বিধানসভা নিৰ্বাচনৰ জৰিয়তে মেঘালয় দখলৰ বাবে তৎপৰ হৈ পৰিছে বিজেপি

Pc Facebook

বিধানসভা নিৰ্বাচনৰ জৰিয়তে মেঘালয় দখলৰ বাবে তৎপৰ হৈ পৰিছে বিজেপি

ৰঙিলী বাৰ্ত্তাসেৱা-   বিধানসভা নিৰ্বাচনৰ জৰিয়তে মেঘালয় দখলৰ বাবে তৎপৰ হৈ পৰিছে বিজেপি ৷ বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্যখনত ইতিমধ্যে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই চুবুৰীয়া ৰাজ্যখনৰ ৭টাকৈ বিধানসভা সমষ্টিত নির্বাচনী প্ৰচাৰ চলায় ৷ উল্লেখ্য যে এইবাৰ বিজেপিয়ে মেঘালয়ত কোনো দলৰ সৈতে নিৰ্বাচনী মিত্রতা কৰা নাই। ৰাজ্যখনৰ ৬০টা সমষ্টিতে বিজেপিয়ে নিজাববীয়াকৈ প্রার্থী থিয় কৰাইছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই মহেন্দ্ৰগঞ্জ সমষ্টিৰ দলীয় প্রার্থী টিংকু এম মাৰাক, উইলিয়ামনগৰ সমষ্টিৰ ৰাকলাং চন্দ্ৰ মমিন, চংচাক মণ্ডল সমষ্টিৰ থমাচ এন মাৰাক, ৰংজান সমষ্টিৰ ৰেপুছ চাংমা, ৰেছুবেলপাৰা সমষ্টিৰ সুখৰাম দে’ চাংমা, মন্দিপথাৰ সমষ্টিৰ চেংনাব মমিন আৰু খাৰকুটা সমষ্টিৰ এ ডি মাৰাকৰ হৈ বিশাল নির্বাচনী সভাত অংশগ্ৰহণ কৰে। নিৰ্বাচনী সমাবেশসমূহত ভাষণত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে মেঘালয়ত এন পি পি, কংগ্ৰেছ, টি এম চি আদিয়ে চৰকাৰ কৰি আহিছে। সেই দলসমূহৰ চৰকাৰৰ দিনত ৰাজ্যখনৰ ধনী মানুহবোৰ ধনী হৈ থাকে, দুখীয়াই একো সুবিধা নাপায় । ধনী মানুহৰ পৰিৱৰ্তে দুখীয়াই যাতে সুবিধা লাভ কৰে, তাৰ বাবে বিজেপিয়ে প্রথমবাৰৰ বাবে ৰাজ্যখনৰ ৬০টা সমষ্টিতে এইবাৰ নিৰ্বাচনত যুঁজ দিছে। এইবাৰ মেঘালয়ত বিজেপিৰ চৰকাৰ হ’বই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে কনৰাড চাংমা আৰু মুকুল চাংমাই মিউজিকেল চেয়াৰৰ দৰে মেঘালয়ত চৰকাৰ কৰি আহিছে। ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত এইবাৰ দুয়োটা চাংমা পৰিয়ালকে আঁতৰাব লাগিব। টি এম চি আৰু এন পি পিৰ প্ৰাৰ্থীক ভোট দিলে মুকুল চাংমা আৰু কনৰাড চাংমাহে ধনী হ’ব। তেওঁলোক থকালৈকে মেঘালয়ত কোনো কাম নহয় । মেঘালয়ৰ তুলনাত অসমৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে অসমত গৰিব লোকসকলে প্ৰতি মাহৰ ১০ তাৰিখে ১,২৫০ টকাকৈ চৰকাৰৰ পৰা লাভ কৰে। অসম চৰকাৰে এক লাখ নিবনুৱাক চৰকাৰী দিবলৈ ওলাইছে। ইয়াৰ বাবে কোনেও টকা দিব নালাগে ৷ কিন্তু মেঘালয়ত এতিয়াও গৰিব লোকে টকা দিহে চাকৰি ল’ব লাগে। বিজেপি ক্ষমতালৈ আহিলেই এই পৰিৱেশৰ অৱসান ঘটিব। ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই মেঘালয়ত বিজেপি চৰকাৰ ক্ষমতালৈ আহিলেই গৰিব ৰাইজে লাভ কৰি অহা ৰন্ধন গেছৰ ক্ষেত্ৰত প্ৰতিটো পৰিয়ালকে বছৰত দুটাকৈ চিলিণ্ডাৰ বিনামূলীয়াকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ অন্য ৰাজ্যৰ দৰে মেঘালয়ৰ জনসাধাৰণকো বিনামূলীয়াকৈ চাউল যোগানৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই জনসাধাৰণে যিহেতু মোদীৰ চাউল খাইছে, সেয়ে আসন্ন নির্বাচনত বিজেপিক ভোট দিবলৈ আহ্বান জনায়। চুবুৰীয়া ৰাজ্য মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সৈতে অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ লগতে অসম বিজেপিৰ কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰে ।