বিদ্যা-নিতিষ্মান দাস

Pc Medium

বিদ্যা

চেষ্টা কৰিলে পাবা সফল,

আনৰ কামত নকৰিবা দখল।

ফুলৰ দৰে সুবাসীত হোৱা,

এনে হোৱা, যেন কামত নোৰোৱা।

আগ বাঢ়ি যোৱা জগত জিনি,

কিবা এনে কৰা, যাতে সুন্দৰ হয় ধৰা খনি।

অলপ কঠোৰ পৰিশ্ৰমেৰে কৰা অভ্যসন,

নিশ্চয় জানা, বিদ্যা ধন মহাধন।

নদীৰ দৰে বৈ যোৱা সফলতাৰ পথলৈ,

বৈ-বৈ নাযাবা তুমি মাজতে ৰৈ।

বিদ্যাৰ ৰূপ আছে বিভিন্ন ৰূপৰ,

যেনে জ্ঞান, সংগীতৰ।

খোলা মনেৰে কৰা চিন্তা, নকৰিবা খং,

চাৰিওফালে বিয়পাই তোলা বিদ্যাৰ ৰং।

জ্ঞানী লোকে উজ্জ্বলাই, নিজৰ বংশ,

আৰু ধৰা খনিৰো হয় বহুমূলীয়া অংশ।

-নিতিষ্মান দাস

সপ্তম শ্রেণী