বিদেশী ন্যায়াধীকৰণৰ সদস্যৰ প্ৰশিক্ষণ

বিদেশী ন্যায়াধীকৰণৰ সদস্যৰ প্ৰশিক্ষণ

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ, ই এফ টি প্ৰকল্পৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বিদেশী ন্যায়াধীকৰণৰ সদস্যসকলৰ প্ৰশিক্ষণ আৰু কৰ্মশালা অনুষ্ঠিত হয়। গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিব পাৰিজাত ভূঞাই আঁত ধৰা উদ্বোধন অনুষ্ঠানটিত অসম ন্যায়িক একাডেমীৰ সঞ্চালক তথা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মীৰ আলফাজ আলিয়ে সদস্যসকলক বিদেশী ন্যায়াধীকৰণ সন্দৰ্ভত তেওঁলোকৰ  দায়িত্ববোধৰ কথা উল্লেখ কৰাৰ লগতে নিষ্ঠা আৰু একাগ্ৰতাৰে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধীকৰণক অধিক শক্তিশালী কৰিবৰ বাবে এনে ধৰণৰ প্ৰশিক্ষণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। ন্যায়িক একাডেমীয়ে প্ৰদান কৰা এই প্ৰশিক্ষণত বিত্ত, প্ৰশাসন, মোকৰ্দমা, ই এফ টি সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। অনুষ্ঠানত গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব পাৰ্থ প্ৰতিম মজুমদাৰ,  সচিব শিলাদিত্য চেতিয়া, আৰক্ষী মহাপৰিদৰ্শক (সীমান্ত) প্ৰশান্ত সাগৰ চামাংই, ন্যায়িক বিভাগৰ যুটীয়া বিধি নিৰ্দেশক বিদ্যুৎ মেধি তথা গৃহ আৰু ৰাজনৈতিক বিভাগৰ বিষয়াসকল উপস্থিত থকাৰ লগতে অসমৰ ১০০ খন বিদেশী ন্যায়াধীকৰণৰ সদস্যসকলে অংশ গ্ৰহণ কৰে।