বিচিচিআইৰ নতুন সচিব হিচাপে দায়িত্ব লাভ কৰিলে দেৱজিৎ শইকীয়াই
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ ক্ৰিকেট অনুৰাগীৰ বাবে এক ভাল খবৰ । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বি চি চি আই) স্থায়ী সচিব পদত অধিষ্ঠিত হ’ল অসম সন্তান দেৱজিৎ লন শইকীয়া । বিশেষ সাধাৰণ সভাৰ অন্তত বিচিচিআইয়ে আনুষ্ঠানিকভাৱে তেওঁৰ নাম সচিব হিচাপে ঘোষণা কৰে। ব’ৰ্ডৰ সংবিধান অনুসৰি এই খালী পদ পূৰণৰ বাবে ৪৫ দিনৰ নিৰ্ধাৰিত সময় আছিল আৰু এই সময়ৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে মনোনয়ন আহ্বান কৰা হৈছিল। সেই অনুসাৰে দেৱজিৎ শইকীয়াই সচিব পদৰ বাবে মনোনয়ন দাখিল কৰিছিল। কিন্তু এই পদৰ বাবে আন কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰাত দেৱজিৎ শইকীয়া আনুষ্ঠানিকভাৱে বিনা প্ৰতিদ্বন্দ্বিতাৰে সচিব পদত নিৰ্বাচিত হৈছে। উল্লেখ্য যে, জয় শ্বাহে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি) অধ্যক্ষৰ পদ গ্ৰহণ কৰাৰ পাছত বি চি চি আইৰ সচিব পদটো খালী হৈ আছিল । যাৰ বাবে বি চি চি আইৰ সভাপতি ৰ’জাৰ বিন্নীয়ে দেৱজিৎ লন শইকীয়াক বি চি চি আইৰ অন্তৱৰ্তী সচিবৰূপে নিযুক্ত কৰিছিল । বি চি চি আইৰ ভাৰপ্ৰাপ্ত সচিবৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে তেওঁ বি চি চি আইৰ যুটীয়া সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল । জয় শ্বাহে আই চি চিৰ অধ্যক্ষৰ দায়িত্ব ১ ডিচেম্বৰত গ্ৰহণ কৰাৰ পাছত তেওঁ পূৰ্বতে অধিষ্ঠিত হৈ থকা বি চি চি আইৰ সচিব পদটো খালী হৈছিল। সেয়েহে বি চি চি আইৰ সভাপতি ৰ’জাৰ বিন্নীয়ে এই পদৰ ভাৰপ্ৰাপ্ত দায়িত্ব অসমৰ দেৱজিৎ লন শইকীয়াৰ হাতত অৰ্পণ কৰিছিল । প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলুৱৈ দেৱজিৎ লন শইকীয়াক ইতিমধ্যে আই চি চিৰ ব’ৰ্ড অৱ ডাৰেক্টৰ্ছৰ ভাৰতৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হৈছে । এনে দায়িত্ব পোৱা তেওঁ হৈছে প্ৰথম অসমীয়া । এগৰাকী প্ৰতিষ্ঠিত অধিবক্তা দেৱজিৎ লন শইকীয়াই অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈ অসম ক্ৰিকেট উত্তৰণৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছিল । প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ দেৱজিৎ লন শইকীয়া গুৱাহাটী ক্ৰীড়া সন্থা আৰু গুৱাহাটী টাউন ক্লাবৰো সম্পাদকৰ দায়িত্বত আছে ।