বড়োলেণ্ড আঞ্চলিক পৰিষদ বি টি চিৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন

pc twitter

বড়োলেণ্ড আঞ্চলিক পৰিষদ বি টি চিৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  বড়োলেণ্ড আঞ্চলিক পৰিষদ বি টি চিৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰে। পৰিষদীয় বাজেট অধিৱেশনৰ প্রথম দিনটোত মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে ৩ হাজাৰ ১৫৭ কোটি ৬৬ লাখ টকাৰো অধিক পৰিমাণৰ সাধাৰণ বাজেট উত্থাপন কৰে। বিত্তীয় বৰ্ষটোৰ মুঠ ব্যয়ৰ পৰিমাণ ৩ হাজাৰ ২৭১ কোটি ৪৮ লাখ টকা ধার্য কৰি এই বাজেটত ঘাটিৰ পৰিমাণ ১১৩ কোটি ৬৫ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে। আনহাতে, মুখ্য কার্যবাহী সদস্যগৰাকীয়ে বাজেট প্রতিবেদন পাঠ কৰাৰ পাছত প্রশ্নোত্তৰ কালক গুৰুত্ব নিদি দীঘলীয়া প্রতিবেদন পাঠ কৰাৰ বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰি বিৰোধী দলপতিকে ধৰি বি পি এফৰ পাৰিষদসকলে সদন ত্যাগ কৰে। পাছত প্ৰশ্নোত্তৰ কালত ভাগ লৈ বিৰোধি দলপতি দেবহাছাত্ বসুমতাৰীয়ে বাজেটখনক সমালোচনা কৰে। আনহাতে, বি টি চি পৰিষদীয় সমিতিৰ কাৰ্যবাহী সদস্য গৌতম দাসে বিৰোধীৰ সদন ত্যাগক সমালোচনা কৰি তেওঁলোকক সদনৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়।