বনকৰা ছোৱালীজনী – আয়নাল হক

Pc Pngtree
বনকৰা ছোৱালীজনী
আয়নাল হক,ধুবুৰী 
আপোন বুলি ভাবি
তাই আন্তৰিকতাৰে
কাম কৰিছিল
নতুন ঘৰখনত,
মালিকনীয়ে কিন্তু তাইক
সহজে নল’লে
নিজৰ বুলি মনত।
পদে পদে আসোঁৱাহ
খোজে প্ৰতি গালি
মালিকনীৰ দৃষ্টিত
তাই মাথোঁ
বনকৰা ছোৱালী ।
পুৱাৰ পৰা গধূলিলৈকে
কাম কৰে তাই
তথাপিও বাকীবোৰে তাইক
কাম চুৰ সজায়।
খাবলৈ বিচাৰিলে
কেটেৰাহে মাৰে
মনৰ দুখত তাই
চকুপানী টুকে।
সকলো সহিও তাই
নাপায় ভাল মাত
বনকৰা ছোৱালী হৈ
থকাটোৱেই যেন পাপ।