বামুন্দী মহাবিদ্যালয়ত মাধ্যমিক চূড়ান্ত পৰীক্ষা কেন্দ্ৰ স্থানান্তৰ কৰিব লোৱা সিদ্ধান্তত শিক্ষাৰ্থী আৰু পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- বামুন্দী মহাবিদ্যালয় খনত অঞ্চলটোৰ বহু দুখীয়া ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি বিভিন্ন চৰকাৰী উচ্চ পদত মকৰল হৈ থকাৰ লগতে বিভিন্ন কর্মত অধিষ্ঠিত হৈ আছে।কিন্তু ১৯৯০ চনৰ পৰা বামুন্দী মহাবিদ্যালয় (কনিষ্ঠ)ত অনুষ্ঠিত হৈ থকা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কেন্দ্ৰটো মহাবিদ্যালয়খনৰ পৰা ১৫ কিঃমিঃ দূৰত স্থানান্তৰ কৰিবলৈ ওলোৱা হঠকাৰী সিদ্ধান্তত তীব্র ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজ, ছাত্ৰ সন্থা আৰু অঞ্চলটোৰ সচেতন নাগৰিকে।পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই মহাবিদ্যালয়খনৰ চৌহদত পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু মহাবিদ্যালয়খনৰ ছাত্র সমাজে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি তীব্র ক্ষোভ প্ৰকাশ কৰে।নে সিদ্ধান্তক পুনৰ বিবেচনা কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা কেন্দ্ৰটো মহাবিদ্যালয়খনতে ৰাখিবলৈ শিক্ষামন্ত্রী তথা বিভাগীয় কর্তৃপক্ষক – দাবী উত্থাপন কৰে। বামুন্দী মহাবিদ্যালয়ৰ (কনিষ্ঠ) পৰীক্ষা কেন্দ্ৰটো মহাবিদ্যালয়খনৰ পৰা স্থানান্তৰ কৰিবলৈ ওলোৱা সিদ্ধান্তত কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি ভৱজ্যোতি দাস আৰু সাধাৰণ সম্পাদক পংকজ কলিতাই তীব্র ক্ষোভ প্রকাশ কৰি সিদ্ধান্তটোক পুনৰ বিবেচনা কৰিবলৈ দাবী জনাইছে।