বড়ো নেতা হাগ্ৰামা মহিলাৰীৰ জীৱন আধাৰিত গ্ৰন্থ ‘শৈশৱ-সংগীত-সংগ্ৰামৰ মাজেৰে হাগ্ৰামা মহিলাৰী’ উন্মোচন

বড়ো নেতা হাগ্ৰামা মহিলাৰীৰ জীৱন আধাৰিত গ্ৰন্থ ‘শৈশৱ-সংগীত-সংগ্ৰামৰ মাজেৰে হাগ্ৰামা মহিলাৰী’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ৰাজনীতি তথা বড়ো আন্দোলনৰ এগৰাকী অবিসম্বাদী তথা বহুচৰ্চিত নেতা হাগ্ৰামা মহিলাৰীৰ জীৱনক লৈ বিশিষ্ট সাংবাদিক স্বপ্না বেজবৰুৱাই লিখা ‘শৈশৱ, সংগীত-সংগ্ৰামৰ মাজেৰে হাগ্ৰামা মহিলাৰী’ শীৰ্ষক গ্ৰন্থখন  গুৱাহাটীৰ অসম সাহিত্য সভাৰ নেহা আগৰৱালা সভাকক্ষত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়৷ প্ৰজ্ঞা মিডিয়াহাইপে প্ৰকাশ কৰা গ্ৰন্থখন উন্মোচন কৰে ক্ৰমে পদ্মশ্ৰী মঙ্গল সিং হাজোৱাৰী, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো, বিশিষ্ট সাহিত্যিক ড° ৰাণী মুদিয়াৰ ডেকা, বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত, বিশিষ্ট ৰাজনীতিক দুৰ্গা দাস বড়োৱে ৷ গ্ৰন্থখনে বড়ো আন্দোলনৰ প্ৰভাৱশালী নেতাজনৰ বহু অনাৱিষ্কৃত দিশৰ উন্মোচন ঘটাব বুলি উন্মোচকসকলে মন্তব্য কৰে৷ পদ্মশ্ৰী হাজোৱাৰীয়ে কয় যে এই কিতাপখনৰ জড়িয়তে স্বপ্না বেজবৰুৱাই এজন সংগ্ৰামী নেতাৰ জীৱনৰ ওপৰত আলোকপাত কৰা কাৰ্য অতিশয় আদৰণীয়৷ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৱে বড়োসকলৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ কাৰণ আৰু হাগ্ৰামা মহিলাৰীৰ নেতৃত্বৰ বিষয়ে ব্যাখ্যা কৰি কয় যে এই কিতাপখনৰ জড়িয়তে স্বপ্না বেজবৰুৱাই এটা মহৎ কাম সমাপন কৰা বুলি উল্লেখ কৰে৷