বশিষ্ঠত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

pc- DNP india hindi

বশিষ্ঠত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা – বশিষ্ঠ আৰক্ষীয়ে কালি নিশা অভিযান চলাই গেম ভিলেজৰ সমীপৰ পৰা ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰী দুটা ক্রমে ময়দুল ইছলাম আৰু জুৱলা যাদৱ। ধৃত সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ৪.৬৫ গ্রাম হেৰ’ইন জব্দ কৰে। ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে এন ডি পি এছ এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।