বাউলি ফাগুন
দিন দুপৰতে কলীয়া মেঘে ওন্দোলাই ধৰা
আকাশখনে যেন
উশাহ লব নোৱাৰি উকমুকাইছে,,
হয়টো এয়া বৰষা ৰ আগজাননী।।।
সৌ দূৰৰ আকাশত উৰি থকা চৰাইজাকে যেন হঠাতে
নিজ বাঁহলৈ প্ৰাণতাকি উৰিছে
কিবা যেন এক বিপদৰ আশংকা
হয়,এয়া যেন ফাগুনী পাঁচোৱা ৰ আগমন।
পথাৰত চৰিবলৈ দিয়া গৰুৰ জাকটোৱে যেন
উন্মাদ হৈ ইফালৰ পৰা সিফালে দৌৰিছে
দামুৰী পোৱালি কেইটাইও যেন
একাদিক্ৰমে মাকৰ পিছ লৈ ঘৰমুৱা হৈছে
গছ,পাত বোৰেও যেন ভয়তে কুচিমুচি
নিজকে সুৰক্ষা দিবলৈ চেষ্টা কৰিছে
যাতে ফাগুনৰ পাঁচোৱাই সিহঁতক
উৰুৱাই নিব নোৱাৰে
ঘৰৰ পিছৰ নদীৰ পাৰৰ পৰা
হোহোৱাই এজাক বতাহ আহি
মেলি থোৱা কাপোৰবোৰ উৰুৱাই নি
চোতালত ওফৰাই পেলালে।
ঘৰৰ মুধচত বাঁহ লোৱা
মমতাৰ আবেগেৰে পৰিপূৰ্ণ
ঘনচিৰিকা চৰাইহালে নিজ পোৱালীকেইটাক
ডেউকাৰে আৱৰি লৈছে
প্ৰাৰ্থনা মাথোঁ এটাই
সকলোকে যেন নেদেখাজনে কুশলে ৰাখে।।।।
অদিতি বৰুৱা