোচনী পঢ়িব পাৰিছে। তাৰোপৰি দেশ-বিদেশৰ বিশ্ববিদ্যালয় বা বিশেষজ্ঞৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ বা অতি কম খৰচতে জ্ঞান অৰ্জন কৰিব পাৰিছে। ই শিক্ষা গ্ৰহণৰ প্ৰক্ৰিয়াটোক শ্ৰেণীকোঠাৰ চাৰিসীমাৰ পৰা মুক্ত কৰি অধিক সাৰ্বজনীন আৰু সহজলভ্য কৰি তুলিছে। ইয়াৰ সমান্তৰালভাৱে, বিশ্ব অৰ্থনীতি আৰু ব্যৱসায়িক ক্ষেত্ৰতো সামাজিক মাধ্যমে বিপুল পৰিৱৰ্তন আনিছে। পৰম্পৰাগত বিজ্ঞাপন ব্যৱস্থাত অধিক ধনৰ প্ৰয়োজন হোৱাৰ বিপৰীতে, ক্ষুদ্ৰ,মজলীয়া আৰু নতুন ব্যৱসায়ীসকলে এতিয়া সামাজিক মাধ্যমৰ জৰিয়তে অতি কম খৰচতে নিজৰ উৎপাদিত সামগ্ৰী বা সেৱাবোৰৰ ডিজিটেল মাৰ্কেটিং কৰিব পাৰে। ইয়াৰ ফলত বিক্ৰেতা আৰু গ্ৰাহকৰ মাজত পোনপটীয়া সম্পৰ্ক গঢ়ি উঠে, যাৰ ফলত মধ্যভোগীৰ প্ৰভাৱ কমি আহে আৰু আত্মসংস্থাপনৰ নতুন পথ মুকলি হয়।

সমাজৰ সুপ্ত বা থলুৱা প্ৰতিভাক বিশ্বজুৰি চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত সামাজিক মাধ্যমসমূহ এক অন্যতম শক্তিশালী মঞ্চ।বৰ্তমান সময়ত প্ৰতিভাশালী লোকসকলে নিজৰ সাহিত্য চৰ্চা, সংস্কৃতি চৰ্চা, চিত্ৰকলা, ৰন্ধন কলা বা অন্য কোনো সৃষ্টিশীল কৰ্মক এই মাধ্যমবোৰৰ যোগেদি লাখ লাখ দৰ্শকৰ ওচৰলৈ লৈ যাব পাৰে আৰু তাৰ পৰাই উপাৰ্জনৰ পথো উলিয়াব পাৰে। সামাজিক তথা ৰাজনৈতিক সচেতনতা বৃদ্ধি আৰু গণতন্ত্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰতো সামাজিক মাধ্যমৰ ভূমিকা গুৰুত্বপূৰ্ণ। সমাজৰ বিভিন্ন অন্ধবিশ্বাস,কু-সংস্কাৰ আদিৰ বিৰুদ্ধে জনমত গঠন কৰা, মানৱ অধিকাৰ ৰক্ষা কৰা,সমাজত ঘটি থকা অন্যায়-দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা আৰু প্ৰশাসনৰ জবাবদিহিতা নিশ্চিত কৰাত সাধাৰণ জনসাধাৰণে এই মাধ্যমবোৰক অস্ত্ৰ হিচাপে প্ৰয়োগ কৰিব পাৰিছে। জৰুৰীকালীন সমস্যা বা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই মাধ্যমবোৰৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে ধন তথা স্বেচ্ছাসেৱক সংগ্ৰহ কৰিব পৰা যায়। বিভিন্ন চৰকাৰী আঁচনি, স্বাস্থ্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বাৰ্তা বা মহামাৰীৰ কালত সকলোৰে মাজত সজাগতা গঢ়ি তোলাৰ বাবেও সামাজিক মাধ্যম এক অপৰিহাৰ্য অংগ হৈ পৰিছে। এক কথাত ক’বলৈ গ’লে, ই মানুহৰ নিজৰ মতামত ব্যক্ত কৰাৰ সুবিধা প্ৰদান কৰাৰ লগতে প্ৰতিজন নাগৰিকক বিশ্বৰ ঘটনাৱলীৰ সৈতে সক্ৰিয়ভাৱে জড়িত থকাৰ সুযোগ দিছে।

সামাজিক মাধ্যমৰ যিদৰে বহুতো ইতিবাচক বা সুফল আছে, ঠিক সেইদৰে ইয়াৰ অত্যধিক আৰু অনিয়ন্ত্ৰিত ব্যৱহাৰে মানুহৰ সমাজলৈ তীব্ৰ ভয়াৱহতাও নমাই আনিছে। সামাজিক মাধ্যম বা ছ’চিয়েল মিডিয়াৰ অনিয়ন্ত্ৰিত ব্যৱহাৰে বৰ্তমান সময়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক, শৈক্ষিক আৰু ভৱিষ্যত জীৱনত অতি ভয়াৱহ ঋণাত্মক প্ৰভাৱ পেলাইছে। শিক্ষাৰ্থীসকলৰ বাবে আটাইতকৈ ডাঙৰ ক্ষতিটো হৈছে সময়ৰ অপচয় আৰু মনোযোগৰ অভাৱ। ৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব ৰিল বা অনলাইন গেমৰ দৰে প্লেটফৰ্মসমূহে ছাত্ৰ-ছাত্ৰীসকলক ইমানেই আসক্ত কৰি তুলিছে যে তেওঁলোকে পঢ়া-শুনাৰ দৰে অতি গুৰুত্বপূৰ্ণ কাম এৰি ঘণ্টাৰ পিছত ঘণ্টা মোবাইল, লেপটপত ব্যস্ত থাকে। খেলা-ধূলাই ছাত্ৰ-ছাত্ৰীৰ শৰীৰ সুস্থ-সবল কৰি ৰখাৰ উপৰি তেওঁলোকৰ মানসিক একাগ্ৰতা, খেলুৱৈ সুলভ মনোভাৱ আৰু দলগতভাৱে কাম কৰাৰ দক্ষতা বৃদ্ধি কৰে। কিন্তু বৰ্তমান সময়ত বিয়লিৰ সময়ছোৱাত খেলপথাৰলৈ যোৱাৰ পৰিৱৰ্তে ঘৰৰ চাৰিবেৰৰ ভিতৰত আৱদ্ধ হৈ থকাৰ ফলত তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশ ব্যাহত হৈছে। ইয়াৰ ফলত তেওঁলোকৰ মনোযোগ দিব পৰা ক্ষমতা একেবাৰে হ্ৰাস পায়, যাৰ বাবে তেওঁলোকে কোনো এটা কঠিন বিষয়ত বহু সময় ধৰি মনোযোগ ধৰি ৰাখিব নোৱাৰে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ তেওঁলোকৰ শাৰীৰিক-মানসিক স্বাস্থ্য,পৰীক্ষাৰ ফলাফল আৰু শৈক্ষিক মানদণ্ডৰ ওপৰত পৰে, যিয়ে তেওঁলোকৰ ভৱিষ্যত কেৰিয়াৰ গঢ়াত ডাঙৰ বাধাৰ সৃষ্টি কৰে।

মানসিক দিশৰ পৰাও ই শিক্ষাৰ্থীসকলক তিলতিলকৈ ধ্বংসৰ মুখলৈ লৈ গৈছে। সামাজিক মাধ্যমত আন বন্ধু-বান্ধৱীৰ আড়ম্বৰপূৰ্ণ জীৱনশৈলী, দামী কাপোৰ-কানি বা বিভিন্ন ঠাই ভ্ৰমণৰ ফটোসমূহ দেখি তেওঁলোকৰ মনত হীনমন্যতা আৰু অতৃপ্তিৰ ভাৱ জাগি উঠে। বহু সময়ত সামাজিক মাধ্যমত পৰ্যাপ্ত লাইক বা কমেন্ট লাভ নকৰিলে কিশোৰ-কিশোৰীসকল চৰম হতাশা আৰু উদ্বেগত ভোগে। সেয়ে লাইক,কমেণ্ট আদি পোৱাৰ আশাত বহুতে অনৈতিক, অসামাজিক কাৰ্যকলাপ কৰিবলৈও  কোনো কুণ্ঠাবোধ নকৰাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে। তদুপৰি, বৰ্তমান সময়ত ‘চাইবাৰ বুলিং’ বা অনলাইন মানসিক নিৰ্যাতন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক ডাঙৰ অভিশাপ হৈ পৰিছে। অনলাইনত সহপাঠী বা অচিনাকী ব্যক্তিৰ দ্বাৰা ইতিকিং, কুৎসিত মন্তব্য বা ভুৱা অপপ্ৰচাৰৰ চিকাৰ হৈ বহু ছাত্ৰ-ছাত্ৰী তীব্ৰ মানসিক চিন্তাত পৰে আনকি আত্মহননৰ দৰে চৰম সিদ্ধান্ত ল’বলৈকো বাধ্য হয়।

সামাজিক মাধ্যমসমূহে সামাজিক শান্তি আৰু নিৰাপত্তাৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাইছে। বৰ্তমান সময়ত কোনো তথ্য বা বাতৰিৰ শুদ্ধতা পৰীক্ষা নকৰাকৈয়ে কেৱল উৰাবাতৰি আৰু ভুৱা খবৰ অতি দ্ৰুতগতিত বিয়পাই দিয়া হয়। বহু সময়ত কোনো বিশেষ সম্প্ৰদায়, ধৰ্ম বা জাতিক লক্ষ্য কৰি ঘৃণাভৰা ভাষণ বা উচটনিমূলক পোষ্ট লিখা হয় বা শ্বেয়াৰ কৰা হয়, যাৰ ফলত সমাজত সাম্প্ৰদায়িক হিংসা, অশান্তি আদিৰ সৃষ্টি হয়। সামাজিক মাধ্যমৰ জৰিয়তে কৰ্মক্ষেত্ৰতো মানুহৰ সৃজনীশীলতা আৰু উৎপাদনশীলতা হ্ৰাস পাইছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ শৰীৰৰ ওপৰতো পৰে। নিশা দেৰিলৈকে মোবাইলৰ নীলা পোহৰ (ব্লু লাইট) ৰ সন্মুখত বহি থকাৰ বাবে মানুহৰ স্বাভাৱিক টোপনিৰ ব্যাঘাত ঘটে বা অনিদ্ৰা ৰোগে দেখা দিয়ে। দীৰ্ঘ সময় ধৰি একোঠাতে বহি স্ক্ৰীণ চাই থকাৰ ফলত চকুৰ দৃষ্টিশক্তি হ্ৰাস, মেদবহুলতা,ডিঙি,হাত- ভৰি আৰু পিঠিৰ বিষকে ধৰি বিভিন্ন ধৰণৰ দীৰ্ঘদিনীয়া শাৰীৰিক সমস্যাৰো সৃষ্টি হৈছে। গতিকে, সঠিক নিয়ন্ত্ৰণ আৰু সজাগতা অবিহনে সামাজিক মাধ্যম মানৱ সমাজৰ বাবে বৰ্তমান আশীৰ্বাদতকৈ বেছি অভিশাপহে প্ৰমাণিত হৈছে।

সামাজিক মাধ্যম হ’ল আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ এক দ্বিমুখী তৰোৱাল, যাৰ ব্যৱহাৰকাৰীক উপকাৰ কৰাৰ অপৰিসীম ক্ষমতা আছে, ঠিক তেনেকৈ ইয়াৰ অপপ্ৰয়োগে মানুহক ধ্বংসৰ মুখলৈও ঠেলি দিব পাৰে। তথ্যৰ সহজ আদান-প্ৰদান, বিশ্বায়ন আৰু সংযোগ স্থাপন, অনলাইন শিক্ষা আদিৰ ক্ষেত্ৰত ই যিদৰে এক আশীৰ্বাদ, আনফালে সময়ৰ অপচয়, মানসিক অৱসাদ, চাইবাৰ অপৰাধ আৰু উৰা বাতৰি,ভুৱা খবৰৰ প্ৰসাৰৰ দৰে নেতিবাচক দিশবোৰ সমাজৰ বৃহৎ অভিশাপ। আচলতে কোনো প্ৰযুক্তিয়েই নিজেই ভাল বা বেয়া নহয়, আমি সেই প্ৰযুক্তিবোৰ কেনেধৰণে ব্যৱহাৰ কৰোঁ তাৰ ওপৰতহে সেইবোৰৰ ভাল-বেয়া নিৰ্ভৰ কৰে। সামাজিক মাধ্যমৰ পৰা সম্পূৰ্ণ আঁতৰি থকাটো বৰ্তমান যুগটোত অসম্ভৱ, কিন্তু সেইবোৰৰ মাজতে ২৪ ঘণ্টা জড়িত হৈ থকাৰ পৰিৱৰ্তে সকলোৱে নিজৰ প্ৰয়োজন অনুসৰি নিয়ন্ত্ৰিত কৰিবলৈ শিকিব লাগিব। সমাজৰ অন্যান্যজন তথা যুৱ প্ৰজন্ম যেতিয়া আত্মনিয়ন্ত্ৰণ, সচেতনতা আৰু সজাগতাৰে সামাজিক মাধ্যম বা ছ’চিয়েল মিডিয়াৰ সঠিক ব্যৱহাৰ কৰিব, তেতিয়াহে ইয়াৰ নেতিবাচক দিশসমূহ দূৰ হ’ব আৰু ই মানৱ সভ্যতাৰ কল্যাণৰ বাবে এক প্ৰকৃত আশীৰ্বাদ হিচাপে পৰিগণিত হ’ব।