বিজেপিৰ ৰাজ্যজোৰা বুথ সৱলীকৰণ অভিযান আৰম্ভ লুৰীণজ্যোতি গগৈ ভূপেন বৰাৰ লাইট ভানি অজাপৰ অভিযোগৰ প্ৰত্যুত্তৰত ৰাজ্যিক বিজেপি

বিজেপিৰ ৰাজ্যজোৰা বুথ সৱলীকৰণ অভিযান আৰম্ভ লুৰীণজ্যোতি গগৈ ভূপেন বৰাৰ লাইট ভানি অজাপৰ অভিযোগৰ প্ৰত্যুত্তৰত ৰাজ্যিক বিজেপি

ৰঙিলী বাৰ্ত্তাসেৱা- দলৰ সাংগঠনিক শক্তিৰ সক্ৰিয়তা অটুট ৰখাৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্দিষ্ট সময়ৰ অন্তৰালত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। সমাগত লোকসভা নির্বাচনকে আদি কৰি অন্যান্য নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৃণমূল পৰ্যায়ত দলৰ ভেঁটি অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যি ভাৰতীয় জনতা পাৰ্টিয়ে আজিৰে পৰা সমগ্ৰ ৰাজ্যজুৰি বুথ সৱলীকৰণ অভিযান” আৰম্ভ কৰিছে। এক সপ্তাহজোৰা এই অভিযান অহা ২ অক্টোবৰ তাৰিখে সামৰণি পৰিব। বিজেপিৰ সকলো স্তৰৰ নেতা-কর্মীয়ে এই কাৰ্যসুচীত অংশগ্ৰহণ কৰিব। ৰাজ্যিক বিজেপিৰ চলিত কাৰ্যসূচীৰ ওপৰত দলৰ মুখ্য কার্যালয়ত এক সংবাদমেল সম্বোধন কৰি মুখ্য মুখপাত্র মনোজ বৰুৱাই এনেদৰে বক্তব্য প্ৰদান কৰে।সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, মুখপাত্র পংকজ বৰাৰ উপস্থিতিত অনুষ্ঠিত হৈ যোৱা সংবাদ মেলত বৰুৱাই কয়, ভাৰতীয় জনতা পাৰ্টিৰ কার্যক্রম কেৱল নির্বাচনকেন্দ্রিক নহয়।জনসাধাৰণৰ কল্যাণার্থে বিজেপিয়ে বিভিন্ন সেৱামূলক কার্যক্রমো গ্ৰহণ কৰি আহিছে। প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সমগ্র “সেৱা পষেক” কাৰ্যসূচীৰ আধাৰত দলীয় কার্যকৰ্তা সকলে দেশজুৰি বিভিন্ন সেৱামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাই ৰক্তদান শিৱিৰৰ আয়োজন কৰি সৰ্বমুঠ ২৩৪৬ ইউনিট ৰক্তদান কৰিছে। অনুসূচীত জনজাতি মৰ্চায়ো সকলো জিলাতে জনসম্পৰ্ক ৰক্ষা কৰি জনসাধাৰণৰ মনোভাৱ গ্ৰহণ কৰিছে। সংখ্যালঘু মৰ্চা আৰু অনুসূচীত জাতি মৰ্চা গাঁও সম্পৰ্ক অভিযানৰ জৰিয়তে গ্রাম্য এলেকাৰ জনসাধাৰণে চৰকাৰৰ সা-সুবিধা সমূহ পর্যাপ্ত পৰিমাণে লাভ কৰিছে নাই কৰা সেই সম্পৰ্কে অভিযান চলাইছে। কিষাণ মৰ্চাৰ কাৰ্যকৰ্তা সকলে দৰিদ্ৰ জনসাধাৰণৰ মাজত আয়ুষ্মান কার্ড বিতৰণ কৰাৰ লগতে চাহ মৰ্চা আৰু মহিলা মৰ্চায়ো বিনামূলীয়া চিকিৎসা শিৱিৰৰ আয়োজন কৰিছে। একেদৰে অবিচি মৰ্চাৰ তৰফৰ পৰাও পি এম বিশ্বকৰ্মা যোজনা আঁচনিৰ সম্পৰ্কত ৰাইজৰ মাজত প্ৰচাৰৰ বাবে বাইক ৰেলী আদিৰ ব্যৱস্থা কৰিছে। সংবাদ মেলত বিজেপিয়ে অসমখন ভাগ ভাগ কৰিছে বুলি অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈয়ে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত মুখ্য মুখপাত্র মনোজ বৰুৱাই কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰে অসমৰ সকলো জাতি-জনগোষ্ঠীক একত্রিত কৰি ৰাখি বৃহত্তৰ অসমীয়া সমাজখন সমভাৱে উন্নয়নৰ দিশত আগুৱাই নিছে। বৃহত্তৰ অসমীয়া জাতি-জনগোষ্ঠীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক অন্তৰৰ পৰা আদৰি লৈছে। সেয়ে আজি বড়ো, মিচিং, ৰাভা, কাৰ্বি- ডিমাচা আদি কৰি সকলো জাতি-জনজাতিৰ ৰাজনৈতিক শক্তি বিজেপিৰ সৈতে আছে। এনে পৰিপ্ৰেক্ষিতত লুৰীণজ্যোতি গগৈয়ে বিজেপিৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ বাৰ্তা বিলাই অপচেষ্টাত লিপ্ত হোৱা কাৰ্যক ৰাজ্যিক বিজেপিয়ে কঠোৰ ভাষাৰে গৰিহণা দিছে। মনোজ বৰুৱাই লগতে কয়, গণতন্ত্ৰত মত-পার্থক্য থাকিবই।কিন্তু সমালোচনাৰ নামত লুৰীণজ্যোতি গগৈয়ে “অটল বিহাৰী বাজপেয়ী ভৱন “ক দুনীর্তিৰ শ্বপিং মলত পৰিণত হোৱা বুলি প্ৰকাশ কৰা বক্তব্য গৰিহণাৰ যোগ্য। এনে কাৰ্যৰ জৰিয়তে লুৰীণজ্যোতি গগৈ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত তৰল আৰু বিভ্ৰান্তিকৰ বক্তব্যৰে নজিৰ সৃষ্টি কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লাইট ভাৰ্চনত পৰিণত হোৱা বুলি বিজেপিয়ে কটাক্ষ কৰে। সমালোচনাৰ নামত বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰা কাৰ্যক বিজেপিয়ে সহ্য নকৰে বুলি আজি মনোজ বৰুৱাই সংবাদ মেলৰ জৰিয়তে সকীয়াই দিয়ে৷