বড়োলেণ্ড বিশ্ববিদ্যালয়ক মাতৃভাষাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ আহ্বান আম আদমি পাৰ্টীৰ

Pc Wikipedia

বড়োলেণ্ড বিশ্ববিদ্যালয়ক মাতৃভাষাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ আহ্বান আম আদমি পাৰ্টীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বড়োলেণ্ড বিশ্ববিদ্যালয়ে শেহতীয়াকৈ স্নাতক পাঠ্যক্ৰমৰ গুৰু বিষয়ৰ পৰীক্ষাৰ উত্তৰ পূৰ্বৰ মাতৃভাষা আৰু ইংৰাজীৰ সলনি অকল ইংৰাজীতে দিয়াৰ নতুন নিয়মক আম আদমি পাৰ্টীয়ে বিৰোধিতা কৰিছে। আজি এক প্ৰেছ বিজ্ঞপ্তিত দলটোৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে কয় যে নতুন শিক্ষানীতিত স্নাতকোত্তৰ পৰ্যায়লৈকে মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে ল’বলৈ অনুপ্ৰাণিত কৰাৰ সময়তে বিশ্ববিদ্যালয়খনৰ এনে সিদ্ধান্ত গ্ৰহণযোগ্য হোৱা নাই। শিক্ষাৰ্থীসকলৰ মাতৃভাষাৰ প্ৰতি এখন বিশ্ববিদ্যালয় কৰ্তৃপক্ষ সংবেদনশীল হোৱা উচিত আৰু এই সিদ্ধান্ত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিষদে বাতিল কৰিব বুলি আশা ব্যক্ত কৰে আম আদমি পাৰ্টীয়ে।