বিদ্যুৎ মাচুল বৃদ্ধিক লৈ চিন্তা নকৰিবঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বিদ্যুৎ মাচুল বৃদ্ধিক লৈ চিন্তা নকৰিবঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- উৎকট গৰমে ৰাজ্যবাসীক জুৰুলা কৰাৰ সময়তে এপিডিচিএলে প্রতি ইউনিট বিদ্যুতৰ মাচুল ৩০ পইচাৰ পৰা ৭০ পইচালৈ বৃদ্ধি কৰাক লৈ জনসাধাৰণ উদ্বিগ্ন হৈ পৰিছে। এপিডিচিএলৰ এই বিদ্যুৎ মাচুল বৃদ্ধিক ৰাইজে সহজভাৱে ল’ব পৰা নাই। বিশেষকৈ সঘনে লোডশেডিঙকে ধৰি বিদ্যুৎ যোগানৰ লুকাভাকুৱে ৰাইজক জলাকলা খুৱাই অহাৰ সময়তে পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰে ৰাইজৰ মূৰত মাধমাৰ শোধাবলৈ অগ্ৰসৰ হোৱা কার্যক কোনেও সহজভাৱে ল’ব পৰা নাই। এনে অৱস্থাত মাজুলীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিদ্যুৎ মাচুল বৃদ্ধিক লৈ জনসাধাৰণক অধিক চিন্তিত নহ’বলৈ আহ্বান জনায়। এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে গেছৰ দাম বঢ়াৰ বাবে বিদ্যুৎ মাচুল ৩০ পইচা বাঢ়িছে। মাজে মাজে বিদ্যুৎ মাচুল ১০-২০ পইচা বাঢ়িব আৰু মাজে মাজে ১০-২০ পইচা কমি থাকিব। এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে যোৱা মাহত এপিডিচিএলে বিদ্যুৎ মাচুল ২৫ পইচা কমাইছিল। শেহতীয়াকৈ গেছৰ দাম বঢ়াৰ বাবে বিদ্যুৎ মাচুল ৩০ পইচা বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ড° শৰ্মাৰ ভাষ্যৰ পৰা এই কথা স্পষ্ট হৈছে— গেছৰ দাম হ্ৰাস হোৱাৰ লগে লগে বৰ্ধিত বিদ্যুৎ মাচুলৰ পৰিমাণ হ্ৰাস পাব। সেয়ে তেওঁ এই বিষয়ক লৈ ৰাইজক অধিক চিন্তিত নহ’বলৈ আহ্বান জনায়।