বিটিআৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ দ্বাৰা ডিমাকুছিত দুটাকৈ গৃহহাৰা ভূমিহীন দৰিদ্ৰ পৰিয়ালক ভুমি আৰু আৱাস গৃহ প্ৰদান
অমৰজিৎ ৰাভা, ওদালগুৰি, ৰঙিলী বাৰ্ত্তাসেৱা- কোনে জানে কাৰ জীৱনলৈ কেতিয়া পৰিৱৰ্তন নামি আহে, তেনেই এক কল্পনা কৰি নপোৱা অন্ধকাৰ জীৱনলৈ হঠাৎ পোহৰ নামি অহা দুটাকৈ গৃহহাৰা অসহায় ভূমিহীন দৰিদ্ৰ পৰিয়ালত বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ মহানুভৱতা, উল্লেখ্য যে ওদালগুৰি জিলা ডিমাকুছিৰ দুখনকৈ গাঁৱত দুটাকৈ দৰিদ্ৰ পৰিয়াল বিগত চাৰিটা দশক ধৰি গৃহহাৰা ভুমিহীন দৰিদ্ৰ অসহায় ৰূপত জীৱন যাপন কৰি আছিল, কিন্তু যোৱা বিটিচি পৰিষদীয় নিৰ্বাচনত বিটিআৰ মুৰব্বী জনে পৰিয়াল দুটিক পৰ্যবেক্ষণ কৰি গৃহ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। ফলস্বৰূপে প্ৰমোদ বড়োৰ সানিধ্যত ৰাইজৰ সহযোগত ডিমাকুছিৰ দুটাকৈ গৃহহাৰা ভূমিহীন দৰিদ্ৰ পৰিয়ালত ১ কঠাকৈ মাটি কিনি পকী গৃহ নিৰ্মাণ কৰি সামৰ্থ্যহীন অসহায় দৰিদ্ৰ পৰিয়াল দুটালৈ প্ৰয়োজনীয় বাচন-বৰ্তনৰ লগতে যাৱতীয় যি সামগ্ৰি সকলোবোৰ যোগান ধৰি, আজি বিটিচি মুখ্য কাৰ্যবাহী গৰাকীয়ে নিজে আহি সকলো বোৰ সা সামগ্ৰি দৰিদ্ৰ অসহায় পৰিয়াল দুটিলৈ অৰ্পন কৰাত পৰিয়াল দুটিৰ লগতে অঞ্চলবাসীয়ে ব্যাপক সুন্তুষ্টি প্ৰকাশ কৰে। গাঁও বাসি ৰাইজৰ সহযোগত শতাধিক নেতা পালি নেতা উপস্থিতিত থকা অনুষ্ঠানত বিটিআৰ মুৰব্বী গৰাকীয়ে পৰিয়াল দুটিলৈ ভূমি আৰু আৱাস গৃহ প্ৰদান কৰি কয় যে এয়া কনো চৰকাৰী আচনী নহয় ৰাইজৰ, শুভাকাংশীৰ এক ক্ষুদ্ৰ প্ৰয়াশত গঢ় লৈ উঠা এটি সহায়ৰ হাত। দৰাচলতে চৰকাৰী আচনী সমূহ যদি ভালদৰে ৰূপায়ণ হয় তেন্তে আমাৰ মাজত এনেধৰণৰ ভূমিহীন গৃহহাৰা মানুহ নাথাকিব, লগতে অখিল গগৈয়ে বড়ো জনগোষ্ঠীৰ নেতা সকল এতিয়া জাতীয় সংগ্ৰামী সত্তা নাইকিয়া হ’ল সকলোবোৰ বিজেপি সত্তালৈ ধাপলি মেলিছে বুলি সমালোচনা কৰাৰ প্ৰ্তুৎত্তৰত বিটিচি মুখ্য কাৰ্যবাহী গৰাকীয়ে, অখিল গগৈ কেৱল কথা কবহে পাৰে কিন্তু কাম কৰিব নোৱাৰে আমাৰ জনগোষ্ঠীয় নেতা সকলৰ সত্তাক লৈ তেখেতৰ পটু জনক মন্তব্য কৰাৰ কনো প্ৰয়োজন নাই বুলি দৃঢ়তাৰে মন্তব্য দাঙি ধৰে।