বাৰ্মুদা ট্ৰায়েংগল – নাজবিন চুলতানা

PC - Royal Caribbean Cruises

বাৰ্মুদা ট্ৰায়েংগল

নাজবিন চুলতানা, শিৱসাগৰ

পৃথিৱীত এনে কিছুমান ঠাই আছে য’ত অদৃশ্য শক্তিৰ বিশ্বাসেৰে বান্ধ খাই থাকে। যিয়ে বৈজ্ঞানিক দৃষ্টিভংগীকো আওকাণ কৰিব লগা হয় । এনে এডোখৰ অন্ধ বিশ্বাসেৰে পৰিপূৰ্ণ ঠাই হৈছে বাৰ্মুদা ট্ৰায়েংগল । পৃথিৱীৰ সকলোতকৈ ৰহস্যময় ঠাই হিচাপে আজিও খ্যাত বাৰ্মুদা ট্ৰায়েংগলত ১০০ বছৰীয়া ইতিহাসত ৭৫ খন উৰাজাহাজৰ অদৃশ্য হৈছে । তাত ১০০০তকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু কতযে সৰু-ডাঙৰ জাহাজ ডুব গৈছে , তাৰ ঠিকনা নাই । কোনোৱে কয় এই ঠাইডোখৰ প্ৰেতাত্মামুখী আৰু কোনোৱে কয় এই ঠাইডোখৰ ঈশ্বৰপ্ৰদত্ত শক্তি বিৰাজমান । ইয়াৰ সন্ধান বৈজ্ঞানিকসকলে বছৰ বছৰ ধৰি চলাই আহিছে কিন্তু বৰ্তমান পৰ্যন্ত ইয়াৰ কোনো উপযুক্ত প্ৰমাণ দিব পৰা নাই। বাৰ্মুদা ট্ৰায়েংগলক “ডেভিলচ্‌ চি” বুলি কোৱা হয়।নক্সাভিত্তিক তথ্য অনুসৰি বাৰ্মুদা ট্ৰায়েংগল আটলাণ্টিক মহাসাগৰত অৱস্থিত । বাৰ্মুদা ট্ৰায়েংগল আৰম্ভ হয় পশ্চিমৰ আমেৰিকাৰ ফ্ল’ৰিদাৰ পৰা।দ্বিতীয়টো স্থানত আছে দক্ষিণৰ কেৰিডিয়ান ৰাষ্ট্ৰৰ প্যোৰ্ট’ৰিকা আৰু তৃতীয় স্থান উত্তৰ-পূবৰ বাৰ্মুদা দ্বীপত লাগিছে। এই তিনিটা ক্ষেত্ৰ লগ হৈ ট্ৰায়েংগল নক্সাৰ ৰূপ লৈছে। এই বাৰ্মুদা ট্ৰায়েংগল ক্ষেত্ৰখনে ৭ লাখ কিলোমিটাৰ স্থান সামৰি লৈছে । বাৰ্মুদা ট্ৰায়েংগল এলেকাৰ ওপৰেদি পাৰ হ’ব ধৰা উৰণীয়া অৱস্থাত এৰ’প্লেন পোনপটীয়াকৈ নিজৰফালে আঁজুৰি নিয়ে আৰু দুৰ্ঘটনা সংঘটিত হয় । ইয়াৰ প্ৰভাৱ ট্ৰায়েংগলৰ সীমাৰ বাহিৰতো পৰে । উল্লেখ্য যে ট্ৰায়েংগলৰ বেছিভাগ দুৰ্ঘটনা ট্ৰায়েংগলৰ দক্ষিণ সীমাৰ ওচৰত হয় । যিটো বাহামাছ আৰু ফ্ল’ৰিদা সীমাত অৱস্থিত । ট্ৰায়েংগলৰ বিষয়ে পৃথিৱীবাসীক প্ৰথম ক্ৰিষ্ট’ফ’ৰ কলম্বাছে অৱগত কৰিছিল । তেওঁৰ লেখাৰ পৰা জনা গৈছে যে ট্ৰায়েংগলত কেনেধৰণৰ ঘটনা সংঘটিত হয় । কলম্বাছে লিখি ৰাখিছিল যে সেইসময়ত ব্যৱহৃত দিশ নিৰ্ণয়ৰ বাবে কম্পাছ ৰিডিং তেওঁৰ প্ৰধান সজুলি কিন্তু তাত কলম্বাছ আৰু তেওঁৰ দল ভ্ৰমণত আছিল । তেওঁ এই ক্ষেত্ৰখনৰ বিষয়ে কয় যে ” ইয়াত সকলোতকৈ বৃহৎ দুৰ্ঘটনা মেৰী চেলেষ্টি নামৰ এজন বেপাৰীৰ জাহাজ আছিল যিখন বাৰ্মুদা ট্ৰায়েংগলৰ এলেকাত নাইকিয়া হৈ গৈছে । ১৮৭২ চনৰ ৪ ডিচেম্বৰত আটলাণ্টিক মহাসাগৰত এই জাহাজ উদ্ধাৰ হৈছে কিন্তু জাহাজখনত থকা যাত্ৰী আৰু কৰ্মচাৰীৰ শুংসূত্ৰ বিচাৰি পোৱা নাই । আৰম্ভণিতে অনুমান কৰিছিল যে সমুদ্ৰত স্থিত ডাকুৱে ইয়াৰ জাহাজ আৰু যাত্ৰীৰ ওপৰত লুট-পাট চলাবৰ বাবে এই ঘটনা সংঘটিত কৰে কিন্তু উদ্ধাৰিত জাহাজত দামী সামগ্ৰীসমূহ সুৰক্ষিত আছিল। তেনেক্ষেত্ৰত ডাকুৰ দ্বাৰা কৰা লুট-পাটৰ সন্দেহ ভুল বুলি প্ৰমাণিত হৈছিল । ” ঠিক একেদৰে ১৮৮১ চনত “এলিন অস্তিন” নামৰ এখন জাহাজ চালকৰ সৈতে নিউয়ৰ্কলৈ গতি কৰিছিল । এইখন জাহাজো বাৰ্মুদা ট্ৰায়েংগলৰ ওচৰত হেৰাই গৈছিল আৰু যেতিয়া জাহাজখন উদ্ধাৰ কৰিছিল তেতিয়া জাহাজৰ যাত্ৰী- চালক কাৰোৰে অস্তিত্ব বিচাৰি পোৱা নাছিল । একেদৰে আমেৰিকাৰ লেফটেনেণ্ট কমাণ্ড’ জি.ডব্লিও.ৱৰ্লীয়ে ৩০৯ ক্ৰু’ৰ সদস্যৰ সৈতে ইউ.এচ.এচ. চাইক্ল’প্স নামৰ জাহাজত যাত্ৰা কৰিছিল । বাৰ্মুদা ট্ৰায়েংগল পাৰ কৰোঁতে এইখন জাহাজো ক’ত লুপ্ত হৈছিল একো উমান পোৱা নাছিল । যিদিনা এই ঘটনা ঘটিছিল সেইদিনা জলবায়ু অনুকূল আছিল । ক্ৰু’ৰ সদস্যই এইক্ষেত্ৰত সম্ভেদ দিছিল যে সকলো ঠিকে চলি আছে কিন্তু হঠাতে ইয়াৰ লক্ষ্যস্থান সলনি হৈ গৈছিল আৰু জাহাজখন নোহোৱা হৈ গৈছিল।আমেৰিকাৰ ইতিহাসত জাহাজ এইদৰে লুপ্ত হোৱা, ক্ৰু’ৰ সদস্য নাইকিয়া হোৱা আদি সকলো ৰহস্য হৈ থাকি গ’ল।এইখন ক্ষেত্ৰৰ পৰা পাৰ হ’ব ধৰা উৰাজাহাজৰ ঠিকনাও অস্তিত্বহীন হ’ল। ফ্লাইট নাইণ্টিন,ষ্টাৰ টাইগাৰ,ডগলস ডীসী-থ্ৰি আদি বাৰ্মুদা ট্ৰায়েংগলত অদৃশ্য হোৱা উৰাজাহাজ ।বাৰ্মুদা ট্ৰায়েংগলত উৰাজাহাজ লুপ্ত হোৱাৰ মূল কাৰণ সন্দৰ্ভত বহুতো পৰীক্ষা-নিৰীক্ষা চলি আছে কিন্তু স্পষ্ট তথ্যভিত্তিক প্ৰমাণ পাব পৰা নাই ।বাৰ্মুদা ট্ৰায়েংগলত জাহাজ নাইকিয়া হোৱাৰ কাৰণত বেছিভাগ বিজ্ঞানীয়ে ইয়াৰ বতৰক দোষাৰূপ কৰে।ইয়াৰ ওচৰ-পাজৰৰ জলবায়ুৰ ওপৰত নিৰীক্ষণৰ ভিত্তিত জানিব পৰা গৈছে যে বাৰ্মুদা ট্ৰায়েংগলৰ ক্ষেত্ৰখনৰ ওপৰত উগ্ৰ ভয়ানক বতাহ বলে যাৰ গতিবেগ ১৭০ মাইল প্ৰতিঘণ্টাত বয় । এনে গতিবেগ অৱস্থাত কোনো জাহাজ যেতিয়া এলেকাৰ কাষ চাপে তেতিয়া সেই জাহাজে নিজৰ সন্তুলন হেৰুওৱাই দিয়ে । যাৰ বাবে দুৰ্ঘটনা সংঘটিত হয় । বিজ্ঞানীসকলৰ নিৰীক্ষণ ভিত্তিত উল্লেখ কৰিছে যে বাৰ্মুদা ট্ৰায়েংগল এলেকাই বহুতো গধুৰ সামগ্ৰী নিজৰফালে আঁজুৰি নিয়াৰ অন্তৰালত ডাৱৰৰ দৰে এক গুহাসদৃশ আকৃতিৰ সৃষ্টি কৰে । য’ত এই ডাৱৰে সৃষ্টি কৰা বতাহৰ বোমা ব্লাষ্ট কৰাৰ শক্তি উৎপন্ন কৰে । ইয়াৰ গতিবেগ প্ৰতিঘণ্টাত ২৭৩ কিলোমিটাৰ বতাহ বলে । এই ডাৱৰ আৰু বতাহৰ মাজত যেতিয়া জাহাজ আৰু উৰাজাহাজ সোমাব ধৰে তেতিয়াই ডাৱৰ আৰু বতাহৰ সমখুন্দাত সমুদ্ৰৰ গভীৰলৈ ঠেলি পঠিয়ায়।তদুপৰি অন্য কিছুলোকৰ বিশ্বাস যে বাৰ্মুদা ট্ৰায়েংগলৰ দুৰ্ঘটনাৰ অন্তৰালত এলিয়েন্সৰ ভূমিকা থকা বুলি।কাৰণ বাৰ্মুদা ট্ৰায়েংগলত এলিয়েন্স দেখা পোৱা ঘটনাই পোনপ্ৰথমে সন্মুখলৈ আহে । এই ঠাইক এলিয়েন্সৰ নিৰীক্ষণৰ কেন্দ্ৰস্থল বুলি কোৱা হয়।অন্য এজন বিশেষজ্ঞলোকৰ মত যে ” বাৰ্মুদা এসময়ত এক গ’ল্ড,ৰূপৰ সামুদ্ৰিক পৰ্বত আছিল।এই পৰ্বতৰ পানীৰ তলত এক জ্বলামুখী থকা বুলি বিশ্বাস্য । যি প্ৰায় ৩০ মিলিয়ন বছৰ পূৰ্বে সক্ৰিয় আছিল।যিটো বৰ্তমান ধ্বংস হোৱা মাত্ৰ অৱশিষ্টহে।কোৱা হয় যে কেৱল জ্বলামুখীৰ শিখৰটোহে জীয়াই আছে । এই শিখৰত বৃহৎ মাত্ৰাৰ মেগনেটাইট আছে। যি পৃথিৱীত প্ৰকৃতিগতভাৱে পোৱা সকলোতকৈ বৃহৎ চুম্বকীয় পদাৰ্থ । এই মেগনেটাইটৰ কাৰণেই ইয়াত চুম্বকীয় প্ৰভাৱ উৎপন্ন হয় আৰু জাহাজসমূহ নিজৰফালে টানি লৈ যায় লগতে জাহাজৰ যন্ত্ৰপাতিৰ কাম কৰা বন্ধ কৰি দিয়ে । যাৰ ফলত জাহাজে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।১৯৭০ চনত “ব্ৰুচ জাৰ্মান” নামৰ এজন পাইলট বাৰ্মুদা ক্ষেত্ৰখনৰ পৰা উভতিবলৈ সক্ষম হৈছিল। তেওঁৰ লগত সেইসময়ছোৱাত কি কি ঘটনা ঘটিল তাৰ থূলমূল বিৱৰণ দিছে।তেওঁ যেতিয়া বাৰ্মুদা ট্ৰায়েংগলৰ ওপৰেদি পাৰ হ’বলৈ ধৰিছিল তেতিয়া সেইঠাইত হঠাৎ বতৰৰ পৰিৱৰ্তন হ’ব ধৰিলে । সন্মুখত ডাৱৰৰ ক’লা ধোঁৱাৰে আৱৰা এটা বৃহৎ গুহা যেন।যাৰ ভিতৰচ’ৰাত জলবায়ুৰ মাৰাত্মক বিভীষিকাত ইলেকট্ৰনিক, ৰেডিঅ’ পিকেন্সি আদি বন্ধ হ’ব ধৰিলে।জাহাজৰ গতিবেগ ইমানেই তীব্ৰ আছিল যে কোনো ৰাডাৰ চিগনেল সংযোগ হোৱা নাছিল।এনেমুহূৰ্তত তেওঁ কি হৈ আছে একো বুজি পোৱা নাছিল আৰু জাহাজখন মাত্ৰ তীব্ৰবেগত আগলৈহে নিবলৈ বিচাৰিছিল।একেৰাহে গতি কৰা তীব্ৰবেগী জাহাজখন লৈ ৩ মিনিটৰ গুহাসদৃশ ঠাইৰ পৰা বাহিৰ হৈ এডোখৰ নিৰ্দিষ্ট ঠাইত লেণ্ড কৰিলে । লেণ্ড কৰাৰ পাছত তেওঁ দেখিলে যে ৩ মিনিটত তেওঁ ১৫০ কিলোমিটাৰ দূৰ অতিক্ৰম কৰিলে যাৰ গতিবেগ হৈছিল প্ৰতি ঘণ্টাত ৩০০০(kmph) কিলোমিটাৰ ।বাৰ্মুদা ট্ৰায়েংগলৰ এই ৰহস্য ভেদ কৰাৰ অষ্ট্ৰেলিয়া কাৰ্ল ক্ৰুজেলনি কিক নামৰ এজন বৈজ্ঞানিকে দাবী কৰে ।তেওঁৰ মতে মানৱীয় ভুলবশতঃ কাৰণ আৰু বাৰ্মুদা ট্ৰায়েংগলৰ কু জলবায়ুৰ প্ৰভাৱৰ বাবে বৃহৎ সংখ্যক জাহাজ আৰু সামগ্ৰী লুপ্ত হৈছে । বাৰ্মুদা ট্ৰায়েংগল এক কাল্পনিক ক্ষেত্ৰ হয় । তদুপৰি কোৱা হৈছে যে এই বৰ্মুদা ট্ৰায়েংগলৰ ক্ষেত্ৰৰ মানচিত্ৰত নিৰ্দ্ধাৰিত সীমা নাই । ইউ.এচ.এচ. ব’ৰ্ডেও বৰ্মুদা ট্ৰায়েংগলৰ স্থান নিদিয়ে।ইয়াৰ ৰহস্য থকাৰ উল্লেখ কেৱল লেখ আৰু কাহিনীত সীমিত । ইয়াৰ সমৰ্থন আমেৰিকাও দিব নোখোজে।প্ৰকৃতাৰ্থত বাৰ্মুদা ট্ৰায়েংগলৰ ঘটনাচক্ৰৰ ৰহস্যৰ আঁৰত বৈজ্ঞানিক কাৰণেই মুখ্য।এনে কোনো ঐশ্বৰিক শক্তি নাই কিয়নো কেৰেবিয়ান সাগৰ , আটলাণ্টিক মহাসাগৰৰ বাৰ্মুদা ট্ৰায়েংগলৰ দৰে অন্য এক স্থান আছে জাপানত । জাপানতো এডোখৰ ট্ৰায়েংগল আকৃতিৰ এলেকা আছে।১৯৮০ চনত ডাইবিচাইৰা নামৰ এখন বৃহৎ জাহাজ গৈছিল যিখন টাইটানিক জাহাজৰ দুগুণ ডাঙৰ আছিল।লাখটন আইৰণৰ মাত্ৰাৰে পূৰ্ণ আছিল আৰু হঠাৎ এই জাহাজ ইয়াত ডুব গৈছিল।তেনেমুহূৰ্তত জাপানৰ চৰকাৰে ৰেচকিউ টিম পঠিওৱাত সেই টিমটোও ডুব গ’ল। তাৰপাছতে এখন উৰাজাহাজত ৰেচকিউ টিম পঠিয়ালে কিন্তু সেইখনো ডুব গ’ল । জাপানো এনে কাণ্ডত ভয় খাইছিল যিখনক কোৱা হৈছিল এছিয়াৰ বাৰ্মুদা ট্ৰায়েংগল আৰু জাপানে নাম দিছিল ড্ৰেগন ট্ৰায়েংগল।ঠিক এনেধৰণৰ আন এটা ট্ৰায়েংগল আছিল উৰিষ্যাত।উৰিষ্যাত ইংৰাজে নিৰ্মাণ কৰা এয়াৰ স্তূপ আছে যাৰ নাম অমৰডা এয়াৰ স্তূপ।ইয়াতো ১৫০ তকৈও অধিক আমেৰিকান জাহাজ নিজৰ মাজতে খুন্দিয়াই বহুতো ডুব গ’ল।য’ত নাছিল কোনো ধৰণৰ জলবায়ুৰ কু- প্ৰভাৱ,তীব্ৰবেগী বতাহ,অন্ধকাৰচ্ছন্ন ডাৱৰ।তেনেই সাধাৰণভাৱেই ডুব গৈছিল জাহাজ ইখনৰ সৈতে সিখনৰ খুন্দাত । এই এলেকা আছিল মিলিটেৰীৰ, সেইবাবেই এই স্থানৰ ফাইল বিস্তাৰ হ’ব নিদি বন্ধ কৰি দিয়া হ’ল । যাক ভাৰতৰ বাৰ্মুদা ট্ৰায়েংগল বুলি ক’ব পাৰি।এই ঠাইতো দুখন জাহাজৰ খুন্দা এইকাৰণেই হয় যে ঝাৰখণ্ডৰ জাদুগৰাৰ ওচৰত বৃহৎ ৰেডিঅ’ একটিভ সামগ্ৰী ইউৰেনিয়াম আছে যাৰ দ্বাৰা ইলেট্ৰনিক সামগ্ৰীক হাই ৰেডিঅ’শ্বন হ’লে বৃহৎ প্ৰভাৱ পৰে যাৰ জৰিয়তে ইলেকট্ৰনিক চিষ্টেম কাম নকৰা হয়।তেনেক্ষেত্ৰত নেভিগেচন বিকল হৈ দুয়োখন জাহাজৰ নেভিগেচন একেটা ডাইৰেক্সনত দেখুওৱাৰ ফলত খুন্দা মাৰে।এই তিনিটা ট্ৰায়েংগল পৃথিৱীৰ একে অক্ষাংশৰ স্থানত আছে । এইক্ষেত্ৰত অন্য কোনো ঐশ্বৰিক শক্তিৰ প্ৰভাৱ থকাতো সম্ভৱ নহয় ।

(উৎসঃ- ইণ্টাৰনেট গুগোল, ইউটিউব চেনেল আন আন বিশেষজ্ঞৰ কিছু লেখাৰ দ্বাৰা তথ্য যুগুতোৱা হৈছে)