বাতিল হ’ল ৰাজ্যৰ ৮ খন মহাবিদ্যালয়লক বিশ্ববিদ্যালয়লৈ উন্নীত কৰণৰ প্ৰক্ৰিয়া 

বাতিল হ’ল ৰাজ্যৰ ৮ খন মহাবিদ্যালয়লক বিশ্ববিদ্যালয়লৈ উন্নীত কৰণৰ প্ৰক্ৰিয়া 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ ৮ খন মহাবিদ্যালয়লক বিশ্ববিদ্যালয়লৈ উন্নীত কৰণৰ প্ৰক্ৰিয়া বাতিল হ’ল। ২০২৩-২৪ বৰ্ষৰ বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগে ৰাজ্যৰ মুঠ ৮ খন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছিল। সেই মহাবিদ্যালয় কেইখন আছিল ক্ৰমে, শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাওঁ মহাবিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, নগাওঁ মহাবিদ্যালয় আৰু গুৰুচৰণ মহাবিদ্যালয়। বাজেট দাখিলৰ সময়ছোৱাত বিত্তমন্ত্ৰীৰ এই ঘোষণাই ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।মহাবিদ্যালয় কেইখনক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে এক জাননীৰ জৰিয়তে সেই সিদ্ধান্ত বাতিল কৰিছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰে আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কবিতা ডেকাই বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কথা ঘোষণা কৰা ৮ খন কলেজলৈ এক জাননী প্ৰেৰণ কৰি পূৰ্বৰ সিদ্ধান্ত বাতিলৰ কথা অৱগত কৰিছে।