বাজেটত যুৱক-যুৱতী,শিক্ষাৰ্থী,মহিলা আৰু চৰকাৰী কৰ্মচাৰীলৈ আছে ভাল খবৰ

বাজেটত যুৱক-যুৱতী,শিক্ষাৰ্থী,মহিলা আৰু চৰকাৰী কৰ্মচাৰীলৈ আছে ভাল খবৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ২০২১ চনৰ ১০ মে’ৰ পৰা চৰকাৰী খণ্ডত ৪১,৯২০ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। ইয়াৰ উপৰি চৰকাৰে আৰু ৪০ হাজাৰ চাকৰিত নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। শীঘ্ৰে এই পৰ্যায়ো সমাপ্ত হ’ব।অহা তিনি বছৰত ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ১ লাখ যুৱক–যুৱতীক কিস্তি হিচাপত ২ লাখ টকাকৈ এককালীন পুঁজি আগবঢ়োৱাৰ প্ৰস্তাৱ বাজেটত।আন এক লাখ যুৱক–যুৱতীক এমএছএমই আৰু আন খণ্ডৰ লগত জড়িত প্ৰকল্পৰ বাবে ৰাজসাহায্য আগবঢ়োৱা হ’ব।২ লাখ নিবনুৱাক নিয়োগ সৃষ্টিকাৰীলৈ ৰূপান্তৰ কৰাৰ বাবে বাজেটত ১০০০ কোটি টকাৰ আবণ্টন।আনহাতে মহিলাৰ ক্ষেত্ৰত এইবাৰ বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।এইবাৰৰ বাজেটত ৩০ লাখ মহিলাক উদ্যমী ৰূপে গঢ়াৰ লক্ষ্য লৈছে চৰকাৰে।তাৰ বাবে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যই এজেহাৰকৈ টকা লাভ কৰিব।ঋণ ঘূৰাই নিদিয়াৰ বাবে বেংক একাউণ্ট বন্ধ হৈ যোৱা দুৰ্দশাগ্ৰস্ত আৰু অভাৱগ্ৰস্ত মহিলাক ২৫ হাজাৰ টকা পৰ্যন্ত প্ৰদান কৰা হ’ব।অৰুণোদয় নোপাৱা বিধৱা মহিলাই প্ৰতি মাহে ১,২৫০ টকাকৈ লাভ কৰিব। এই অৰুণোদয় আঁচনিৰ ধন এই বৰ্ষৰ শেষৰ ফাললৈ বৃদ্ধি পাব। বাজেট খনত অসমৰ চৰকাৰী চাকৰিয়াললৈ এক ভাল খবৰ আছে। ‘আপোন বাহন’ আঁচনিৰ সুবিধা পাব চৰকাৰী চাকৰিয়ালে।লগতে বাহন কিনাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে ২ শতাংশ ঋণ ৰেহাই লাভ কৰিব।