বাঁহী- শৰ্মিষ্ঠা দেৱী

pc Wikipedia

বাঁহী

এন্ধাৰৰ ঢোলত
ঝিলিৰ বুকু ফটা মাত শুনি
উৰি আহিছে
নাচনী সাঁজত
জোনাকী এজাক ।
জান – নিজান ছন্দত
দুলিবলৈ খোজা সপোনবাঁহী
এতিয়া শামুকৰ খোলাত,

সৰাপাতৰ শুকান উচুপনিত একাকাৰ –
যাৰ কান্দোনৰ মাত ।

শৰ্মিষ্ঠা দেৱী