বান শিবিৰত থকা প্ৰতি গৰাকী শিক্ষাৰ্থীলৈ ১০০০ টকাকৈ সাহায্য ঘোষণা

pc Northeast Now

বান শিবিৰত থকা প্ৰতি গৰাকী শিক্ষাৰ্থীলৈ ১০০০ টকাকৈ সাহায্য ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  বানত ঘৰ ক্ষতিগ্ৰস্ত হোৱা পৰিয়াললৈ বিশেষ পদক্ষেপ মুখ্যমন্ত্ৰীৰ।বানাক্ৰান্ত ৰাইজক ক্ষতিপূৰণ দিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ।ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি আৰু বানপীড়িত লোকসকললৈ আগবঢ়োৱা সাহায্য ব্যৱস্থাৱলী পৰ্যালোচনা কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ভিডিঅ’ কনফাৰেন্সিংযোগে উপায়ুক্তসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷কোনো ব্যক্তিয়েই যাতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰিবলগীয়া সাহায্যৰ পৰা বঞ্চিত হ’ব লগা নহয় সেয়া সুনিশ্চিত কৰিবলৈ উপায়ুক্তসকলক মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে৷ ১৫ জুলাইৰ আগত ক্ষতিগ্ৰস্ত ঘৰৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷বান সাহায্য শিবিৰত থকা বানাক্ৰান্তই লাভ কৰিব ৩৮০০কৈ টকা৷চৰকাৰে স্থাপন কৰা আশ্ৰয় শিবিৰৰ উপৰি যিসকল লোকে ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লপথ আদিৰ দৰে ঠাইত নিজাববীয়াকৈ আশ্ৰয় গ্ৰহণ কৰি আছে তেনে প্ৰতিটো পৰিয়ালে বস্ত্ৰ,ঘৰুৱা আচ-বাব আদিৰ ক্ষতিপূৰণৰ বাবদ ৩,৮০০ টকাকৈ লাভ কৰিব৷পৰৱৰ্তী ২০ জুলাইৰ পাছত গৃহ ক্ষতিগ্ৰস্ত লোকসকলক সাহায্যৰ ধনৰাশি প্ৰদান কৰা হ’ব৷সমগ্ৰ সাহায্য প্ৰদান তথা পুনৰ সংস্থাপন প্ৰক্ৰিয়াটো অহা ১৫ আগষ্টৰ ভিতৰত যাতে সম্পূৰ্ণ হয় সেয়া সুনিশ্চিত কৰিবলৈ উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে৷আনহাতে বান শিবিৰত থকা প্ৰতি গৰাকী শিক্ষাৰ্থীলৈ ১০০০ টকা সাহায্য ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷শিবিৰ অথবা অন্য স্থানত আশ্ৰয় গ্ৰহণ কৰি থকা বান প্ৰভাৱিত যিসকল ছাত্ৰ-ছাত্ৰীৰ কিতাপ-পত্ৰকে ধৰি প্ৰয়োজনীয় শিক্ষণ আচবাব-পত্ৰ বিনষ্ট হৈছে সেইসকল বিদ্যাৰ্থীৰ পৰৱৰ্তী পৰ্যায়ত অধ্যয়নৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে ১,০০০ টকাকৈ প্ৰদান কৰিব৷ইয়াৰ বাবে ১৫ জুলাইৰ ভিতৰত এখন তালিকা প্ৰস্তুত কৰিবলৈ উপায়ুক্তসকলক মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে৷