মাতৃভাষাৰ বিদ্যালয়ক নিঃশেষ কৰি ব্যক্তিগত বিদ্যালয়ক প্ৰাধান্য

Pc India Today

মাতৃভাষাৰ বিদ্যালয়ক নিঃশেষ কৰি ব্যক্তিগত বিদ্যালয়ক প্ৰাধান্য

ৰঙিলী বাৰ্ত্তাসেৱা-  মাতৃভাষাৰ মাধ্যমক নিঃশেষ কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক ব্যৱসায়ৰ পথ সুগম কৰি দিব খুজিছে হিমন্ত বিশ্ব শৰ্মাই৷-এই মন্তব্য তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ দিলীপ শৰ্মাৰ৷আজি এক প্ৰেছ বিবৃতি যোগে শৰ্মাই কয়- জাতি, মাটি ভেঁটিৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰে অসমৰ ভাষা-সাহিত্য-সংস্কৃতিক চৰম উপহাস কৰি আহিছে৷ দিল্লীক খুছ কৰিবলৈ পূৰ্বৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰ আৰু বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমীয়া ভাষাটোক বাৰে বাৰে আক্ৰমণ কৰি গৈছে৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক কাকতখন প্ৰত্যাহাৰ কৰা হ’ল৷ নতুনকৈ কোনো স্কুল প্ৰাদেশীকিকৰণ কৰা নহ’ব বুলি সিদ্ধান্ত লোৱাৰ পিছতে এইবাৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অংক আৰু বিজ্ঞানৰ মাধ্যম ইংৰাজী কৰিব খুজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেবিনেট সিদ্ধান্ত লৈছে৷ মুখ্যমন্ত্ৰীৰ এনে সিদ্ধান্তবোৰ প্ৰত্যক্ষ কৰি এনে লাগিছে যেন অসমত এখন জাতি বিৰোধী মাতব্বৰী চৰকাৰ চলি আছে৷ দিল্লীৰ আজ্ঞাবাহী ভৃত্যৰ দৰে দিল্লীয়ে যি কয় মুখ্যমন্ত্ৰীয়ে তাকেই কৰিবলৈ উঠি-পৰি লাগিছে৷ যদি অসমীয়া ভাষাটোকে এনেদৰে অন্যায় কৰা হয় তেন্তে জনগোষ্ঠীসমূহৰ ভাষাসমূহৰ বেলিকা হ’ব কি৷ এটা সময়ত মুখ্যমন্ত্ৰীয়ে চিকিৎসা-অভিযান্ত্ৰিক শিক্ষা অসমীয়া মাধ্যমত দিম বুলি কৈ দম্ভালি মাৰি খবৰ কাকতৰ শিৰোনাম দখল কৰিছিল৷ প্ৰকৃততে হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে অসমবাসীৰ পৰা মতামত গ্ৰহণ কৰিব লাগিছিল৷ কিন্তু ৰাইজৰ মতামত লোৱাৰ পূৰ্বে একনায়কত্ববাদী সিদ্ধান্ত লৈ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ অসমীয়া মাধ্যমক জীয়াই ৰাখিবলৈ দীৰ্ঘ্যম্যাদী নীতি অবিহনে হঠাতে মাধ্যম সলনি কৰি কমবয়সীয়া ছাত্ৰ-ছাত্ৰীসকলক গিনিপিগ সজাবলৈ এনে কাম কৰা হৈছে৷ অসম তৃণমূল কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়াকৈ প্ৰশ্ন কৰিছে যে আপুনি ইংৰাজী মাধ্যমৰ শিক্ষক ক’ৰ পৰা আনিব৷ পূৰ্বে শিক্ষকতা কৰি থকা শিক্ষসকলক ইংৰাজী মাধ্যমত পঢ়ুৱাবলৈ পাৰ্গত কৰিবৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে নে কি? আমি জনাত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তেনে কোনো কাম নকৰাকৈ নিজ খেয়ালখুচি মতে মাতৃভাষাক নিঃশেষ কৰিব খুজি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক শিক্ষাৰ নামত ব্যৱসায় কৰাৰ পথ সুগম কৰি দিব খুজিছে৷ কিন্তু অসমৰ মানুহে এনে অসম বিৰোধী নীতিক মানি নলয়৷ ইয়াৰ দ্বাৰা মাতৃভাষাৰ মাধ্যম নিশকতীয়া হৈ পৰিব৷ ব্যক্তিগত বিদ্যালয়ৰ আধিপত্য বৃদ্ধিৰ ফলত চৰকাৰী স্কুল ককবকাব লাগিব৷ মুঠতে দেখা যায় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাক ক্ৰমে বিলুপ্ত কৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে৷ অসমত অসম তৃণমূল কংগ্ৰেছে ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা কোনোকাৰণত ধ্বংস হ’ব নিদিয়ে৷ তাৰ পৰিৱৰ্তে ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ সমস্যাসমূহ আতৰাই সাধাৰণ পৰিয়ালৰ সন্তানে পঢ়িব পৰাৰ সু-ব্যৱস্থা কৰক চৰকাৰে৷