বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নোৱাৰি বোলা মুখ্যমন্ত্ৰীৰ বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া জাতীয় পৰিষদৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব নোৱাৰি বা বান সাহায্যৰ বাবদ কেন্দ্ৰই ৰাজ্য়লৈ বিশেষ কোনো অৰ্থনৈতিক পেকেজ আগবঢ়োৱাৰ ব্যৱস্থা নাই বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে৷ দলৰ সভাপৰি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে কেন্দ্ৰৰ পৰা ধন আনিব নোৱাৰাৰ ব্যৰ্থতা ঢাকিবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে চালে-বেৰে কোবোৱা বক্তব্য প্ৰকাশ কৰিছে৷ অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পূৰ্বে সিদ্ধান্ত লৈ থৈছে আৰু দেশৰ অন্য ৰাজ্যক বান সাহায্যৰ বাবদ কেন্দ্ৰীয় চৰকাৰে বিশেষ অৰ্থনৈতিক পেকেজ আগবঢ়াই আহিছে বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে এনে প্ৰেক্ষাপটত মুখ্যমন্ত্ৰীৰ বক্তব্য ভিত্তিহীন৷ উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ১৬ জুলাইৰ দিনা এখন সংবাদমেলৰ আয়োজন কৰি এইবুলি প্ৰকাশ কৰিছিল যে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ কোনো ব্যৱস্থা কেন্দ্ৰীয় দুৰ্যোগ সাহায্য বিধিত উল্লেখ নাই৷ একেদৰে বান সাহায্যৰ বাবদকেন্দ্ৰীয় চৰকাৰে বিশেষ আৰ্থিক পেকেজ প্ৰদানৰো ব্যৱস্থা নাই বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল৷ আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয় যে ৫-৫-২০০৫ তাৰিখে সদৌ অসম ছাত্ৰ সন্থা, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত দিল্লীত অনুষ্ঠিত হোৱা ত্ৰিপাক্ষিক বৈঠকত বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ উক্ত বৈঠকৰ সিদ্ধান্ত অনুসৰি অসম চৰকাৰে বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ সেই সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰৰ বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছিল৷ দিল্লীৰ ত্ৰিপাক্ষিক বৈঠক আৰু বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশৰ সমগ্ৰ প্ৰক্ৰিয়াৰ সৈতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিল৷ সেয়ে এতিয়া নিজে মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁ এনেদৰে ওলোটা খৰ মৰাটো আশ্চৰ্যজনক আৰু দুৰ্ভাগ্যজনক৷আনহাতে বান-গৰাখহনীয়াত বিশেষভাৱে ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যসমূহলৈ কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে সাহায্য আৰু পুন ৰসংস্থাপনৰ বাবদ বিশেষআৰ্থিক পেকেজ আগবঢ়োৱাৰ বহুত উদাহৰণ আছে বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে বিগত বৰ্ষত (২০২১) কৰ্ণাটক, মধ্য প্ৰদেশ, উত্তৰাখণ্ড, গুজৰাট আৰু পশ্চিম বংগত বান পৰিস্থিতি মোকাবিলাৰ বাবত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰসমন পুঁজি (NDRF)ৰ অধীনত ৩,০৬৩.২১ কোটি টকা মোকলাই দিছিল৷ গুজৰাটৰ বানাস্কন্ট আৰু পাটান জিলাত হোৱা প্ৰৱল বানৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে উক্ত দুই ৰাজ্যলৈ ১,৫০০ কোটি টকাৰ বিশেষ পেকেজ আগবঢ়াইছিল৷ ২০১৮ চনত কেৰালাত অহা ভীষণ বানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনলৈ ৫০০ কোটি টকাৰ বিশেষ পেকেজ আগবঢ়াইছিল৷ ২০১৫ চনৰ কাশ্মীৰৰ বিধ্বংসী বান মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বাবে ২,৪৩৭ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিছিল৷ ২০১৩ চনত উত্তৰাখণ্ডত হোৱা প্ৰলয়ংকৰী বান আৰু খহনীয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনলৈ ১০০০ কোটি টকাৰ বিশেষ আৰ্থিক পেকেজ আগবঢ়াইছিল৷ পিছলৈ কেন্দ্ৰীয় চৰকাৰে উক্ত পেকেজৰ ধন বৃদ্ধি কৰি পৰৱৰ্তী তিনিটা বিত্তীয় বৰ্ষত ৰাজ্যখনলৈ মুঠ ১,৮৮৪.৯২ কোটি টকা মোকলাই দিছিল৷ কেন্দ্ৰীয় চৰকাৰে অসমৰ ক্ষেত্ৰত সদায়ে মাহী আইৰ দৃষ্টি নিক্ষেপ কৰি ৰাজ্যখনক অৱজ্ঞা কৰি অহা বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে আচলতে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনলৈ বিশেষ আৰ্থিক পেকেজ আগবঢ়োৱাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰক সৈমান কৰিব নোৱাৰি নিজৰ গা বচাবলৈ এনেদৰে চালে-বেৰে কোবোৱা বক্তব্য প্ৰদান কৰিছে৷ আনহাতে, বানপানী সমস্যাৰ স্থায়ী সমাধান কৰাটো বিজেপি দলৰ অন্যতম প্ৰধান নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী – তিনিওগৰাকী শীৰ্ষ বিজেপি নেতাই অসমলৈ আহি ইছৰ’ৰ বিজ্ঞানীসকলে প্ৰস্তুত কৰা আৰ্হিৰেঅসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধান কৰা হ’ব বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছিল৷ এনে প্ৰেক্ষাপটত, অসমৰ মুখ্যমন্ত্ৰীয়ে বান সমস্যা সমাধান কৰাটো সম্ভৱ নহয় বুলি কৰা মন্তব্য তেওঁলোকৰ দলৰ প্ৰাক-নিৰ্বাচনী ঘোষণা আৰু দলীয় স্থিতিৰ বিৰোধী৷ নিজৰ স্বভাৱসিদ্ধ বাক-চাতুৰ্যৰে মূল বিষয়ৰ পৰাৰাইজৰ দৃষ্টি আঁতৰাই নিয়াৰ মুখ্যমন্ত্ৰীৰ কৌশলে ৰাজ্যখনৰ সাধাৰণ ৰাইজৰ একো উপকাৰ নকৰে বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ নিজৰ আৰু দলৰ পূৰ্বৰ ঘোষণা আৰু প্ৰতিশ্ৰুতি অনুসৰি বানপানী-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰি তাৰ স্থায়ী সমাধানৰ ব্যৱস্থা হাতত লবলৈ কেন্দ্ৰক বাধ্য কৰোৱা আৰু অসমৰ বান-গৰাখহনীয়াত আক্ৰান্ত লোকৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক পতিয়ন নিওৱাৰ ব্যৱস্থা হাতত লবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়৷