বন্ধুত্ব – হীৰক কলিতা

বন্ধুত্ব

 হীৰক কলিতা , স্নাতক পঞ্চম ষাণ্মাসিক,
অসমীয়া বিভাগ , নলবাৰী মহাবিদ্যালয়

অফিচৰ পৰা আহি ৰুমটোৰ ভিতৰতে সোমাই আছে অনুৰাধা আজি তাইৰ কোনো কামতে মন বহা নাই পুৰণি কথাবোৰ মনত পৰি এবাৰ হাঁহি উঠিছে আকৌ হঠাৎতে‌ মনতো বেয়া লাগিছে । নালাগিবনো কিয় স্মৃতিবোৰে যে এনেকুৱা ।‌ আজি বন্ধুত্ব দিৱস । এবাৰ তাইৰ প্ৰিয় বন্ধু জনলৈ বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনাব নে নাই তাকে ভাবিছে । বন্ধুত্ব , সৰুৰে পৰা আজিলৈ কিমান বন্ধু – বান্ধৱী লগ পালে কিন্তু সকলো বন্ধু – বান্ধৱী আজি জানো তাইৰ লগত আছে ? কিছুমান ভাল বন্ধু – বান্ধৱী বিদ্যালয়ৰ চৌহদতে হেৰুৱাই আহিল , কিছুমান ভাল বন্ধু – বান্ধৱী কলেজৰ পৃষ্ঠাতে হেৰুৱাই আহিল , কিন্তু কিছুমান বন্ধু – বান্ধৱীৰ সৈতে কটোৱা স্মৃতি আজিও অনুৰাধাৰ বুকুৰ একোনত জীয়াই আছে । কিন্তু আজি অনুৰাধাই সেই পুৰণি দিনৰ কথাবোৰ মনত পেলাব ইচ্ছা কৰা নাই । সেমেকা দুচকুৱে কেতিয়াবা বহু কথা কয় কিন্তু নুবুজা মানুহবোৰ আঁতৰি যায় বুজি নাপায় চকুপানীৰ মূল্য লাগিলে সেয়া প্ৰেম নাইবা বন্ধুত্বয়ে হওঁক । অনুৰাধাই এবাৰ আলমাৰিৰ পৰা উলিয়াই লৈছে কলেজৰ শেষৰ দিনটোৰ কাপোৰ যোৰ কিমান স্মৃতি জড়িত হৈ আছে এই কাপোৰ যোৰৰ সৈতে বহুতো বন্ধু – বান্ধৱীয়ে তাইৰ কাপোৰ যোৰত লিখিছিল ” তুমি মোৰ প্ৰিয় বান্ধৱী ” কিন্তু আজি তাইৰ লগত সেই এজনো বন্ধু – বান্ধৱী নাই । কিন্তু তাইৰ আজি বৰকৈ মনত পৰিছে এজন বিশেষ বন্ধুলৈ । অবশেষেত তাই বিচাৰি পালে সেই সৰু আখৰেৰে লিখা এটা সৰু বাক্য ” তুমি ভালে থাকা মোৰ বান্ধৱী ” । দুচকুৰ নৈ খনক তাই ৰখাব নোৱাৰিলে । তাইৰ এটোপ – দুটোপ চকুপানী কাপোৰ যোৰত পৰি জিলিকি উঠিছে সেই বিশেষ নামটোত । প্ৰাঞ্জল , এজন বন্ধু কিন্তু আজিও চোন তাইৰ মনে নকয় প্ৰাঞ্জল যে তাইৰ বন্ধু , হয়তো তাইৰ মনে নামানে প্ৰাঞ্জলক তাইৰ বন্ধু হিচাপে কিন্তু প্ৰাঞ্জলৰ বাবে আজিও অনুৰাধা তাৰ বান্ধৱী । তাইৰ দুচকুৰ ভাষা নুবুজিলে প্ৰাঞ্জলে , নুবুজিলে তাইৰ অনুভৱৰ গভীৰভা । কিন্তু ক’ৰবাত তাইৰ হৃদয়ৰ কোনত আজিও জীয়াই আছে সেই প্ৰাঞ্জল নামৰ সেই বিশেষ মানুহজনৰ বাবে তাইৰ মনত থকা বিশেষ অনুভৱ । কলেজৰ প্ৰতিটো কামতে প্ৰাঞ্জলে তাইক সহায় কৰিছিল , প্ৰাঞ্জলে বুজিছিল তাইৰ সুখ – দুখৰ কথাবোৰ । কিন্তু এতিয়া তাই বুজিছে যে প্ৰাঞ্জলৰ অনুভৱৰ বিপৰীতে আছিল অনুৰাধাৰ একপক্ষীয় অনুভৱ । তাই বুজে তাইৰ একপক্ষীয় অনুভৱ‌ । কিন্তু প্ৰাঞ্জলে যে তাইৰ মনৰ অনুভৱ বুজি নাপালে । হেৰাই থাকিল ক’ৰবাত তাইৰ হাঁহিৰে ভৰা লিখা এখন চিঠি । হয়তো আজিও আলমাৰিটোৰ একোনত পৰি আছে সেই অৰ্থহীন শব্দৰ কাগজ খন । কিন্তু আজি সেই চিঠি খন বিচাৰিবলৈ অনুৰাধাৰ মন নাই । অনুৰাধাৰ জন্মৰ পিছতেই তাইৰ মাকৰ মৃত্যু হৈছিল তাই পাঁছ বছৰ বয়স হওঁতে তাইৰ দেউতাৰ এটি পথ দূৰ্ঘটনাত মৃত্যু হ’ল আৰু তাৰ পিছৰে পৰা ককাক – আইতাকৰ লগত থাকিয়েই অনুৰাধা ডাঙৰ – দীঘল হ’ল । সুখ লিখা নাই অনুৰাধাৰ ভাগ্যত তথাপিও ভগবানে ইমান খিনি দিছে সেয়াই তাইৰ বাবে যথেষ্ট । মানুহবোৰ ভিতৰি ভিতৰি মৰে, ভিতৰি ভিতৰি মানুহবোৰে নিজৰ মাজতে চিঞৰে কিন্তু বাহিৰত ফুলি থাকে এটি সূৰুযমুখী ফুলৰ দৰে , এজাক উৰণীয়া চৰাই দৰে , কিন্তু চৰাইৰ জীৱনটো দুখ থাকে কথাবোৰ তাই বুজে, বাস্তৱে তাইক জীয়াই থাকিবলৈ শিকাইছে । অফিচৰ কাপোৰ যোৰ খুলি মুখ – হাত ধুই আহি অনুৰাধাই দুচকু মুদি উভতি গৈছে এটি বিশেষ দিনলৈ –

ৰ’দ জাকত জিলিকি উঠিছে তাই ক্লাছলৈ দেৰি হৈছে । দৌৰা – দৌৰি কৰি কেনেবাকৈ ক্লাছটো পালে , দিনটোৰ প্ৰথম ক্লাছটো শেষ হ’ল । দ্বিতীয় ক্লাছটো ক্ষন্তেক সময়ৰ পিছতে আৰম্ভ হ’ব । এনেতে তাইৰ বান্ধৱী ৰশ্মিয়ে খুব আনন্দৰে তাইক ক’লে তাই হেনো আজি ক্লাছ শেষ হোৱাৰ পিছত কলেজৰ চৌহদতে থকা কেন্টিনলৈ যাব অনুৰাধাৰ যাবলৈ মন নাছিল যদিও ৰশ্মিৰ অনুৰোধত যাবলৈ মান্তি হ’ল । দ্বিতীয় ক্লাছটো শেষ হোৱাৰ পিছতে দৌৰা – দৌৰিকৈ ৰশ্মিয়ে অনুৰাধাৰ হাতত ধৰি খৰকৈ কেন্টিনৰ ফালে টানি লৈ গ’ল । ৰশ্মিৰ আনন্দৰ কাৰণ হয়তো অনুৰাধাই জানে নিশ্চিয় ক’ৰবাত কিবা ডাঙৰ ঘটনা ঘটিছে নাইবা তাই পৰিয়ালৰ সৈতে নতুন ঠাইলৈ ফুৰিব যাব । তাইৰ দৌৰা দৌৰি – দেখি অনুৰাধাৰ মনতে হাঁহি উঠিছে যদিও তাই বুজে বান্ধৱী ৰশ্মিৰ মনত থকা সৰু সৰু কথাবোৰ তাইৰ সুখ – দুখ সকলো কথা বুজি পোৱা একমাত্ৰ বান্ধৱী হৈছে অনুৰাধা । স্কুলীয়া দিনৰ পৰা আজি পৰ্যন্ত সিহঁত দুয়ো বান্ধৱী , বহুতে ঈৰ্ষা কৰি সিহঁতৰ বন্ধুত্ব ভাঙিবৰ চেষ্টা কৰিছিল যদিও সিহঁতৰ বন্ধুত্ব নাভাঙিল । কেন্টিনৰ ভিতৰত নীৰৱে বহি আছে প্ৰাঞ্জল অনুৰাধাই দূৰৰ পৰা দেখি নাযাও বুলি ক’লে তথাপিও ৰশ্মিৰ বন্ধুত্বৰ খাতিৰত অনুৰাধা কেন্টিনলৈ যাব সাজু হ’ল । অনুৰাধাই জীৱনক লৈ ভবা কথাবোৰ বাস্তৱ হ’ব বুলি তাইৰ কেতিয়াও বিশ্বাস নাই । আজিও সেই একেটা কথাৰে পুনৰাবৃত্তি হ’ল ‌। ৰশ্মিয়ে গৈ প্ৰাঞ্জলৰ সেই একেখন টেবুলতে বহিল আৰু প্ৰাঞ্জলে ক্ষন্তেক সময়ৰ পিছতে তাৰ মনৰ কথা ৰশ্মিক ক’লে হয়তো ৰশ্মিয়ে আগতীয়াকৈ বুজি পাইছিল প্ৰাঞ্জলৰ মনৰ কথা গতিকে ৰশ্মিয়ে উত্তৰ হিচাপে প্ৰাঞ্জলৰ কথাত সঁহাৰি জনালে। ৰশ্মিৰ অন্তৰত লুকাই থকা লাজুকীয়া স্বভাৱৰ বাবে এই বিশেষ দিনটোত তাইৰ সংগী আছিল অনুৰাধা । দুচকুৰে বৈ আহিব ধৰা চকুপানীবোৰ অনুৰাধাই এটি হাঁহিৰে সামৰিছিল । ৰশ্মিৰ দুচকুত আনন্দ দেখি অনুৰাধাৰ মনতো আনন্দ লাগিছিল । কিন্তু মনৰ ভিতৰতে নিঃশব্দে ভাঙিছিল অনুৰাধা…।

আজিও ৰশ্মিৰ সৈতে অনুৰাধা সেই আগৰ দৰে বান্ধৱী হৈ আছে কিন্তু কৰ্ম স্থলীয়ে দুয়োকে পৃথক কৰিলে  । আজিও প্ৰাঞ্জলে কেতিয়াবা কথা পাতে অনুৰাধাৰ লগত এজনী ভাল বান্ধৱী হিচাপে । কিন্তু হৃদয়ৰ একোনত পৰি থাকিল অনুৰাধাৰ একপক্ষীয় অনুভৱৰ ৰেঙণি হয়তো ৰশ্মিয়ে নুবুজিলে অনুৰাধাৰ মনৰ কথা । কিছুমান মানুহ কেতিয়াবা শব্দ নোহোৱাকৈ ভাঙে কিন্তু বাহিৰত পিন্ধি লয় হাঁহি নামৰ এখন মুখা । আজি বহু বছৰৰ পিছত হয়তো অনুৰাধাৰ মনত পৰিছে সেই বিশেষ ব্যক্তি প্ৰাঞ্জলৰ নাম । আজিও তাইৰ লগত আছে সি কলেজৰ শেষৰ দিনটোত তাইৰ কাপোৰ যোৰত লিখা সৰু আখৰ কেইটা । হঠাৎতে মোৱাইত প্ৰাঞ্জলৰ মেচেজ ” বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালোঁ অনুৰাধা , আমাৰ বন্ধুত্ব চিৰদিনলৈ থাকক । ”  উত্তৰ হিচাপে অনুৰাধাই ক’লে ” ধন্যবাদ , তোমাকো বন্ধুত্ব দিৱসৰ শুভেচ্ছা জনালোঁ । ” আৰু উভতি আহিল অনুৰাধাৰ এখন বাস্তৱ পৃথিৱীলৈ।