বিজেপি চৰকাৰৰ এবছৰৰ বিফলতাত আপৰ প্ৰতিবাদ

বিজেপি চৰকাৰৰ এবছৰৰ বিফলতাত আপৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-   “আম আদমি পাৰ্টী”য়ে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত বিজেপি-অগপ মিত্ৰজোটৰ চৰকাৰৰ বিফলতাৰ ৬ বছৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ ১ বছৰৰ বিফলতাৰ প্ৰতিবাদ সাব্যস্ত কৰে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত এক লাখ চাকৰিৰ ভুৱা প্ৰতিশ্ৰুতি , শিক্ষা খণ্ডক ব্যক্তিগতকৰণ , স্বাস্থ্য খণ্ড পুঁজিপতিৰ হাতত , মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ ভুৱা প্ৰতিশ্ৰুতি, ক’ভিডকালত চৰকাৰী ব্যয়ৰ হিচাব দিয়াত ব্যৰ্থতা তথা মূল্য বৃদ্ধিয়ে কোঙা কৰা ৰাইজক পিঠি দিয়াৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যিক প্ৰভাৰী ৰাজেশ শৰ্মা,ৰাজ্যিক সমন্বয়ক ডা° ভবেন চৌধুৰী,কমল কুমাৰ মেধি,ৰুদ্ৰাংকুৰ হাজৰিকা,কামৰূপ জ’নৰ সাংগঠনিক সম্পাদক মানস শৰ্মা উপস্থিত থাকে৷